গৰমৰ দিনত স্বাস্থ্যৰ যতন কেনেকৈ ল'ব লাগে
- ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য, কাণ্ডিভেলী,মুম্বাই
- Jul 13, 2024
- 3 min read
Updated: Sep 22, 2024

অকণিহঁত, তোমালোক সকলোৱে নিশ্চয় ভালে-কুশলে আছা। এতিয়া সম্ভৱত তোমালোকৰ সকলোৰে স্কুলত গৰমৰ বন্ধ চলি আছে। এইবাৰ সমগ্ৰ বিশ্বতে আগৰ বছৰবোৰতকৈ গৰমৰ প্ৰকোপ বৃদ্ধি হৈছে। ঠায়ে ঠায়ে আকৌ বতাহ, ধুমুহা, বৰষুণ আদিৰ প্ৰকোপো বাঢ়িছে। গতিকে তোমালোকে এই গৰমৰ দিনকেইটাত অতি সাৱধানে থকাটো অত্যন্ত আৱশ্যক।
আজি তোমালোকৰ লগত গৰমৰ দিনত কেনেকৈ স্বাস্থ্য ভালে ৰাখিব পাৰি তাৰ বিষয়ে কিছু আলোচনা কৰিমহঁক দেই। বিশেষকৈ স্বাস্থ্য বুলিলে তোমালোকেনো কি বুজা তাকে আলোচনা কৰিম। বিশ্ব স্বাস্থ্য সংস্থাৰ সংজ্ঞা অনুসৰি কেৱল ৰোগ বা দূৰ্বলতাৰ অনুপস্থিতিয়েই স্বাস্থ্য নহয়; স্বাস্থ্য হ'ল সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতাৰ এটি অৱস্থা মাথোন।
গৰমৰ দিনত সাধাৰণতে হোৱা সমস্যাবিলাক হ'ল চানবাৰ্ণ (Sunburn- সূৰ্য্যৰ তাপত গাৰ চাল পুৰি যোৱা অৱস্হা), ডিহাইড্ৰেশ্যন (Dehydration, শৰীৰত পানীৰ পৰিমাণ কমি যোৱা), ফুড পইজনিং (Food poisoning- খাদ্যৰ বিষক্ৰিয়া আৰু ডায়েৰিয়া (Diarrhoea-পণীয়া শৌচ) আদি।
গৰমৰ দিনত দিন দীঘল আৰু ৰাতি চুটি হয়। অকণিহঁত, তোমালোকে বিশেষকৈ এই সময়তে বেছিকে বাহিৰত খেলা-ধূলা বা ঘূৰা-পকা কৰা বা কৰিবলৈ সময় পোৱা, নহয়নে? গৰমত খেলা-ধূলা কৰোঁতে তোমালোকৰ শৰীৰৰ পৰা প্ৰচুৰ পৰিমাণে পানী ঘাম হৈ ওলাই যায়। ফলত ডিহাইড্ৰেশ্যন বা শৰীৰত পানীৰ পৰিমাণ কমি যোৱাৰ আশঙ্কা বাঢ়ে। পানীৰ লগতে শৰীৰৰ বাবে জৰুৰী খনিজ পদাৰ্থও ওলাই যায়, যাৰ ফলত তোমালোক অসুস্থতাৰ চিকাৰ হ'ব পাৰা। সেয়ে গৰমৰ দিনত যথেষ্ঠ পৰিমাণে পানী গ্ৰহণ কৰা অতিকৈ আৱশ্যক। পানীৰ লগতে ORS (ও আৰ এচ- Electrolytes) মিহলাই, সেই পানী সেৱন কৰিলে, দেহাত পানী আৰু Electrolytes ৰ পৰিমাণ ঠিকে থাকিব। গৰমৰ দিনত নিয়মীয়াকৈ ডাব নাৰিকলৰ পানী গ্ৰহণ কৰিব পাৰিলে খুবেই ভাল। Cold drinks বা বাহিৰৰ বিভিন্ন লোভনীয় পানীয় গ্ৰহণ কৰাটো তোমালোকৰ বাবে খুবেই হানিকাৰক। গৰমত এইবিলাক বস্তু হজম নহয়। ফলত পেটত গেছ হোৱা, Acidity, বমি, পায়খানা আদি নানান ৰকমৰ সমস্যাই দেখা দিব পাৰে।
এইকেইদিনত তোমালোকে সুস্থ-সৱল হৈ থাকিবলৈ হ'লে, ঘৰত তৈয়াৰ কৰা খাদ্য, ঘৰত তৈয়াৰ কৰা নেমুটেঙা, থেকেৰা, বেল আদিৰ চৰবত গ্ৰহণ কৰা অতিকৈ জৰুৰী। গৰমৰ এই দিনবোৰত, শাক-পাচলিৰ ভিতৰত লাউ, জিকা, ভোল, বীটৰূট আদি, লগতে তিঁয়হ, লেটুচ পাতৰ চালাড আদি খাব লাগেI ফলৰ ভিতৰত তৰমুজ, খৰবুজ আদিয়ে শৰীৰত পানী আৰু ইলেক্ট্ৰ'লাইটৰ ভাৰসাম্য ৰক্ষাত সহায় কৰে।
