শ্ৰদ্ধেয় যুগললোচন দাসদেৱৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ
- যুগললোচন দাস, গুৱাহাটী
- Jan 9
- 7 min read
Updated: Jan 12

(মাননীয় শ্ৰীযুত যুগললোচন দাসদেৱৰ সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে 'সূৰুযমুখী' ই-আলোচনীৰ মাননীয় উপদেষ্টা শ্ৰীযুত যোগানন্দ মহন্তদেৱে।)
বৰ্তমান অসমৰ শিশু সাহিত্য জগতত যুগললোচন দাস এটি অতি পৰিচিত নাম। ‘সূৰুযমুখী’ আলোচনীখনৰ তৰফৰ পৰা প্ৰথমেই আমি আপোনাক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ।
২০১০ চনৰ পৰা সাহিত্য অকাডেমিয়ে অসমীয়া ভাষাৰ শিশু সাহিত্যিকসকললৈ শিশু সাহিত্য পুৰস্কাৰ প্ৰদান কৰি আহিছে। ২০১৮ চনত ‘সোণবালি বাগিচাৰ ভূত’ নামৰ উপন্যাসখনৰ কাৰনে আপোনাক এই পুৰস্কাৰ প্ৰদান কৰা হয়। তাৰকাৰণে ‘সূৰুযমুখী’ৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
‘সূৰুযমুখী’ৰ হৈ আমাৰ নৱ-প্ৰজন্মৰ কাৰণে, লগতে আলোচনীখনৰ লগত জড়িত সকলোৰে জ্ঞাতাৰ্থে আপোনাৰ পৰা কেইটামান কথা জানিবলগীয়া আছে। আশা কৰো আপোনাৰ বহুমূলীয়া সময় অকণ দি নিম্নলিখিত প্ৰ্শ্নকেইটাত কিছু আলোকপাত কৰি আমাক কৃতাৰ্থ কৰিব :
১) প্ৰশ্ন : আপোনাৰ ‘সোণবালি বাগিচাৰ ভূত’ নামৰ উপন্যাসখনৰ পটভূমি আৰু কি কাহিনীৰ ওপৰত ভিত্তি কৰি ৰচিত তাৰ বিষয়ে অলপ ক’ব নেকি?
উত্তৰ: প্ৰথমে মই 'সূৰুযমুখী' আলোচনীখলৈ আন্তৰিক শুভকামনা জনাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিশুসকলৰ বাবে মই অভিযানমূলক কাহিনী লিখি বেছি ভাল পাওঁ। আমাৰ অসমীয়া শিশু সাহিত্যত মৌলিক অভিযান কাহিনী বা গ্ৰন্থ বৰ বেছি নাই। অভিযানমূলক কাহিনীবোৰে শিশু-কিশোৰৰ বুদ্ধিমত্তা আৰু অনুসন্ধিৎসু মনৰ বিকাশ ঘটোৱাত সহায় কৰে। সেয়ে মই এই দিশত অধিক গুৰুত্ব দি কেইটামান কাল্পনিক কিশোৰ চৰিত্ৰ সৃষ্টি কৰি এলানি কাহিনী ৰচনা কৰিছোঁ। তাৰ ভিতৰত 'শংকৰ আৰু কিংকৰ' অন্যতম। ১৪-১৫ বছৰীয়া দুটি অনুসন্ধিৎসু তথা কৌতুহলী মনৰ বুধিয়ক, সাহসী আৰু আত্মবিশ্বাসী কিশোৰ। এই চৰিত্ৰ দুটাক লৈয়েই ২০১১ চন মানৰ পৰা 'অকণিৰ অগ্ৰদূত' নামৰ অধুনালুপ্ত শিশু আলোচনীৰ বিহু আৰু পূজাৰ বিশেষ সংখ্যাত অভিযানমূলক উপন্যাস লিখিবলৈ লৈছিলোঁ।
