অবুজন প্রিয়াৰ মন
- চানিয়া স্নিগ্ধা মুকতাৰ,বাঘচোং ড'নবস্ক উঃমাঃবিদ্যালয়,যোৰহাট
- Jul 5, 2024
- 4 min read
Updated: Sep 22, 2024

চানিয়া স্নিগ্ধা মুকতাৰ,ষষ্ঠ শ্ৰেণী,
বাঘচোং ড'নবস্ক উ:মা: বিদ্যালয়, যোৰহাট
( শিশু উপযোগী নাটক )
মাক: আইজনী অ' উঠ। আজিও তোৰ প্রগেম আছে নহয়। অলপ প্ৰেকটিচ কৰি ল! আৰু অলপ সময় হ'লেই ওলাবৰে হ'ব। উঠ আক'।
প্রিয়া: অ' মা, উঠিছো ৰ'বা ! আজি দেওবাৰ বাবেহে অলপ দেৰিলৈকে শুইছো। বহুত সময় আছে এতিয়াও। কিমান নো সময় হৈছে এতিয়া ?
মাক: ন বাজিল! (খঙত কলে)।
প্রিয়া: কি! আগতে নকলা কেলেই ! বাৰ বজাৰ পৰা দেখোন মোৰ প্রগাম আছেই !
মাক: সেই কাৰণেই কৈছোঁ, উঠ ! (প্রিয়া উঠিল) গাখীৰ খাই, তৎক্ষণাৎ গা ধুবলে যা!
প্ৰিয়া: তোমাৰ আৰম্ভ হ'লেই নে ৰাতিপুৱাই !
মাক: ক'তনো ৰাতিপুৱাই হৈ আছে ! বেলি গৈ মূৰৰ ওপৰ পালেগৈ। আহ! নিজৰ কামখিনি দৌৰা-দৌৰিকৈ সামৰি ল'হি।
প্রিয়া: মই গা ধুলো মা। এতিয়া জলপান খাবলৈ দিয়া।
( মাকে জলপান খাবলৈ যতনাই দিলে।)
দেউতা: হেৰা, মই যাওঁ। বাই বাই.....মাজনী।
(অফিচলৈ ওলাই যাই)
প্ৰিয়া: বাই.....পাপা। অ' মা, মইও যাওঁ, অলপ সময় প্রেকটিচ কৰোগৈ, তোমাৰ ম'বাইলটো দিয়া না। (মাকৰ পৰা ম'বাইল লৈ আঁতৰি যায়)।
মাক: ওলাবৰে হল ! আহ প্ৰিয়া। (প্রিয়াই দৌৰি আহিল।
(এখন সভাঘৰৰ মঞ্চ দেখা যায়)
দেউতা: ইমান চিঞৰ বাখৰ হৈছে ! প্ৰগামবোৰ সময়মতে আৰম্ভ হ'লেই হয় আৰু।
মাক: অ' পাই।
প্রিয়া: মোৰ কান দুখন বিষাই গৈছে।
(তেনেতে প্ৰগাম আৰম্ভ হোৱাৰ সংকেত শুনা যায়)
ঘোষক: এইয়া..... মঞ্চত 'কলানিকেতন' নৃত্য দল। 'নৃত্য-সুৰভি' দলৰ সকলোকে সাজু হৈ থাকিবলৈ অনুৰোধ কৰা হ'ল।
(নৃত্য-সুৰভি নামটো ঘোষণা কৰাৰ লগেলগে প্ৰিয়া চঞ্চল হৈ উঠে)
(নাচ আৰম্ভ হ'য়। নাচৰ পিছত প্রিয়াই মাক আৰু দেউতাকৰ ওচৰলৈ আহে I)
প্রিয়া: মোৰ নাচটো কেনেকুৱা হৈছিলে ? কোৱানা, কোৱানা। ( ভয় আৰু সন্দেহেৰে )
মাক: ভাল হৈছে, কিন্তু তই যে মাজতে পাহৰি গৈছিলি, কেলেই ?
