top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

আই

  • Writer: চাবিনুৰ খাটুন,নকাৰী উঃমাঃবিদ্যালয়,উঃলখিমপুৰ
    চাবিনুৰ খাটুন,নকাৰী উঃমাঃবিদ্যালয়,উঃলখিমপুৰ
  • Jul 12
  • 1 min read
ree














চাবিনুৰ খাটুন, অষ্টম শ্ৰেণী

নকাৰী উ: মা: বিদ্যালয়, উত্তৰ লখিমপুৰ


জন্ম দিলা তুমি আই

তোমাক পাহৰিম কেনেকৈ?

তোমাৰ বাবে আহিলোঁ

আই এই বিচিত্র ধৰালৈ।

 

শান্ত শিষ্ট মুখখনি তোমাৰ

যেতিয়া তোমালৈ চাওঁ…

দয়াৰ সাগৰ যেন মা তোমাৰ

সঁচা অন্তৰখন !

 

কত দুখ সহ্য কৰা

অলপো নকৰা খঙ!

সেয়েহে মা সকলো অৰ্পিলো

তোমাৰ চৰণত

সত্য মৰম লুকাই থাকিব

তোমাৰ আঁচলত।

 

শত কৌটি প্ৰণাম কৰি

ভগৱানক কওঁ….

জনমে জনমে তোমাকে যেন

মাতৃ ৰূপে পাওঁ

মা.....তোমাক মাতৃ ৰূপে পাওঁ ।।


**********



Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page