সমাজৰ কিছুমান অপশক্তি, জীৱ-জন্তুৰ চোৰাং ব্যৱসায়ী, শিশু অপহৰণকাৰী, মানৱদেহৰ অংগ সৰবৰাহকাৰী, ভূত-ডাইনী আদি অন্ধবিশ্বাস প্ৰচাৰ কৰি ভীতিগ্ৰস্ত কৰা এচাম দুষ্ট লোকৰ বিৰুদ্ধে অভিযানত নামে শংকৰ-কিংকৰ। নিজৰ বুদ্ধিমত্তা, সাহসক আশ্ৰয় কৰি কৌশলেৰে অভিযান চলাই সফল হয়। এই ক্ষেত্ৰত তেওঁলোকক সহায় কৰে আৰক্ষী বিষয়া গদাধৰ মামাই। বাগিচাৰ সহজ সৰল মানুহখিনিৰ মাজত ভূতৰ অন্ধবিশ্বাস আৰু ভয় বিয়পাই মানুহ অপহৰণ কৰি তেওঁলোকৰ অংগৰ চোৰাং ব্যৱসায় কৰা এটা দুষ্টচক্ৰৰ বিৰুদ্ধে শংকৰ- কিংকৰে চলোৱা অভিযানক লৈ মূল কাহিনী 'সোণবালি বাগিচাৰ ভূত'। এই উপন্যাসখনত মুঠ তিনিটা অভিযানৰ কাহিনী আছে। 'সোণবালি বাগিচাৰ ভূত'ৰ লগতে আছে 'লাড়ু গোপাল ৰহস্য' আৰু 'কেবিন নম্বৰ ২৫'। মন্দিৰ- নামঘৰৰ বিগ্ৰহ আৰু অন্যান্য মূল্যবান সামগ্ৰীৰ চুৰিকাণ্ডৰ বিষয় লৈ শংকৰ- কিংকৰৰ অভিযান কাহিনী 'ড়ু গোপাল ৰহস্য'। আনহাতে গাড়ীচোৰৰ এটা চক্ৰ উৎখাতৰ কাহিনীক লৈ শংকৰ-কিংকৰৰ অভিযান কাহিনী হ'ল 'কেবিন নম্বৰ ২৫'। কাহিনীকেইটিত গদাধৰ মামাৰ জৰিয়তে হাস্যৰসো দিবলৈ চেষ্টা কৰিছোঁ। তদুপৰি নিজৰ দেশ, সমাজ আৰু ঠাইক ভাল পোৱাৰ লগতে অপশক্তিৰ বিৰুদ্ধে সকলোকে সজাগ-সচেতন হৈ থকাৰ বাৰ্তা দিয়াৰ চেষ্টা কৰা হৈছে।
ভাল খবৰটো হ'ল যে 'সোণবালি বাগিচাৰ ভূত' উপন্যাসখন সাহিত্য অকাডেমিয়ে ভাৰতৰ ২৪ টা ভাষালৈ অনুবাদ কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে হিন্দী ভাষাৰ অনুবাদ গ্ৰন্থখন প্ৰকাশ পাইছে। এইটো অসমীয়া শিশু সাহিত্যৰ বাবে ভাল খবৰ।
২) প্ৰশ্ন : শিশু সাহিত্য বিভাগত এই অকাডেমি বঁটাৰ উপৰিও শিশু সাহিত্য ৰচনাৰ স্বীকৃতি স্বৰূপে আপোনালৈ আৰু কিবা বঁটা প্ৰদান কৰা হৈছে নেকি?
উত্তৰ: ২০১৬ চনত বৰপেটা সাহিত্য সভাৰ ‘কৰুণা দত্ত সোঁৱৰণী শিশু সাহিত্য বঁটা’ই মোৰ শিশু সাহিত্যলৈ প্ৰথম ৰাজ্যিক স্বীকৃতি। মোৰ আন এখন অভিযানমূলক শিশু উপন্যাস 'দুঃসাহসী চাংটনৱে'ৰ বাবে এই বঁটা লাভ কৰিছিলোঁ। ২০১৭ চনত নগাঁৱৰ অকণিৰ সাহিত্য সভাই আমাক প্ৰদান কৰে 'অসমীয়া শিশু সাহিত্য বঁটা ২০১৭'। ২০১৮ চনত সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটাই মোক ৰাষ্ট্ৰীয় স্বীকৃতি দিয়ে। ২০২১ চনত সদৌ অসম আহোম সভাই শিৱসাগৰত প্ৰদান কৰে ‘পানীন্দ্ৰনাথ গগৈ সোঁৱৰণী শিশু সাহিত্য বঁটা’। এই একেটা বছৰতে নলবাৰীৰ সাহিত্য অনুষ্ঠান গজালিয়ে নলবাৰীত প্ৰদান কৰে ‘ৰুহুনী দত্ত স্মৃতি গজালি শিশু সাহিত্য বঁটা ২০২১’।
তদুপৰি অসমৰ বিভিন্ন অনুষ্ঠানেও আমাক সময়ে সময়ে সন্মান-সম্বৰ্ধনা জনাই আহিছে।
৩) প্ৰশ্ন : আপোনাৰ কোনখিনি অৱদানৰ বাবে এই বঁটাসমূহ লাভ কৰিছে বুলি আপুনি ভাৱে? শিশু সাহিত্যলৈ আপোনাৰ বৰঙণিৰ এটি আভাস দিব নেকি?
