top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

শাৰীৰিক সংস্পৰ্শলৈ নহাকৈ শস্যত কীটনাশক পদাৰ্থ প্ৰয়োগৰ প্ৰকল্প

  • Writer: শ্ৰেয়াংখী চৌধুৰী, নয়ডা
    শ্ৰেয়াংখী চৌধুৰী, নয়ডা
  • Jul 12, 2024
  • 2 min read

Updated: Sep 22, 2024

ree

শ্ৰেয়াংখী চৌধুৰী, নৱম শ্ৰেণী

এ.পি.জে স্কুল, নয়ডা

প্ৰকল্পৰ নাম (Project Title): চাইকেলত সংযোজিত ব্যৱস্থাৰ সহায়ত শাৰীৰিক সংস্পৰ্শলৈ নহাকৈ শস্যত কীটনাশক পদাৰ্থ প্ৰয়োগ। (Touchless pesticides spray bicycle)

 

পৰিচয় (Introduction) : কীটনাশক হৈছে এনে ৰাসায়নিক পদাৰ্থ যিবোৰ ব্যৱহাৰ কৰি ক্ষতিকাৰক কীট-পতংগ আৰু পোক-পৰুৱাক নিধন কৰা হয়। শস্যৰ ক্ষতি কৰিব পৰা কীট-পতংগ ধ্বংস কৰিবলৈ এইবোৰ পদাৰ্থ কৃষকসকলে কৃষিক্ষেত্ৰত ব্যাপকভাৱে ব্যৱহাৰ কৰে। কিন্তু কীটনাশকত ব্যৱহৃত ৰাসায়নিক পদাৰ্থবোৰ অতি বিষাক্ত যাৰ সংস্পৰ্শলৈ আহিলে ব্যৱহাৰ কৰা লোকৰ ক্ষতি হ’ব পাৰে। তেনে সমস্যাৰ পৰা হাত সাৰিবলৈকে এই ব্যৱস্থা বা প্ৰকল্পটো সাজি উলিওৱা হৈছে, যাতে কীটনাশক দ্ৰব্য শস্যক্ষেত্ৰত প্ৰয়োগ কৰাৰ সময়ত শাৰীৰিক সংস্পৰ্শলৈ আহিব নোৱাৰে।

 

বিৱৰণ (Description): পথাৰত কীটনাশক ছটিয়াবলৈ চাইকেল এখনত লগোৱা ই এটা সহজ মেচিন ব্যৱস্থা বা প্ৰকল্প। এই প্ৰকল্পটো সাজোতে  এটা ফালক্ৰাম (Fulcrum), এটা ৱান ৱে চেক ভাল্ভ (One-way Check Valve), কিছুমান নলী (Pipes), এটা পাত্ৰ (One tank), আৰু এটা পাৰস্পৰিক পাম্প  (Reciprocating pump) ব্যৱহাৰ কৰা হৈছে।  এই ব্যৱস্থাটোত স্প্ৰে পাম্প আৰু চাইকেলৰ পেডেল লিভাৰৰ মাজত ফালক্ৰাম লগোৱা হয়। চাইকেলৰ কেৰিয়াৰত পাত্ৰটো (Tank) লগোৱা হয়, যিটোত কীটনাশক দ্ৰব্য ৰখা হয় আৰু সেই দ্ৰব্যকেই স্প্ৰে পাম্পৰ সহায়ত ছটিয়াই পথাৰৰ কীট-পতঙ্গ নাশ কৰা হয়।

 

বিন্যাস চিত্ৰ (Layout diagram) : 


ree

(1) পাত্ৰ

(2) পাইপ

(3) ৱান ৱে চেক ভালভ

(4) পাৰস্পৰিক পাম্প

(5) ফালক্ৰাম

(6) চাইকেলৰ পেডেল এছেম্বলি

 

উপাদানসমূহৰ তালিকা (List of Components):

 

