অসমৰ কেইটিমান জনগোষ্ঠীয় উৎসৱ-পাৰ্বন


কৃষ্টিপৰ্ণা কাকতি, অষ্টম শ্ৰেণী
বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট
অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি ৷ ইয়াত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰে নিজস্ব সংস্কৃতি, পৰম্পৰা, আৰু চহকী লোক-উৎসৱ আছে ৷ এই উৎসৱ-পাৰ্বনসমূহৰ সৰহ সংখ্যকেই কৃষি, প্ৰকৃতি আৰু ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি বছৰৰ বিভিন্ন সময়ত উদযাপন কৰে ৷ এই উৎসৱসমূহৰ ভিতৰত বিহু সকলো জনগোষ্ঠীৰে উমৈহতীয়া উৎসৱ যদিও প্ৰতিটো জনগোষ্ঠীয়ে সুকীয়া জাতীয় উৎসৱ পালন কৰে ৷
জনগোষ্ঠী অনুসৰি অসমৰ প্ৰধান উৎসৱসমূহ তলত উল্লেখ কৰা হ’লঃ
বড়ো জনগোষ্ঠীৰ উৎসৱঃ
বৈশাগু: ই বড়োসকলৰ অন্যতম প্ৰধান বসন্তকালীন উৎসৱ৷ শস্য আৰু বসুমতীৰ উৰ্বৰতা কামনা কৰি বৈশাগু উৎসৱ পালন কৰে ৷ লগতে নৱবৰ্ষক আদৰাৰ উদ্দেশ্যৰেও ব’হাগ মাহৰ আৰম্ভণিতে নৃত্য-গীতেৰে 'চিফুং'(বাঁহী), 'খাম' (ঢোল) আদি বজাই ডেকা-গাভৰুৱে পৰম্পৰাগত নৃত্য-গীত কৰে ৷
খেৰাই: ই বড়োসকলৰ এক ধৰ্মীয় লোক-উৎসৱ বা পূজা ৷ গঞা সকলৰ সমূহীয়া মংগল আৰু শস্যৰ উৰ্বৰতা কামনা কৰি বাথৌ দেৱতাক সন্তুষ্ট কৰিবলৈ এই পূজা কৰা হয় ৷
আহোম সম্প্ৰদায়ৰ উৎসৱঃ
মে-ডাম-মে-ফি: আহোম স্বৰ্গদেউ আৰু পূৰ্বপুৰুষসকলক স্মৰণ কৰাৰ উদ্দেশ্যৰে এই পবিত্ৰ ধৰ্মীয় লোক উৎসৱ প্ৰতি বছৰে ৩১ জানুৱাৰী তাৰিখে সামাজিকভাৱে আয়োজন কৰা হয়৷ টাই-আহোমসকলৰ ফুৰালুং ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা ই সামাজিক পৰম্পৰাগত উৎসৱ৷
ডিমাচা জনগোষ্ঠীৰ উৎসৱঃ
বুছু ডিমা: অসমৰ অন্যতম ভূমিপুত্ৰ ডিমাচাসকলৰ প্ৰধান কৃষিভিত্তিক লোক-উৎসৱ হ’ল বুছু ৷ কঠোৰ পৰিশ্ৰমৰ অন্তত ঝুম খেতি চপোৱাৰ পিছত তেওঁলোকে আনন্দ-উলাহেৰে প্ৰতিবছৰে নতুন আশা, উদ্দীপনা আৰু কৰ্মচেতনাৰ সঞ্চাৰৰ উদ্দেশ্যৰে এই উৎসৱ পালন কৰে৷ ইয়াক সাধাৰণতে তিনিটা ভাগত পালন কৰা হয় - 'জীৱা বুছু', 'ছুৰেম বুছু', আৰু 'হাংচেউ বুছু' ৷
বুছু ডিমাৰ অৰ্থ হ’ল বিহু ডিমাচা অৰ্থাৎ ' ডিমাচাসকলৰ বিহু' ৷ উল্লেখ্য যে ডিমাচাসকলে ব্ৰাই-শিবৰাইক দেৱতাৰ সৰ্ব্বোচ্চ স্থান দিয়ে৷ এই উৎসৱৰ জৰিয়তে চপাই অনা সমস্ত ফচল তেওঁলোকৰ দেৱতা ব্ৰাই-শিবৰাইক উৎসৰ্গা কৰি মানৱজাতিৰ কল্যাণ কামনা কৰা হয়৷ এই উৎসৱৰ জৰিয়তে ডিমাচাসকলে পৰম্পৰাগত খাদ্যসম্ভাৰ, কৃষ্টি-সংস্কৃতি, ক্ৰীড়া নৈপুণ্য, বয়নশিল্প, ভাস্কৰ্যশিল্প আদিও প্ৰদৰ্শিত হয়৷