প্ৰিয়া: মা, মই পাহৰা নাই। সিহঁতেহে মাজতে ভুল কৰিছিলে।
দেউতা: সেইবোৰ বাদ দিয়া, যি হ'ল হ'ল আৰু। ব'লা এতিয়া ঘৰলৈ যাওঁ, বৰ ভাগৰ লাগিছে।
( গধূলি সময়ত )
প্রিয়া: মা, নৃত্য প্রতিযোগিতাত আমাৰ দলটো চিলেক্ট হ'ল। (প্রিয়াই উল্লাসেৰে মাকক ক'লে I )
মাক: মানে তই এতিয়া আকৌ নাচিবি ? তই পঢ়া শুনা কেতিয়া কৰিবি হুঁ ? স্কুলৰ পৰা আপত্তি আহিছে, তই বোলে স্কুলত পঢ়াত ভালকৈ মন নিদিয়। ঘৰত কৰিবলৈ দিয়া কামবোৰো ভালদৰে নকৰ ! এনেকে কেনেকৈ হ'ব ! বন্ধু-বান্ধৱ, নাচ, গান এইবোৰ আজি আছে কালিলৈ নাই। তই আগলৈ কি কৰি খাবি ?
প্রিয়াঃ মা ! হ'ব আৰু ! একেখিনি কথাকে তুমি সদায় কৈয়েই থাকা ! মই যাওঁ।
মাক: যি কৰ কৰি থাক, মোৰ ক'বলগীয়া নাই।
( সেই সময়তে ম'বাইললৈ মেচেজ অহাৰ শব্দ শুনা যায় )
প্ৰিয়া: মা! মা! এইয়া মেচেজ আহিছে, আমাৰ নৃত্য প্রতিযোগিতাখন হেনো অনিবার্য কাৰণত পিচুৱাই দিয়া হৈছে। আকৌ কেতিয়াকৈ বা হ'ব !
মাক: কি লাভ হ'ল? পঢ়া-শুনা বাদ দি নাচত মচগুল হৈ থাকি কি লাভ হ'ল তোৰ ? দেৰিকৈ প্ৰতিযোগিতা হ'লে, তেতিয়ালৈ এতিয়া শিকাখিনিও চব পাহৰিবি !
প্রিয়া: মা এতিয়া প্ৰগামটো পিছুৱাইচেহে, দুদিনমানৰ পিছত আকৌ হ'ব নহয়।
মাক: হ'ব। এতিয়া ভালদৰে পঢ়া-শুনা কৰগৈ।
দেউতা: মোৰ মিটিং এখন আছে। মই যাওঁ।
( দেউতাক ওলাই যায়। তেনেতে....)
প্রিয়া: মা, অ' মা...আকৌ মেছেজ আহিছে, আমাৰ প্ৰতিযোগিতাখন হেনো যোৰহাটত নহয়, গুৱাহাটীত হ'ব এইবাৰ। এইয়া এইমাত্ৰ জনাইছে।
মাক: প্ৰিয়া, তোৰ পৰীক্ষা আছে, জান নহয়? ফাইনেল পৰীক্ষা।
প্রিয়া: মই কিন্তু যামেই। ( জোৰ দি কলে )।
মাক: মই একো ক'ব নোৱাৰো। দেউতাৰলৈ ফোন কৰো ৰ'।
দেউতা : মই মিটিংত আছো! ( অলপ বিৰক্তিৰে )
মাক: অ' হ'ব। (প্ৰিয়ালৈ চাই) ৰ' দেউতা ঘৰলৈ আহক। তোৰ পৰীক্ষা কোন তাৰিখে হ'ব, প্ৰতিযোগিতা কোন তাৰিখে আছে, তই যাবলৈ পাৰিবি নে নাই, তেওঁহে ক'ব ৰ'।
(দেউতাক অহাৰ পাছত)
দেউতা: কি হল?