উত্তৰ: স্কুলীয়া দিনতে মা-দেউতা, দাদাহঁতে শিশু আলোচনী আৰু সাধুকথাৰ কিতাপবোৰ পঢ়িবলৈ আনি দিছিল। তেতিয়াৰ পৰাই লিখাৰ তীব্ৰ হেঁপাহ হৈছিল। ষষ্ঠ শ্ৰেণীৰ পৰাই লিখা আৰম্ভ। 'অসমবাণী'ৰ 'মইনাচ'ৰা'ত পদ্য ওলাইছিল। সেয়াই আৰম্ভণি। তাৰ পিছত 'সঁফুৰা', 'মৌচাক' আৰু 'মুকুতা'ত লেখা প্ৰকাশ হোৱাত শিশু উপযোগী গল্প, পদ্যৰ লগতে খেল, বিজ্ঞান, অভিযান আদি বিভিন্ন বিষয়ত লিখি আহিছোঁ। পিছলৈ 'ৰংমন'আৰু 'কণকণ' অসমীয়া কমিকছ আলোচনীতো লিখি আহিছোঁ। এতিয়ালৈকে মই যিমানবোৰ সৃষ্টি কৰিছোঁ, সৰহখিনিয়েই মৌলিক। গল্প, উপন্যাস, পদ্য, ধাৰাবাহিক কাহিনীবোৰ যেনে 'ৰংমন'ত 'অঘাইতং ঘিটিলাইৰ অঘটন', ' শংকৰ-কিংকৰৰ অভিযান', 'প্ৰফেছাৰ ৰংমন', 'দুঃসাহসী ডম্বৰু', 'বিক্ৰম-ৰঞ্জন', ' জিলি-মিলি সংবাদ', 'কণকণ'ত 'অৰণ্য-সংবাদ', 'সঁফুৰা'ত 'ফপৰা- সংবাদ', ' মাচু মামাৰ মোচ' আদি এইবোৰ মৌলিক সৃষ্টি। সেইদৰে চাওলুং চুকাফাকে ধৰি ভাৰত আৰু অসমৰ বীৰ-বীৰাংগনাৰ জীৱনী, খেলজগতৰ বিখ্যাত খেলুৱৈৰ জীৱনীও লিখিছোঁ। কিতাপৰ জোখাৰে ৪০ৰ অধিক শিশুগ্ৰন্থ প্ৰকাশ পাইছে। শিশু আলোচনী আৰু বাতৰিকাকতৰ শিশু শিতানত নিয়মীয়াকৈ লিখাবোৰ আছেই। হাজাৰৰো অধিক শিশু-পদ্য ৰচনা কৰিছোঁ। শিশু সাহিত্যৰ সকলো বিভাগতে মোৰ অৱদান আছে। সেইবাবেই স্বীকৃতিসমূহ ৰাইজে দিছে। মই একাণপতীয়াকৈ নিৰৱিচ্ছিন্ন ভাৱে যোৱা ৩৫ বছৰৰ অধিক সময় শিশু সাহিত্য চৰ্চা কৰি আহিছোঁ। তিনিখনকৈ শিশু আলোচনী সম্পাদনাৰ দায়িত্ব লৈছোঁ। 'ৰংমন' আৰু 'মুকুতা'ৰ সহযোগী সম্পাদক হিচাপে অভিজ্ঞতা সঞ্চয় কৰাৰ পিছত 'জিলমিল' নামৰ এখন আলোচনী সম্পাদনা কৰোঁ। তাৰ পিছত বৰ্তমান 'চোতালৰ পখিলা' নামৰ এখন তিনিমহীয়া শিশু- কিশোৰৰ আলোচনী সম্পাদনা কৰি আছোঁ। দুখনকৈ শিশুগ্ৰন্থ 'চোতালৰ পখিলা'ৰ সাধুকথা আৰু 'চোতালৰ পখিলা'ৰ নিৰ্বাচিত শিশু-গল্প সম্পাদনা কৰিছোঁ। সমল ব্যক্তি হিচাপে বিভিন্ন শিশু সাহিত্য কৰ্মশালাত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছোঁ।
৪) প্ৰশ্ন : আপুনি আপোনাৰ কোনখিনি অৱদানৰ বাবে আটাইতকৈ বেছি সুখ অনুভৱ কৰে?
