top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

প্ৰেমৰ সাগৰ ৰতন টাটা চাৰ

  • Writer: ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য,  কাণ্ডিভেলী,মুম্বাই
    ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য, কাণ্ডিভেলী,মুম্বাই
  • Jan 9
  • 3 min read

Updated: Jan 10

শত কৌটি প্ৰণাম         🙏🙏
শত কৌটি প্ৰণাম 🙏🙏

ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য, মুম্বাই

 

হেল্ল’ অকণিহঁত, কেনে আছা তোমালোক?


উৎসৱমুখৰ পৰিবেশ সাম কটাৰ লগেলগে আহি পৰা ঠাণ্ডা বতৰৰ আমেজ লৈ তোমালোক সকলোৱে নিশ্চয় ভালে আছা। গনেশ চতুৰ্থী, দূৰ্গা পূজা, দীপাৱলী আদিত তোমালোকে নিশ্চয় খুব ফূৰ্তি কৰিলা। নতুন নতুন কাপোৰ, বিভিন্ন প্ৰকাৰৰ খোৱা-বোৱাৰ সম্ভাৰ, গান-বাজনা, দীপাৱলীত ফটকা ফুটোৱা, ফুলজাৰী জ্বলোৱা, ৰংচঙীয়া চাকি, মমবাতি আৰু নানান ধৰণৰ মিঠাইৰ পয়োভৰ, বছৰৰ এই কেইটা দিন আনন্দ উপভোগৰ মাজেদি কেনেকৈ পাৰ হৈ যায় ধৰিবলৈয়ে কঠিন। পিছে এইবাৰ এনে সময়তে আমি আমাৰ মাজৰ পৰা এনে এজন মহান ব্যক্তিক হেৰুৱালোঁ যাৰ তুলনা কেৱল ভগৱানৰ লগতহে কৰা যায়।  

 

দিন হঠাৎ থমকি ৰ’ল, আমি নিঠৰুৱা হৈ পৰিলোঁ। তোমালোকে ধৰিব পাৰিছানে মই কাৰ কথা কৈছোঁ? তেখেত হ'ল, ভাৰতৰ নিভাজ ৰত্ন স্বনামধন্য ৰতন টাটা চাৰ, সম্পূৰ্ণ নাম ৰতন নেভাল টাটা। ৯ অক্টোবৰ ২০২৪ ত মুম্বাইৰ ব্ৰীচ কেণ্ডি চিকিৎসালয়ত তেখেতে ৮৬ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে।

 

তেখেতে আমাৰ দেশৰ কাৰণে, সমাজৰ কাৰণে যিখিনি কাম কৰি থৈ গ'ল, তাৰ বাবে তেখেত সদায়ে ধ্ৰুৱ তৰাৰ দৰে জিলিকি থাকিব। তেখেতৰ মৃত্যুত সমগ্ৰ ভাৰতৰ, আনকি পৃথিৱীৰ মানুহ বিচলিত হৈ পৰিল। বহু মানুহ কান্দোনত ভাগি পৰিল। চাৰ ৰতন টাটা হয়তো প্ৰথমজন ধনী ব্যক্তি আছিল যি জনৰ মৃত্যুত পৃথিৱীৰ সকলোৱে অনুভৱ কৰিলে যে, আজি আমি প্ৰকৃত অৰ্থত এজন ভাল মানুহ হেৰুৱালোঁ। কোনেও হয়তো এইটো নক’লে যে আজি আমি এজন বহু ধনী ব্যক্তিক হেৰুৱালোঁ।

 

আমাৰ দেশৰ কাৰণে তেখেতৰ যি অৰিহণা সেয়া কৈ শেষ কৰিব নোৱাৰি। এনে এজন উদাৰ, দয়ালু মানুহ বিচাৰিলেও হয়তো পোৱা নাযাব। তেখেতৰ বিশাল ব্যৱসায়, সমাজ সেৱাৰ লগতে আৰু এটা বিৰল দিশ আছিল, সেইটো হৈছে জীৱ জন্তুৰ প্ৰতি থকা প্ৰেম। বিশেষকৈ কুকুৰৰ প্ৰতি থকা তেখেতৰ প্ৰেম, ভালপোৱাৰ বিষয়ে বহু গল্প আছে।

 