প্ৰকৃততে, চাবলৈ গ'লে গৰমৰ দিনবিলাক তোমালোকৰ বাবে খুবেই ভাল দিন। সূৰ্য্যৰ ৰশ্মিয়ে দেহত Serotonin নামৰ হ'ৰমন এবিধ উৎপন্ন কৰে; যিটোৱে আমাৰ মানসিক অৱস্হা (Mood) নিয়ন্ত্ৰণ কৰে। সেয়েহে এই দিন কেইটাত তোমালোক খুউব উৎফুল্লিত হৈ থাকা। তাৰোপৰি, বাহিৰত বেছিকৈ খেলাধূলা কৰিলে, শাৰীৰিক স্বাস্থ্য ভাল হয় আৰু ইয়াৰ ফলত মানসিক স্বাস্থ্যও উন্নত হোৱাত অৰিহণা যোগায়। মাত্ৰ, দেহাত যাতে বেমাৰ-আজাৰ জাতীয় সমস্যাই দেখা নিদিয়ে, তাৰ প্ৰতি কিছু সতৰ্কতা অৱলম্বন কৰা জৰুৰী। ৰ'দত বেছিকৈ খেলা-ধূলা কৰিলে বা বেছি সময় ৰ'দত থাকিলে Sunburn হোৱাৰ আশংকা থাকে। গতিকে, পৰাপক্ষত দিনৰ এঘাৰ বজাৰ পৰা আবেলি চাৰি বজালৈকে তোমালোকে বাহিৰলৈ নোলাবা বা কম ওলাবা। আৰু বাহিৰলৈ ওলাব লগা হ'লেও, গাত Sun protection lotion লগাইহে বাহিৰলৈ ওলোৱাটো জৰুৰী।
তদুপৰি, এই গৰমৰ দিনকেইটাত সম্পূৰ্ণ কপাহী কাপোৰৰ গা-ঢাক খোৱা পোচাক পিন্ধিলে Sunburn আৰু অন্যান্য Skin infection, যেনে, fungal infection, Skin rash হোৱাৰ সম্ভাৱনা কম হয়।
সাধাৰণতে গৰমৰ দিনতে মহ আৰু বিভিন্ন ধৰণৰ কীট-পতঙ্গয়েও কণী পাৰি বংশ বৃদ্ধি কৰে। তোমালোকে ঘৰৰ বাহিৰত খেলাৰ সময়তেই হওক বা ঘৰৰ ভিতৰতে হওক, এইবোৰৰ কামোৰ (Insect bite) ৰ পৰা নিজকে বচাই ৰখা অতিকৈ প্ৰয়োজন।
এই মহ, কীট-পতঙ্গ আদিৰ পৰা বাচি থকাৰ উপৰিও, আগতে আলোচনা কৰা অইনবোৰ সমস্যাৰ পৰা নিয়ন্ত্ৰণ বা ৰক্ষা পাবলৈ তলত দিয়া ধৰণৰ ব্যৱস্থা লোৱাটো নিতান্তই জৰুৰী:
দিনত আৰু ৰাতি শুবৰ সময়ত কপাহী আৰু আৰামদায়ক কাপোৰ পিন্ধা দৰকাৰ।
যথেষ্ঠ পৰিমাণৰ ফল-মূল নিয়মিত ভাৱে খোৱা প্ৰয়োজন।
প্ৰত্যেক দিনাই অন্ততঃ এবাৰ, পাৰিলে দুবাৰ গা ধোৱা উচিত।
পুষ্টিকৰ খাদ্য, আৰু পাৰিলে নিৰামিষ খাদ্য খোৱা ভাল।
ঘৰতে তৈয়াৰ কৰা চৰবত, ফলৰ ৰস, দৈৰ ঘোল খালে গা জুৰ পৰি থাকিব।
বাহিৰৰ তৈয়াৰী খাদ্য, কল্ড ড্ৰিঙ্কচ, ফাষ্টফুড (Fast food) ফ্ৰীজৰ পানী, বৰফ এৰাই চলিলে ভাল।
পৰাপক্ষত ফ্ৰীজৰ পৰা উলিওৱা পুৰণা খাদ্য নোখোৱাই ভাল। তেনে খাদ্যত গৰমৰ বাবে নানান ধৰণৰ জীৱানু থাকিব পাৰে।
প্ৰখৰ ৰ'দত ঘৰৰ বাহিৰলৈ বিশেষকৈ এঘাৰ বজাৰ পৰা আবেলি চাৰি বজালৈকে পৰাপক্ষত ওলাই নোযোৱাই ভাল। খেলা-ধূলা বা ফুৰিবলৈ ওলাই গ'লে, গাত চানস্ক্ৰীণ ক্ৰীম (Sunscreen cream) আৰু Insect repellent cream লগোৱা অৱশ্যেই খুউব দৰকাৰ।
বাহিৰলৈ যোৱাৰ সময়ত তোমালোকে চানগ্লাচ (Sun glasses) আৰু টুপী পিন্ধিলে, ৰ'দৰ প্ৰকোপৰ পৰা নিজকে বচাব পাৰিবা।
আজিলৈ স্বাস্থ্য সম্বন্ধে ইমানখিনিকে ক'লো। নতুন বিষয় এটা লৈ পুনৰ তোমালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে, আজিলৈ সামৰো দেই।
ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য,
কাণ্ডিভেলী,মুম্বাই
************
Comments