অকণিহঁতৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ জগতখন
- শ্ৰীমন্ত ভূঞা, জাৰ্মানী
- Jul 12
- 3 min read

শ্ৰীমন্ত ভূঞা, জাৰ্মানী
🚀 AI মানে কি?
তুমি কেতিয়াবা Alexa ক গান এটা বজাবলৈ কৈছা নেকি? বা YouTube-ত তুমি যেনে ধৰণৰ ভিডিঅ’ চাব খোজা, সেয়া YouTube য়ে নিজেই অনুমান কৰি তোমাক দেখুৱাইছে নেকি কেতিয়াবা? সহজ ভাষাত ক’বলৈ গ’লে, এইবোৰ হ’ল কৃত্ৰিম বুদ্ধিমত্তা বা Artificial Intelligence (AI) ৰ কাম!
AI মানে হৈছে এনেকুৱা কম্পিউটাৰ বা মেচিন যি চিন্তা কৰিব পাৰে, শিকিব পাৰে, আৰু সমস্যাৰ সমাধান কৰিব পাৰে—ঠিক যেনেকৈ মানুহে কৰে!
🕰 AI ৰ ইতিহাস:
বহু বছৰ আগতেই বিজ্ঞানীসকলে ভাবিছিল—“আমি যদি বুদ্ধিমান মেচিন বনাব পাৰোঁ?” এই সপোনে ১৯৫০ চনত নাম পালে: Artificial Intelligence বা কৃত্ৰিম বুদ্ধিমত্তা।
কিছুমান AI সম্বন্ধীয় উল্লেখযোগ্য ঘটনা:
• ১৯৯৭ চনত Deep Blue নামৰ কম্পিউটাৰে বিশ্ব দবাখেল চেম্পিয়ন গেৰী কাস্কপাৰ’ভক হৰুৱাইছিল!
• ২০১১ চনত iPhone-ত Siri আহিল, যিয়ে কথা পাতিব পাৰিছিল।
• ২০২২ চনত ChatGPT আহিল, যিয়ে মানুহৰ দৰে কথা পাতিবলৈ সক্ষম।
🔍 AI আমাৰ চাৰিওফালে বিৰাজমান !
AI-এ বৰ্তমান আমাৰ দৈনন্দিন জীৱনত লাহে লাহে চাৰিওফালে ঠাই লৈছে। যেনে:
📱 Siri, Alexa, Google Assistant আদি মোবাইল ফোনত আমাৰ সহায়ক
📺 YouTube বা Netflix-এ আগতে অনুমান কৰে তুমি কি চাবা!
🎮 কম্পিউতাৰ গেমৰ চতুৰ চৰিত্ৰবিলাক
🛍 অনলাইন দোকানত নিৰ্দিষ্ট মানুহৰ বাবে অহা নিৰ্দিষ্ট পৰামৰ্শবিলাক
🚗 স্বয়ংচালিত গাড়ী অৰ্থাৎ নিজে নিজে চলা গাড়ী (ইতিমধ্যে বজাৰত উপলব্ধ হৈছেই)
🏥 ৰোগ চিনাক্তকৰণত চিকিৎসকৰ সহায় হিচাবে AI
🏫 AI-এ কেনেকৈ শিকে?
AI-এ এনেধৰণে শিকে যেনেকৈ এটা কুকুৰক নতুন খেলা শিকোৱা হয়। প্ৰথমে কিবা এটা দেখুওৱা হয়, তাৰপিছত অনুশীলন কৰোৱা হয় আৰু তেতিয়া ই অলপ অলপকৈ শিকি উঠে।
AI-এ বহু তথ্য পৰ্যবেক্ষণ কৰে, পেটাৰ্ণ শিকি উঠে, আৰু সমস্যাৰ সমাধান কৰিবলৈ শিকে।
উদাহৰণস্বৰূপে, যদি আমি এহেজাৰটা মেকুৰী আৰু কুকুৰৰ ফটো দেখুৱাও, AI-এ চিনিবলৈ শিকিব কোনটো কুকুৰ আৰু কোনটো মেকুৰী। ইয়াক Machine Learning বুলি কোৱা হয়।
❤️ AI-এ আমাক কিদৰে সহায় কৰে?