১) কীটনাশকৰ পাত্ৰ: ই হৈছে পুনঃব্যৱহাৰ কৰিব পৰা বাগিচাৰ স্প্ৰে-বটল বা পাত্ৰ, যিটো কীটনাশক দ্ৰব্য ৰখা পাত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়।

ree

২) পাৰস্পৰিক পাম্প: ই হৈছে ফাকুৱা খেলিবলৈ ব্যৱহৃত পানী-বন্দুকৰ দৰে এটা পুনঃব্যৱহাৰ কৰিব পৰা পাৰস্পৰিক (Reciprocating) পাম্প।

ree

৩) চেক ভালভ :পাকঘৰৰ RO ফিল্টাৰত ব্যৱহাৰ কৰা পুৰণি ভাল্ভ এটাকে ইয়াত ৱান ৱে চেক ভাল্ভ হিচাপে ব্যৱহাৰ কৰা হৈছে।

ree

৪) পাইপ: পাকঘৰৰ RO পানী ফিল্টাৰত ব্যৱহৃত পুৰণি পাইপবোৰকে প্ৰকল্পটোৰ বাবে পাইপ হিচাপে ব্যৱহাৰ কৰা হৈছে।


ree

৫) পেডেল এছেম্বলি: চাইকেলৰ পেডেল এছেম্বলি ব্যৱহাৰ কৰি এই প্ৰকল্পটোত ৰেচিপ্ৰ'কেটিং পাম্পটো চলোৱা (motion) হয়।


ree

           

 ৬) ফালক্ৰাম এচেম্বলি: আয়তাকাৰ কাঠদুটুকুৰামান জোৰা লগাই ফালক্ৰাম এচেম্বলি (Fulcrum assembly) টো তৈয়াৰ কৰি লোৱা হৈছে।

ree

  

৭) মাউণ্টিং ব্ৰেকেট: এই প্ৰক্ৰিয়াটোত কাঠৰ টুকুৰা কেইটামান মাউণ্টিং ব্ৰেকেট হিচাপে ব্যৱহাৰ কৰা হৈছে।


ree

কামৰ নীতি (Working Principle): ফালক্ৰাম ব্যৱস্থাৰ সহায়ত, বাই-চাইকেলৰ ভৰিৰ পেডেলৰ বৃত্তাকাৰ গতি পাৰস্পৰিক গতিলৈ সংক্ৰমিত হৈ পাৰস্পৰিক পাম্পটো চলায়। ফিড পাম্পৰ পিষ্টন সম্প্ৰসাৰণৰ সময়ত পাম্পটোৱে পাত্ৰটোৰ (Tank) পৰা পাইপৰ মাজেৰে কীটনাশক দ্ৰব্যখিনি একমুখী চেক ভালভৰ জৰিয়তে টানি ল'য়। এই একমুখী চেক ভালভৰ কাৰ্য্যই তৰল কীটনাশকক স্প্ৰে কৰিবলৈ চিলিণ্ডাৰটোৰ সঙ্কোচনৰ সময়ত কীটনাশক দ্ৰব্য পুনৰ টেংকলৈ ঘূৰি যোৱাৰ প্ৰবাহটো সীমিত কৰে। এনেদৰে ৱান ৱে ভাল্ভটো এবাৰ খুলি আৰু এবাৰ বন্ধ কৰি  কীটনাশক দ্ৰব্যখিনি পথাৰত ছটিয়াব পাৰি।

 

সুবিধা (Advantages): এই মেচিন ব্যৱহাৰ কৰাৰ লাভজনক দিশটো হৈছে, ইয়াৰ সহায়ত বিপজ্জনক কীটনাশক দ্ৰব্যৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ নহাকৈয়ে সহজতে পথাৰত যিকোনো কীটনাশক দ্ৰব্য ছটিয়াই ‌পোক-পতঙ্গৰ পৰা পথাৰৰ শস্য ৰক্ষা কৰিব পাৰি।


প্ৰকল্পৰ একত্ৰীকৰণ (Assembling of the Project) :


ree

অংশসমূহৰ একত্ৰীকৰণ (Assembled of the Parts):


ree

অংশসমূহৰ একত্ৰীকৰণ  (Assembled of the Parts):

ree

কীটনাশক স্প্ৰে চাইকেলৰ প্ৰ’ট’ টাইপ (Proto type of the  Pesticide  Spray Bicycle):

ree

***********

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page