এবাৰ টাটা চাৰ গোৱা (Goa) লৈ গৈ থাকোঁতে ৰাস্তাৰ কাষতে এটা কুকুৰ পোৱালি দেখা পায়। তেখেতে গাড়ীৰ পৰা নামি গৈ তাক মৰম কৰে আৰু কিছু খোৱাবস্তু দি আহি পুনৰ গাড়ীত উঠি বহেহি। কিন্তু পোৱালিটো আঁতৰি নগৈ তেখেতৰ পিছে পিছে  গাড়ীলৈকে  আহে। ৰতন টাটাৰ তাৰ প্ৰতি ইমানেই মৰম সোমালে যে তাক কোলাত লৈ গাড়ীত বহিলহি আৰু ঘৰলৈ লৈ আহিল। তাক গোৱালৈ যাওঁতে পাইছিল বাবে নাম ৰাখিছিল ‘গোৱা’।

 

অকণমানি গোৱাই ৰতন টাটাৰ ঘৰ আৰু হৃদয় দুয়ো দখল কৰি বহিছিল। তেখেত ঢুকোৱা দিন পৰ্যন্ত ছাঁটো হৈ লগত আছিল। ৰতন টাটাৰ মৃত্যুৰ পাছত তিনি দিনলৈকে একো খোৱা নাছিল। তেখেতেৰ পাৰ্থিৱ শৰীৰৰ ওচৰলৈ যেতিয়া গোৱাক অনা হ'ল, সি নেজ জোঁকাৰি জোঁকাৰি যেন কিবা ক'ব বিচাৰিলে। পাছত বহু কষ্টেৰে তাক তাৰ পৰা আঁতৰাই নিয়া গৈছিল। এয়া আছিল দুই আত্মাৰ এক অপূৰ্ব প্ৰেমৰ সম্পৰ্ক। গোৱা ভালে থাকক, ভগৱানৰ ওচৰত এয়ে প্ৰাৰ্থনা জনাওঁ আহাহঁক।

 

৬ ফেব্ৰুৱাৰী ২০১৮ চন, গ্ৰেট ব্ৰিটেইনৰ ৰাজকোঁৱৰ প্ৰিন্স চাৰ্লচে ব্ৰিটিছ এচিয়ান ট্ৰাষ্টৰ ফালৰ পৰা চাৰ ৰতন টাটাক ‘লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড’ দি সন্মানিত কৰিব বিচাৰিলে। তাৰবাবে লণ্ডনত সকলো যা- যোগাৰ আৰম্ভ হৈ গ'ল। তেনে সময়তে তেখেতৰ  পোহনীয়া কুকুৰ টেঙ্গ’ আৰু টিটোৰ ভিতৰত কোনোবা এটাৰ বেমাৰ হৈ খুব শোচনীয় অৱস্থা হ'ল। ইচ্ছা কৰিলে তেখেতে কামৰ মানুহৰ হাতত কুকুৰটোক গতাই লণ্ডনত অনুষ্ঠিত কৰা সেই অনুষ্ঠানলৈ সন্মান ল'বলৈ যাব পাৰিলেহেঁতেন । কিন্তু তেখেত নগ'ল। সন্মানতকৈ পুত্ৰসম কুকুৰটোৰ ওচৰত থকাটোহে তেখেতে বেছি প্ৰয়োজন বুলি বিবেচনা কৰিলে। এই কথা যেতিয়া প্ৰিন্স চাৰ্লচক জনোৱা হ'ল, তেখেতে অকণমানো আঘাত নাপালে বা ক্ষোভ প্ৰকাশ নকৰিলে। তাৰসলনি চাৰ ৰতন টাটাৰ প্ৰতি তেখেতৰ সম্মান দুগুনে বাঢ়িহে গ'ল। তেখেতে চাৰ ৰতন টাটাৰ বিষয়ে কি ক’লে, তেখেতৰ ভাষাতে মই লিখিছোঁ- that's the man Ratan is...that's why the house of Tata, what it is...that's why it is in stable course.

 

চাৰ ৰতন টাটাৰ জীৱ জন্তুৰ প্ৰতি থকা অগাধ প্ৰেম আৰু দায়িত্ববোধৰ উমান পোৱা যায় তেখেতে কৰি থৈ যোৱা উইলখনৰ পৰা। তেখেতৰ পোহনীয়া কুকুৰকেইটাৰ সীমাহীন যত্ন আৰু প্ৰতিপালনৰ কাৰণে উইলত উল্লেখ কৰি থৈ গৈছে আৰু সেইখিনি ৰূপায়িত কৰাৰ দায়িত্ব তেখেতৰ দীৰ্ঘদিনৰ বাবুৰ্চী ৰাজন শ্ব’ ৰ হাতত অৰ্পিত কৰি থৈ গৈছে।


আহা আমি সকলোৱে মিলি এনে এজন মহান ব্যক্তিৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰোঁহঁক।



**************

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page