উত্তৰঃ সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত শিশু সাহিত্য ৰচনাই আটাইতকৈ জটিল কাম। সেয়ে দেখাত সহজ যেন লাগিলেও শিশুৰ বাবে লেখাটো কিন্তু সহজ নহয়। এই জটিল কামটো কৰিবলৈ গৈ মই নিজকে এতিয়াও শিশু কৰি ৰাখিছোঁ। তেওঁলোকৰ বিচিত্ৰ কল্পনাৰ মনোজগতখনত অহৰহ বিচৰণ কৰি ফুৰোঁ। সেয়ে শিশুৰ বাবে লিখা প্ৰতিটো লেখাই মোক অনাবিল সুখ দিছে।
৫) প্ৰশ্ন : শিশু সাহিত্য ৰচনাৰ ক্ষেত্ৰত কেনে ধৰণৰ বিষয় বাচনি কৰিব লাগে বা কেনে ধৰণৰ বিষয়ৰ পৰা আতঁৰি থাকিব লাগে?
উত্তৰঃ শিশু কল্পনাপ্ৰৱণ। কৌতূহলী আৰু অনুসন্ধিৎসু মনৰ। সকলো কথাই বিশ্বাস কৰে। তেওঁলোকৰ কোমলীয়া মনে গ্ৰহণ কৰিব পৰা ধৰণে সাহিত্য সৃষ্টি কৰিব লাগে, য'ত তেওঁলোকৰ নিজস্ব জগতখন বিচাৰি পায়। আঢ়ৈৰ পৰা পাঁচ বছৰীয়া শিশুক সাধুকথা শুনাব লাগে। যিহেতু সাধুকথাত নৈতিক শিক্ষা আছে, শিশুৱে তাক গ্ৰহণ কৰাত চৰিত্ৰ গঠনত সহজ হৈ পৰে। বেছি ভয়-ভীতি বা অতিৰঞ্জিত বিষয়বোৰ দিব নালাগে। ঘৰখনত বাপেক মদপী আৰু অত্যাচাৰী এইবোৰ কথা এৰাই চলি ইতিবাচক পৰিৱেশৰ মাজেৰে লেখাবোৰ সৃষ্টি কৰা ভাল।
৬) প্ৰশ্ন : অসমীয়া শিশু সাহিত্য আলোচনী কেইখনমানৰ নাম আমাৰ ‘সূৰুযমুখী’ৰ অকণ-অকণিহঁতৰ জ্ঞাতৰ্থে জনাব নেকি? এই আলোচনীসমূহ পৰা শিশুসকল উপকৃত হৈছে বুলি আপুনি ভাৱেনে? যদি হৈছে, কেনেধৰণে হৈছে অলপ ক’ব নেকি?