ৰাভা জনগোষ্ঠীৰ উৎসৱঃ
বাইখ’ : ৰাভাসকলে তেওঁলোকৰ দেৱী বাইখ’ক সন্তুষ্ট কৰিবলৈ ব’হাগ-জেঠ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰে ৷ শস্যৰ সতেজতা,বৰষুণৰ কামনা আৰু সুস্বাস্থ্যৰ বাবে এই লোক-উৎসৱ পালন কৰা হয়। ইয়াৰ এক অন্যতম আকৰ্ষণ হৈছে 'বাৰ নাককায়', য’ত খালী ভৰিৰে জুইৰ ওপৰেৰে নাচি পুৰুষসকলে বিশেষ পৰম্পৰা পালন কৰে ৷
চাহ জনগোষ্ঠীৰ উৎসৱঃ
কৰম পূজা: অসমৰ চাহ বাগিচাসমূহত বসবাস কৰা বিভিন্ন চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰা জনপ্ৰিয় উৎসৱ কৰম পূজা ৷ কৰম পূজা বছৰৰ তিনিটা সময়ত...ভাদ, আহিন আৰু আঘোণ মাহত পালন কৰা হয়। ভাদ মাহৰ শুক্লা-একাদশী তিথিত উদযাপন কৰা কৰম পূজাক 'ৰাজ কৰম'; আহিন মাহৰ বিজয়া দশমীৰ দিনা পালন কৰা কৰম পূজাক 'বুড়ী কৰম' আৰু আঘোণ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা কৰমক 'জিতিয়া কৰম' বোলে৷ 'কৰম’ দেৱতাক পূজা কৰি শস্যৰ উৎপাদন বৃদ্ধি আৰু পৰিয়ালৰ সুখ-শান্তি কামনা কৰা হয়৷ এই উৎসৱৰ মূল আকৰ্ষণ হ’ল ডেকা-গাভৰু সকলৰ সমূহীয়া ঝুমুৰ নৃত্য প্ৰদৰ্শন ৷
তিৱা জনগোষ্ঠীৰ উৎসৱঃ
জোনবিল মেলা: মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হোৱা তিৱাসকলৰ ঐতিহাসিক বিনিময় প্ৰথাৰ উৎসৱ জোনবিল মেলা মাঘ বিহুৰ পিছৰ সপ্তাহত অনুষ্ঠিত কৰা হয় ৷ এই মেলাৰ বিশেষ তাৎপৰ্য হ’ল পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে৷ ইয়াত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে ৷
মিচিং জনগোষ্ঠীৰ উৎসৱঃ
আলি-আই-লৃগাং: মিচিংসকলৰ প্ৰধান কৃষিভিত্তিক উৎসৱ হ’ল আলি-আই-লৃগাং ৷ প্ৰত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয় ৷ বুধবাৰটোক মিচিং সকলে অতি শুভ আৰু লখিমী বুলি বিবেচনা কৰে ৷ এই দিনটোৰ পৰাই তেওঁলোকে আহুধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে ৷ শস্যৰ অধিক উৎপাদন কামনা কৰিয়েই নৈপৰীয়া মিচিংসকলে এই উৎসৱ পালন কৰে ৷ লৃগাং উৎসৱে বিভিন্ন জনৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ সাঁকো গঢ়ি কৃষি কৰ্মৰ বাবে নিয়োজিত হ’বলৈ সকলো মিচিং লোককে সক্ৰিয় আৰু কৰ্মঠ কৰি তোলে। এই উৎসৱত সকলো মিচিং ডেকা-গাভৰুৱে ঐনিতমৰ তালে তালে 'পাচক' নৃত্য কৰে।
*************



Comments