মাক: আগত পৰীক্ষা পালেহিয়েই। ফাইনেল পৰীক্ষা! ইফালে ছোৱালীয়ে প্রতিযোগিতাৰ বাবে গুৱাহাটীলৈ যাই হেনো।
প্রিয়া: মই যামেই। লগৰ সকলোৱে যাব। মইও যামেই ।
দেউতা: সিহঁতৰ পৰীক্ষা নাই। তোমালোকৰ স্কুলৰ হে পৰীক্ষা আছে।
প্রিয়া: নহ'ব, মই সেইবোৰ নাজানো। মই যামেই।
দেউতা: যা! যি কৰ কৰ! মোৰ কবলগীয়া একো নাই।
(ফাইনেল পৰীক্ষাৰ ৰিজাল্ট আহিল। প্রিয়াই শতকৰা ৪০ নম্বৰ পাইহে পৰীক্ষাত উত্তীৰ্ণ হয়।)
মাক: চি চি! নাক-কান কটা গ'ল আমাৰ ! আগতে সকলো পৰীক্ষাতে ইমান ভাল নম্বৰ পাই পাছ কৰ, এইবাৰ এইটো কি ৰিজাল্ট কৰিলি হু?
দেউতা: ইচ ৰাম ! মানুহে সুধিলে কি ক'ম ! কাৰোৰে আগত মুখ উলিয়াব নোৱাৰা কৰিলে এই ছোৱালীজনীয়ে !
মাক: মই কৈছিলোৱেই! মোৰ কথা ক'ত শুনিব! ঘৰখনত মোৰ কথা কেতিয়াবা কোনোবাই শুনেনে?
দেউতা: পঢ়াও গ'ল, প্রতিযোগিতাটো সেই একেই ! একো ভাল ফল দেখুৱাব নোৱাৰিলে ! মুঠতে তাইৰ জিদটোহে বেছি হ'ল !
(প্ৰিয়াই কান্দিবলৈ ধৰিলে)
প্রিয়া: আজিৰ পৰা মই আৰু এনেকুৱা নকৰো। (কান্দি কান্দি)।
মাক: এতিয়া কান্দিলে কি হ'ব ! একো লাভ নাই। পঢ়া-শুনাতকৈ নাচ-বাগত বেছি মন দিলে কি হ'য় দেখিলি নহয় !
দেউতা: যি হ'ল হ'ল, উপায়টো নাই! বাৰু হ'ব, এইবাৰৰ পৰা ভালদৰে পঢ়া-শুনা কৰিবা। নাচ বাদ দিব নালাগে। কিন্তু পঢ়া বাদ দি নাচ নহয়। আগলৈ সময়ৰ কাম সময়মতে কৰি যাবা। তেতিয়া পঢ়াখিনিও ভালদৰে হৈ যাব আৰু নাচৰ কাৰণেও সময় ওলাব।
প্ৰিয়া: হ'ব পাপা, মই বুজি পালো। মই আৰু জিদ নকৰো। মই তোমালোকে কোৱাৰ দৰেই কাম কৰিম। ক্লাছত পঢ়া-শুনাখিনি ভালদৰে মন দি কৰিম আৰু ঘৰতো সময়ৰ কাম সময়তে কৰি পেলাম। তেতিয়া মই নিজে ভাল পোৱা আন কামবোৰ কৰিবলৈও সময় উলিয়াব পাৰিম।
মাক: মাজনী, তোমাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, তুমি পাৰিবা। মাত্ৰ আমি ডাঙৰে ভাল ভাৱি কিবা এটা ক'লে তুমি মানিবা।
প্ৰিয়া: হ'ব মা, মই এতিয়া সকলোখিনি বুজিলো।
প্রিয়া: হব পাপা, এতিয়াৰ পৰা মই তোমালোকৰ কথা মতেই কাম কৰিম।
প্রিয়াই বুজি পালে যে মাক-দেউতাকৰ কথা অমান্য কৰিব নেলাগে। অভিজ্ঞতাপুষ্ট তেওঁলোকৰ উপদেশতকৈ তাইৰ জিদ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে।
################
Comments