উত্তৰ: ১৮৮৬ চনত কৰুণাভিৰাম বৰুৱাৰ সম্পাদনাত 'ল'ৰাবন্ধু' নামেৰে প্ৰথম অসমীয়া শিশু আলোচনীখন প্ৰকাশ পাইছিল। তাৰ পিছত 'অৰুণ', 'দীপক', 'মইনা', ' জোনবাই', 'পাৰিজাত' আদি সময়ে সময়ে শিশু আলোচনীবোৰ প্ৰকাশ পাই থাকিল আৰু নোহোৱাও হৈ থাকিল। ১৯৮২ চনত গুৱাহাটীত ড° ভবেন্দ্ৰনাথ শইকীয়াৰ সম্পাদনাত 'সঁফুৰা' আৰু ১৯৮৪চনত যোৰহাটৰ পৰা শান্তনু তামুলীৰ সম্পাদনাত 'মৌচাক' প্ৰকাশ পোৱাৰ লগে লগে অসমীয়া শিশু আলোচনী জগতত নতুন প্ৰাণৰ সঞ্চাৰ হয়। এই দুখনৰ সমান্তৰালকৈ অসম প্ৰকাশন পৰিষদে সতীশ ভট্টাচাৰ্যৰ সম্পাদনাত ' মুকুতা' নামৰ শিশু আলোচনীখন প্ৰকাশ কৰে। এইকেইখন আলোচনীয়ে একোটা যুগৰ সৃষ্টি কৰি ভালেমান নতুন লেখক-লেখিকাৰ জন্ম দিলে। নিত্য নতুন বিষয়ৰ লেখা প্ৰকাশ হোৱাত শিশু পঢ়ুৱৈসকল উপকৃত হ'ল। গল্প, পদ্যৰ লগতে বিজ্ঞান, গণিত, স্বাস্থ্য, জীৱ-জন্তু, প্ৰকৃতি, পৰিৱেশ, খেল-ধেমালি, কুইজ , বিনোদন , হাস্যৰস, অনুবাদ আদি বিষয়ৰ তথ্য সমৃদ্ধ লেখাই শিশুৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ পৰিসৰ বৃদ্ধি কৰে। 'সঁফুৰা', মৌচাক', 'মুকুতা' পঢ়িয়েই আজি মই নিজকে লেখক হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। জ্ঞানৰ ভাণ্ডাৰ সদৃশ শিশু আলোচনীবোৰে একোজন ভৱিষ্যতৰ মানৱ সম্পদ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বৰ্তমান 'সঁফুৰা', 'মৌচাক', 'ৰংমন' , ' ৰংমেলা’ , হিয়াৰ ৰামধেনু'ৰ লগতে আমাৰ দ্বাৰা সম্পাদিত ' চোতালৰ পখিলা' আলোচনী শিশু- কিশোৰসকলে আদৰি লৈছে। অৱশ্যে আগৰ তুলনাত পঢ়ুৱৈৰ সংখ্যা সন্তোষজনক নহয়।
৭) প্ৰশ্ন : শিশু সকলৰ বাবে প্ৰচাৰিত এখন শিশু আলোচনীৰ লগত শিশুসকলক কেনেকৈ জঢ়িত কৰি অধিক লাভান্বিত কৰিব পাৰি বুলি আপুনি ভাৱে?
উত্তৰ: স্কুলীয়া শিক্ষা আৰম্ভ হোৱাৰ আগতে নিজৰ ঘৰখনেই প্ৰথম যি কোনো শিক্ষাৰ কেন্দ্ৰ। ঘৰখনৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে শিশুৰ মানসিক-বৌদ্ধিক চৰিত্ৰ গঠন। ঘৰখনত কিতাপ অধ্যয়নৰ পৰিৱেশ থাকিলে শিশুটিয়েও কিতাপখন হাতত তুলি ল'বলৈ আগ্ৰহী হৈ পৰে। জনা-বুজা আৰু পঢ়িব পৰা হ'লেই শিশুৰ হাতত তুলি দিব লাগে একোখন শিশু আলোচনী। তেওঁলোকক পঢ়াৰ সুবিধা কৰি দিব লাগে অভিভাৱকে। পঢ়াৰ প্ৰতি আকৃষ্ট হ'লে শিশুৰ কল্পনাপ্ৰৱণ মনটো সক্ৰিয় হৈ পৰে আৰু নিজৰ কিবা এটা লিখাৰ ইচ্ছা জাগে। আলোচনী পঢ়াৰ সেইটো ডাঙৰ লাভ। তদুপৰি বিভিন্ন জ্ঞান-শিক্ষা আহৰণ কৰি আত্মবিশ্বাসী আৰু অধ্যয়নপ্ৰিয় হৈ উঠে।
৮) প্ৰশ্ন : অতীত আৰু বৰ্তমানৰ অসমীয়া শিশু সাহিত্যিক কেইজনমানৰ নাম উল্লেখ কৰিবলগীয়া হ'লে কাৰ কাৰ নাম আপোনাৰ মনলৈ আহিব?
