top of page
  • Black Facebook Icon
  • Black Instagram Icon

অসমৰ জাতীয় উৎসৱ বিহু

  • Writer: ফাৰহান কোৰেছি, তৃতীয় শ্ৰেণী, ব'লসিং মেম'ৰিয়েল স্কুল, গোলাঘাট
    ফাৰহান কোৰেছি, তৃতীয় শ্ৰেণী, ব'লসিং মেম'ৰিয়েল স্কুল, গোলাঘাট
  • Apr 6
  • 1 min read
ৰঙালী বিহু
ৰঙালী বিহু

ফাৰহান কোৰেছি, চতুৰ্থ শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল,

বৰপথাৰ, গোলাঘাট, অসম

 

বিহু অসমৰ জাতীয় উৎসৱ। বিহু তিন প্ৰকাৰৰ, যেনে- ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু। বিহু তিনিওটা অসমীয়া বেলেগ বেলেগ মাহত পালন কৰা হয়। বহাগ মাহত ৰঙালী বিহু পালন কৰা হয় বাবে ইয়াক বহাগ বিহুও বোলা হয়। একেদৰে কঙালী বিহু কাতি মাহত পালন কৰা হয় বাবে কাতি বিহু আৰু ভোগালী বিহু মাঘ মাহত পালন কৰা হয় বাবে মাঘ বিহু বুলিও জনা যায়।

 

অসমৰ ৰাইজে মিলি ৰঙালী বিহু বহাগ মাহৰ ১ তাৰিখৰ পৰা ৭ তাৰিখলৈ পালন কৰা হয়। এই বিহুতে আমি ঢোল, পেপা, গগনাৰে সৈতে ঘৰেঘৰে হুঁচৰি গাই গৃহস্থৰ মংগলৰ হকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁহক। বিহুৰ দিনা আমি সকলোৱে পুৱাতে গা-পা ধুই উঠি, নতুন কাপোৰ পিন্ধি মা-দেউতা, ককা-আইতা আৰু ডাঙৰক সেৱা জনাওঁ। ডাঙৰেও আমাক আশীৰ্বাদ দিয়ে।

 

কাতি বিহুত আমি শস্যৰ পথাৰত চাকি জ্বলাই সেৱা কৰোঁ আৰু মাঘ বিহু আমাৰ ভোগৰ বিহু। এই বিহুত আমি মুকলি ঠাইত মেজি সজাই সকলোৱে মিলিজুলি মেজিৰ ওচৰত বহি ভোজ-ভাত খাওঁ। মাঘৰ বিহুত সকলোৰে ঘৰেঘৰে বিভিন্ন ধৰণৰ লাৰু-পিঠা, চিৰা, সান্দহ আদি তৈয়াৰ কৰা হয় আৰু সেয়াৰে আলহী-অতিথিক আপ্যায়ণ কৰা হয়।

 

বিহু আমাৰ অসমীয়া সমাজৰ অতি আদৰৰ উৎসৱ। আমি সকলোৱে মিলিজুলি অতি আনন্দৰে বিহু উৎসৱ পালন কৰোঁহক।


@@@@@@@@@

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page