top of page
  • Black Facebook Icon
  • Black Instagram Icon

অসমীয়া সাঁথৰ সঁফুৰা

  • Writer: শ্ৰী স্বাগত শ্ৰীয়ম বৰুৱা, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, দেৰগাঁও
    শ্ৰী স্বাগত শ্ৰীয়ম বৰুৱা, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, দেৰগাঁও
  • Jul 5, 2024
  • 1 min read

Updated: Sep 22, 2024

ree

স্বাগত শ্ৰীয়ম বৰুৱা, সপ্তম শ্ৰেণী,

শংকৰদেৱ শিশু নিকেতন, দেৰগাঁও

( সংগ্ৰহ )

১) এক ৰং গিলাচৰ দুই ৰং পানী, ক'ব পাৰিলেহে জানিম, কোন কিমান জ্ঞানী I

২) চিধাই লিখিলে যি, ওলোটাই লিখিলেও সি, শব্দটো কি?

৩) আলিত শিতান দিয়ে,নেজে পানী পিয়ে, ঔ আই কি খাই জীয়ে! নিগিলিবি মোক,ঠিক কৰিম তোক। চাবহি তোক, নিবহি মোক।

৪) এফালে ন-ঘৰ, এফালে ছয়ঘৰ, পহু মৰিল সাতোটা। ঘৰে প্ৰতি একোটা, পহু বাকী থাকিল কেইটা?

৫) ক' আইটি তপৰাই কাটি নিলে বাঢ়ি যায় কি?

৬) এজনী কলি গাই, ঘাটে ঘাটে পানী খায়।

৭) ওপৰৰ পৰা পৰিল টেকেলী, তাৰ ভিতৰত এশ ভেকুলী।

৮) ওপজিয়েই আকাশলৈ উৰা মাৰে কোন?

৯) গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ, কোৱাচোন বন্ধু, ইনো কিহৰ সঁচ?

১০) এটা মাছৰ দুখন ফিচা, ডুব মাৰিলেই হয় মিছা।

১১) আই বুলিলে মেল খায়, বোপাই বুলিলে জাপ খায়, বস্তুটো কি?

১২) লিকি লিকি ডিমৰুৰ চিকি চিকি পাত, বাইলেংবাবৰুৰ ওঠৰ হাত।

১৩) সিনো কি তোমাৰ বাপতিৰ ধন, তোমাতকৈ দেখোন আনৰহে মন।

১৪) হাতীয়ে মাউতে তল যায়, কুঁজি বুঢ়ীয়ে জুলুকি বায়।

১৫) ঘৰৰ ভিতৰত ঘৰ, তাতে সোমাই মৰ।

================

উত্তৰ সমূহ:

১) কণী

২) নিগনি

৩) মাছ ধৰা খোকাটো

৪) এটাও নাথাকিল ( ন-ঘৰ মানে নতুন ঘৰ )

৫) সূতা

৬) বৰশী

৭) কঁঠাল

৮) ধোৱা

৯) মাটিকঁঠাল (আনাৰস )

১০) নাও

১১) ওঁঠ দুটা

১২) বেত গছ

১৩) নিজৰ নামটো

১৪) হাঁহ

১৫) আঁঠুৱা

*********

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page