উত্তৰ: 'বুঢ়ী আইৰ সাধু' ৰচনাৰে অসমীয়া শিশু সাহিত্যৰ বাট মুকলি কৰি থৈ যোৱা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ নাম সদায় মনলৈ প্ৰথম আহে। বিভিন্ন ঠাইৰ সাধুবোৰ সংগ্ৰহ কৰি নিভাঁজ, সৰল তথা থলুৱা শব্দৰ প্ৰাচুৰ্যৰে লিখি থৈ যোৱা এই চিৰ যুগমীয়া সাধু পুথিখনে অকল আমাৰেই নহয় সকলোৰে হৃদয়ৰ মাজত সোমাই আছে। তাৰ পিছত বলদেৱ মহন্ত, মিত্ৰদেৱ মহন্ত, মহম্মদ চুলেইমান খাঁ, অতুলচন্দ্ৰ হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, প্ৰফুল্ল দত্ত গোস্বামী, নৱকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, ড° ভবেন্দ্ৰনাথ শইকীয়া, বীৰেন্দ্ৰ নাথ দত্ত আদিৰ পিছত বীৰেন্দ্ৰ বৰকটকী, গগনচন্দ্ৰ অধিকাৰী, অচিন মোমাইদেউ, নূপুৰ মোমাইদেউ, বন্দিতা ফুকন , তোষপ্ৰভা কলিতা, নীলিমা বৰা, হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, শান্তনু তামুলী, শশীপ্ৰভা দাস, তপন বৰুৱা, সুৰেন্দ্ৰ মোহন দাস, যোগানন্দ মহন্তৰ ৰচনাসমূহে অসমীয়া শিশু সাহিত্যক যথেষ্ঠ সমৃদ্ধ কৰিছে। নৱ প্ৰজন্মৰ ভালেকেইগৰাকী লেখক-লেখিকাৰ ৰচনাইও আমাক প্ৰভাৱিত কৰিছে।
৯) প্ৰশ্ন : শিশু সাহিত্য বা বৰ্ত্তমানৰ কণ-কণ মইনাহঁতৰ ৰচনা, লেখা আদিৰ সম্পৰ্কত আপোনাৰ পৰামৰ্শৰে দুটামান বাক্য ক'ব নেকি?
উত্তৰ: বৰ্তমান অসমীয়া ভাষা এক জটিল সন্ধিক্ষণত আছে। ভাষাটোৱে ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাতো আমাৰ বাবে গৌৰৱৰ কথা। কিন্তু ভাষাটো জীয়াই ৰখাটো জাতিৰ বাবেই প্ৰত্যাহ্বান ৰূপে থিয় দিছে। স্কুলত ইংৰাজী মাধ্যমত পঢ়িলেও নিজৰ সুৱদী সুৰীয়া ভাষাটোৰ প্ৰতি আকৃষ্ট কৰিব লাগিব শিশুসকলক। এইক্ষেত্ৰত অভিভাৱকে মুখ্য ভূমিকা ল'ব লাগিব। তাৰ মাজতেই একাংশ শিশুৱে মাতৃ ভাষাত লিখা-মেলা কৰি থকাতো আমাৰ বাবে আশাব্যঞ্জক কথা। বিভিন্ন দৈনিক বাতৰি কাকতৰ শিশু শিতানৰ লগতে শিশু আলোচনীবোৰত শিশুসকলে লিখি থকাটোৱে আমাক আনন্দিত কৰিছে। এইসকলৰ মাজৰ পৰাই ভৱিষ্যতৰ কবি-সাহিত্যিকৰ জন্ম হ'ব। তেওঁলোকক আমি উৎসাহিত কৰিব লাগিব। এখন ভাল মঞ্চ দিব লাগিব প্ৰতিভা বিকাশ আৰু প্ৰকাশৰ বাবে। অধ্যয়ন অবিহনে লেখক হ'ব নোৱাৰি। প্ৰচুৰ অধ্যয়নৰ বাবে অভিভাৱকে শিশুৰ হাতত কিতাপ-আলোচনী তুলি দিয়ক। কেৰিয়াৰ গঢ়াৰ ধামখুমীয়াত ব্যস্ত নাথাকি সময় উলিয়াই শিশুক কিতাপ পঢ়াৰ সুবিধাকণ দিব পাৰিলে তেওঁলোকৰ পৰা আমি সৃষ্টিবোৰ আশা কৰিব পাৰিম।
