top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

ভাৰতৰ এগৰাকী ছাত্ৰী আবিস্কাৰক

  • Writer: সুৰাইয়া জাহান, মুম্বাই
    সুৰাইয়া জাহান, মুম্বাই
  • Jan 8
  • 2 min read
শ্ৰীমতী আঁচল সিঙ,  আবিস্কাৰক ছাত্ৰী
শ্ৰীমতী আঁচল সিঙ, আবিস্কাৰক ছাত্ৰী

সুৰাইয়া জাহান, মুম্বাই


ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ বাৰাণসী চহৰৰ এগৰাকী ছাত্ৰী শ্ৰীমতী আঁচল সিঙে (Aanchal Singh) ভাৰতৰ প্ৰধান মন্ত্ৰীৰ ‘মেক ইন ইণ্ডিয়া’ৰ উদ্যোগত অনুপ্ৰাণিত হৈ স’লাৰ কুলিং বটল বেল্ট (Solar Cooling Bottle Belt) নামৰ এটি যন্ত্ৰ আৱিষ্কাৰ কৰিছিল যাৰ দ্বাৰা গৰমত পানী ঠাণ্ডা কৰিব পাৰি। এই আৱিষ্কাৰে মানুহক ফ্ৰিজ (Refrigerator) নোহোৱাকৈ সৌৰ শক্তিৰ সহায়ত বটলত পানী ঠাণ্ডা ৰাখিবলৈ সুবিধা দিয়ে।

     

আঁচল সিঙৰ দেউতাকে মহাৰাষ্ট্ৰৰ কল্যান নামৰ চহৰৰ এটা পেট্ৰল পাম্প ষ্টেচনত চাকৰি কৰে। আঁচল সিঙ কল্যান চহৰৰে এখন মহাবিদ্যালয়ত কমাৰ্চ শাখাৰ প্ৰথম বছৰৰ স্নাতক শ্ৰেণীত পঢ়ে। সচৰাচৰ দেখা যায় যে আৱিষ্কাৰসমূহ প্ৰয়োজনতহে  কৰা হয়। আঁচলে বহুবছৰৰ পৰা দেখি আহিছে যে তাইৰ দেউতাকে গৰমত পেট্ৰল পাম্পত দিনত  কাম কৰে অথচ খাবলৈ ঠাণ্ডা পানীৰ সুবিধাকণ পোৱা নাই। দেউতাকে গৰমৰ পৰা কিছু হাত সাৰিবলৈ আৰু এইক্ষেত্ৰত দেউতাকক পাৰ্য্যমানে সহায় কৰিবলৈ কমাৰ্চ কলেজৰ স্নাতক শ্ৰেণীৰ ছাত্ৰী আঁচলে বহুতো কিতাপ-পত্ৰ পঢ়ি, কিছু গবেষণা কৰি আৰু এই বিষয়ত জ্ঞানী শিক্ষক সকলৰ পৰা জ্ঞান আহৰণ কৰিলে। তেতিয়া আঁচল সিঙে সূৰ্য্যৰ কিৰণে ঠাণ্ডা কৰা এই বেল্ট (Solar Cooling Belt) আৱিষ্কাৰ কৰিবলৈ থিৰ কৰিলে।

           

এই যন্ত্ৰটো যিকোনো পানীৰ বটল বা চৰবতৰ বটলৰ লগত বাহিৰৰ ফালে বান্ধি দিয়া হয় আৰু বটলটো সূৰ্য্যৰ পোহৰত ৰখা হয়। সূৰ্য্যৰ পোহৰ পাই যন্ত্ৰটোয়ে প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু বটলৰ ভিতৰত থকা পানী ঠাণ্ডা কৰে। যেতিয়া কাঢ়া ৰ'দত খোজকাঢ়ি, চাইকেলৰে অথবা মটৰ চাইকেলেৰে বাটেদি ক'ৰবালৈ যোৱা হয়, সেই সময়তো এই যন্ত্ৰটো সহজে ব্যৱহাৰ কৰিব পৰা যায়। তীক্ষ্ণ ৰ’দত ঘুৰি থকা মানুহে এইদৰে এই যন্ত্ৰটো নিজৰ পানীৰ বটলত বান্ধি লৈ গলে, ঠাণ্ডা পানী নিজৰ বটলটোৰ পৰাই খাব পাৰিব। এক লিটাৰ পানী চোকা ৰ'দত ঠাণ্ডা হবলৈ প্ৰায় এক ঘণ্টামান সময় লাগে।

           

শ্ৰীমতী আঁচলে এই যন্ত্ৰটোৰ কাৰিকৰী দিশটোৰ বিষয়ে এইদৰে বুজায় যে ইয়াত এখন তাপেৰে ঠাণ্ডা হোৱা তাপীয় থালি (Thermal Cooling Plate) আৰু এখন সৌৰ শক্তিৰে ঠাণ্ডা কৰা ফেন (Solar Cooling Fan) লগোৱা আছে। এই তাপীয় থালিখন আৰু সৌৰ ফেনখন কোনো পানীৰ বটলৰ বাহিৰৰ ফালে এটা ঘড়ীৰ দৰে লগোৱা হয় এডাল ৰবৰৰ বেল্টৰ দ্বাৰা। যন্ত্ৰটোৱে সূৰ্য্যৰ পোহৰত কাম কৰে। ৰবৰৰ বেল্টত লগোৱা সৌৰ ফেনখনে সূৰ্য্যৰ পোহৰৰ পৰা সৌৰশক্তি আহৰণ কৰে আৰু যেতিয়া বটলৰ বাহিৰত তাপ বাঢ়ে তেতিয়া যন্ত্ৰটোয়ে বটলৰ ভিতৰত থকা পানী ঠাণ্ডা কৰে। যিমানেই সূৰ্য্যৰ তাপ বেচি হয় সিমানেই সোনকালে পানী ঠাণ্ডা হয়।

 

এই মডেলটো আৰু উন্নতমানৰ কৰিবলৈ তেওঁ উত্তৰ প্ৰদেশৰ মীৰাত নামৰ ঠাইত থকা 'মীৰাত ইনস্টিটিউট অফ ইঞ্জিনিয়রিং অ্যান্ড টেকনোলজি (MIET) কলেজত থকা 'অটল কমিউনিটি ইনোভেশন সেন্টাৰত গৈ প্রয়োজনীয় শিক্ষক আৰু বৈজ্ঞানিকৰ সাহায্য বিচাৰে আৰু সাহায্য পাবলৈ সক্ষম হয়।


যিহেতু এই যন্ত্ৰটো সাজিবলৈ বেচি খৰচ নপৰে, সেয়ে কম দামতে মানুহে যন্ত্ৰটো কিনিব পাৰে। যিসকল মানুহ ফ্ৰিজ কিনিবলৈ অসক্ষম তেওঁলোকৰ বাবে ঠাণ্ডা পানী খাবলৈ এইটোৱেই সহজ উপায়।

          

আঁচলে দুমাহৰ ভিতৰত এই যন্ত্ৰটো তৈয়াৰ কৰি উলিয়াইছিল তিনি - চাৰি হেজাৰ টকাৰ খৰচত।

           

আমি সকলোৱে শ্ৰীমতী আঁচল সিঙক চালাম জনাইছোঁ, তেওঁ আমাৰ দেশৰ কম আয় কৰা লোকসকলৰ সুবিধাৰ কাৰণে আবিস্কাৰ কৰা এই যন্ত্ৰটোৰ বাবে।


************

留言


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page