AI কেৱল আমোদৰ বাবেই নহয়, ই আমাৰ বাবে সহায়কো হয়।
• 🏥 চিকিৎসাৰ ক্ষেত্ৰত ৰোগ চিনাক্ত কৰাত সহায়।
• 🌱 কৃষকসকলক শস্য ভাল পদ্ধতিত কৰিবলৈ সহায়।
• 📚 বিদ্যালয়ত শিকনি সহজ আৰু বেছি আমোদজনক কৰে।
• বৃদ্ধ ব্যক্তিক স্মৃতিচাৰণ কৰিবলৈ সহায় কৰে।
• ৰেষ্টুৰেণ্টত পৰিচাৰক (waiter) হিচাবে সহায়।
• অনলাইন দোকানৰ পৰা বা ৰেষ্টুৰেণ্টৰ পৰা কিনা সামগ্ৰী ঘৰে ঘৰে গৈ বিতৰণ কৰা।
• বতৰৰ আগজাননী দিয়া।
• বহু ডাঙৰ ডাঙৰ বৈজ্ঞানিক গণনা আৰু বিশ্লেষণ কৰা আদি AI ৰ উদাহৰণ।

🤔 AI সদায় সঠিক হয়নে?
নহয়, AI সদায় সঠিক নহ’বও পাৰে। AI-এ যি তথ্য (data) সংগ্ৰহ কৰে, সেয়া ভুল হ’লে ফলাফলো ভুল হ’ব পাৰে। মানুহ হ’ল AI-ৰ শিক্ষক, সহায়ক আৰু পৰ্যবেক্ষক। সেয়েহে AI ক নীতি নিয়মৰ ভিতৰত ৰখাটো খুবেই প্ৰয়োজনীয়।
💡 দুটামান কথা চিন্তা কৰি চোৱাচোন:
যদি AI ক কেৱল মেকুৰীৰ ফটো দেখুৱাই শিকোৱা হয়, ই বাৰু কুকুৰ চিনি পাব নে?
AI-এ কি শিকিব, সেয়া কোনে নিৰ্ধাৰণ কৰে? সেয়া নিশ্চয় মানুহেই নিৰ্ণয় কৰে।
🛠 তুমি নিজে AI বনাব পাৰিবা নে?
অৱশ্যেই! তোমালোকৰ বাবে এনে ধৰণৰ কাম আৰম্ভ কৰিবলৈ সহায় হ’বৰ বাবে কিছুমান সহায়ক website আছে। যেনে:
🧪Teachable machine https://teachablemachine.withgoogle.com/ ফটো আৰু শব্দৰ পৰা শিকোৱা!
🖥️ Scratch.MIT.edu - https://scratch.mit.edu/ তোমাৰ নিজৰ chat bot বনোৱা!
এই website বিলাক ডাঙৰৰ সহায় লৈহে খুলিবা কিন্তু দেই!
🔧 Project idea:
তোমাৰ মুখৰ ছবি লৈ AI-এ চিনি পায় তুমি সুখী নে বিষণ্ণ — চেষ্টা কৰি চাবাচোন!
🌈 AI আৰু আমাৰ ভবিষ্যত:
আহি থকা দিনবোৰত কি হব পাৰে?
🧑🏫 ৰবট শিক্ষক
✈️ উৰিব পৰা গাড়ী
🎨 AI কবি, লিখক
সকলো সম্ভৱ! আৰু তুমি হ’ব পাৰা তেনে কিবা এক নতুন চিন্তাৰ সৃষ্টিকর্তা!
এটা কথা জানিবা- AI এটা শক্তিশালী সঁজুলি। আৰু ডাঙৰ শক্তিৰ লগত আহে ডাঙৰ দায়িত্ব! শক্তিশালী AI-ৰ ব্যৱহাৰ হ’ব লাগিব কেৱল ভাল কামৰ বাবে, মানুহৰ সহায়ৰ বাবে।
AI হৈছে এডাল যাদুৰ মাৰিৰ দৰে শক্তিশালী সঁজুলি, যি আমাক শিকায়, সহায় কৰে, আৰু আনন্দ দিয়ে। কিন্তু, AI-ৰ শক্তি নিৰ্ভৰ কৰে তাক শিকোৱাসকলৰ উদ্যম, চিন্তা, আৰু সৃষ্টিশীলতাৰ ওপৰত।
সেয়ে, যিমান পাৰা জানিবলৈ উৎসুক হোৱা, প্ৰশ্ন সোধা, শিকিবলৈ যত্নপৰ হোৱা আৰু তোমালোকৰ কল্পনাৰ জগতত উৰিবলৈ প্রস্তুত হোৱা!
📚 AIৰ বিষয়ে আৰু সবিশেষ জানিবলৈ ইচ্ছা কৰিলে তলত উল্লেখিত ৱেবচাইট আৰু কিতাপ চাব পাৰা-
🌐 Code.org AI for Kids
📖 কিতাপ: “AI + You”, “How to Train Your Robot”, “Hello Ruby: Journey Inside the Computer”
****************
コメント