১০) প্ৰশ্ন : সূৰুযমুখী ই-আলোচনীখন অধিক জনপ্ৰিয় বা শিশু-উপযোগী কৰাৰ ক্ষেত্ৰত আপোনাৰ এটী সু-পৰামৰ্শ আশা কৰিলোঁ।
উত্তৰ: আমাক যথেষ্ট সংখ্যক আলোচনী লাগে। পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি কৰিব লাগে। ভাষা-সাহিত্যৰ অধিক চৰ্চা হ'ব লাগে। এই ক্ষেত্ৰত ' সূৰুযমুখী' য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মই আশাবাদী। পঢ়ুৱৈৰ মনৰ খোৰাক, বৌদ্ধিক চেতনা-চিন্তন, বিনোদন আদি সময়ৰ লগত মিলাকৈ বিষয় বস্তুৰে আগবাঢ়ি গৈ থাকিলে 'সূৰুযমুখী' আৰু সপ্ৰতিভ হৈ ফুলি সুবাস বিলাই যাব পাৰিব বুলি মই ভাবোঁ। নৱপ্ৰজন্মক ভাষা-সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰি তেওঁলোকক অগ্ৰাধিকাৰ দি নবীন-প্ৰবীনৰ লেখাৰে ‘সূৰুযমুখী'ক সু-সমৃদ্ধ কৰাতো মূল লক্ষ্য হোৱা উচিত। আলোচনীখনলৈ মোৰ আন্তৰিক ধন্যবাদ জনালোঁ এই কথাখিনি কোৱাৰ সুযোগ দিয়াৰ বাবে। 'সূৰুযমুখী' য়ে সূৰ্যলৈ চাই পোহৰ আৰু সুবাস বিলাই যাওঁক- শেষত তাকেই আন্তৰিকতাৰে কামনা কৰিছোঁ।
বি. দ্ৰ. : ‘সূৰুযমুখী’ৰ তৰফৰ পৰা আপোনাৰ সু-স্বাস্থ্য কামনা কৰাৰ লগতে ‘সূৰুযমুখী’ৰ পৃষ্ঠাতো আপোনাৰ ৰচনা প্ৰকাশৰ সুবিধা দিব বুলি আশা কৰিলোঁ। আপোনাৰ বহুমূলীয়া সময়কণ দি 'সূৰুযমুখী'ৰ পাঠক সমাজলৈ এই সাক্ষাৎকাৰটি আগবঢ়োৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে সাক্ষাৎকাৰটি গ্ৰহণ কৰি 'সূৰুযমুখী'ৰ পৃষ্ঠালৈ অনালৈকে সকলোখিনি দায়িত্ব লোৱাৰ বাবে গুৱাহাটীস্থ শ্ৰীযুত যোগানন্দ মহন্তদেৱলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
উত্তৰ: সাক্ষাৎকাৰটি গ্ৰহণৰ বাবে আপোনাকো আন্তৰিক ধন্যবাদ জনালোঁ। 'সূৰুযমূখী'ৰ পৃষ্ঠাত নিশ্চয় লিখিম। পুনৰ ধন্যবাদ সকলোকে।
ধন্যবাদ
🙏🙏
সাক্ষাৎকাৰটিৰ পৰা উপকৃত হ'লোঁ। শিশুৰ মনত উৎসাহ, কৌতুহল, চৰিত্ৰ গঠনত নীতি শিক্ষাৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ দিশবোৰৰ চালি-জাৰি শিশু মনস্তত্ব বিকাশৰ বাবে অহৰহ সচেষ্ট সাহিত্যিক জনৰ মনৰ ভাৱ জনাৰ সুযোগ পালোঁ। লগতে নতুন লিখকসকলেয়ো লিখাৰ কৌশল আয়ত্বৰ যথেষ্ট সমল আছে। সাহিত্য অকাডেমীপ্ৰাপ্ত শিশু সাহিত্যিক শ্ৰীযুত যুগললোচন দাসদেৱ আৰু সাক্ষাৎগ্ৰহণকাৰী শ্ৰীযুত যোগানন্দ মহন্তদেৱক আন্তৰিক অভিনন্দন ও ধন্যবাদ জনালোঁ।