top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

অৰণ্য মানৱ

  • Writer: স্বাস্তিকা তাঁতী,কেশৱ চঃ মেঃ স্কুল,সৰুপথাৰ
    স্বাস্তিকা তাঁতী,কেশৱ চঃ মেঃ স্কুল,সৰুপথাৰ
  • Jul 12
  • 2 min read
ree

স্বাস্তিকা তাঁতী, অষ্টম শ্ৰেণী

কেশৱ চন্দ্ৰ মেম’ৰিয়েল স্কুল, সৰুপথাৰ

 

মই আজি এনে এজন ব্যক্তিৰ বিষয়ে ক’বলৈ ওলাইছোঁ, যিজন ব্যক্তিয়ে প্ৰকৃতি, জীৱ-জন্তু আৰু প্ৰকৃতিৰ সেউজীয়াখিনিক ভাল পায়, গছ-গছনিৰ লগত কথা পাতি ভাল পায় ৷ সেই ব্যক্তিজনৰ নাম হৈছে ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰত চৰকাৰৰ দ্বাৰা “পদ্মশ্ৰী বঁটা” ৰে সন্মানিত হোৱা শ্ৰীযুত যাদৱ পায়েং ৷ যাক আমি সকলোৱে ’ অৰণ্য মানৱ’ (The Forest Man Of India) হিচাপে চিনি পাওঁ ৷


ভাৰত চৰকাৰৰ দ্বাৰা “পদ্মশ্ৰী বঁটা” ৰে সন্মানিত হোৱা শ্ৰীযুত যাদৱ পায়েং
ভাৰত চৰকাৰৰ দ্বাৰা “পদ্মশ্ৰী বঁটা” ৰে সন্মানিত হোৱা শ্ৰীযুত যাদৱ পায়েং

তেখেতৰ ঘৰ যোৰহাট জিলাৰ ককিলামুখত ৷ তেখেতে ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত কেইবা দশক ধৰি গছ ৰোপণ তথা প্ৰতিপালন কৰি এক বৃহৎ সংৰক্ষিত বনাঞ্চল গঢ়ি তুলিছে ৷ এই অৰণ্য গঢ়াৰ আঁৰত তেখেতৰ এটা কাহিনী আছে ৷ ১৯৭৯ চনত অসমত এটা বৃহৎ বান আহিছিল ৷ সেই বানত মানুহৰ লগতে জীৱ-জন্তুৰো বহুত ক্ষতি সাধন হৈছিল ৷ সেই বানপানীত আটাইতকৈ বেছি প্ৰভাৱ পৰিছিল সাপৰ ওপৰত ৷ কাৰণ বানপানী শুকাই যোৱাৰ পাছত ব্ৰহ্মপুত্ৰ বালিচৰৰ ৰ’দৰ তাপ  সহ্য কৰিব নোৱাৰি শতাধিক সাপৰ মৃত্যু হৈছিল ৷ এই দৃশ্য দেখি তেওঁ বৰ দুখ পালে আৰু ইয়াৰ পৰিত্ৰাণ বিচাৰি গাঁৱৰ ককা-আইতাহঁতৰ কাষ চাপিল ৷ তেখেতসকলে যাদৱ পায়েঙক পৃথিৱীৰ আটাইতকৈ ওখ তৃণ বাঁহগছ ৰুবলৈ পৰামৰ্শ দিয়ে ৷ কাৰণ বাঁহ হ’লে ছাঁ হ’ব আৰু ছাঁ হ’লে সাপ নমৰিব ৷ এই কথা শুনি তেওঁ সেই শুকান বালিত অৰ্থাৎ সাপ মৰা জেগাতে ৫০টা বাঁহৰ মূঢ়া ৰুলে ৷ বহু যত্নৰ ফলত বাঁহৰ গজালি মেলি বাঁহগছবোৰ লহপহকৈ বাঢ়িবলৈ ধৰিলে ৷ সেইয়াই আছিল তেখেতৰ গছপুলি ৰোৱাৰ আৰম্ভণি ৷

 

তেতিয়াৰ পৰা প্ৰায় ৩০ বছৰ একেলেথেৰিয়ে তেওঁ অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি প্ৰায় ৫৫০ হেক্টৰ মাটি অৰণ্যলৈ ৰূপান্তৰিত কৰে। আৰু এই অৰণ্যখনক যাদৱ পায়েঙৰ সন্মানাৰ্থে, তেখেতৰ আন এটা নামেৰে “মুলাই কাঠনি” বুলি নামাকৰণ কৰা হৈছে ৷ এতিয়া এই অৰণ্যখন ঢেকীয়াপতীয়া বাঘ, হৰিণ, গঁড়, হাতী, বিভিন্ন প্ৰজাতিৰ চৰাই আদিৰ বাসস্থান হৈ পৰিল ৷ অকল এজন মানুহে ইমান ডাঙৰ এখন অৰণ্য সৃষ্টি কৰাৰ বাবে দেশ-বিদেশৰ বহু সন্মানেৰে তেখেতক সন্মানিত কৰা হয় ৷ তেওঁৰ এই মহান কৰ্মই গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰাত সহায় কৰিছে আৰু পৰিৱেশৰ প্ৰতি মানুহৰ সজাগ সচেতনতা বৃদ্ধি কৰিছে।  

 

সেইবাবে যাদৱ পায়েঙ নামৰ মহান ব্যক্তিজনক ২০১২ চনৰ ২২ এপ্ৰিলত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে (JNU) ধৰিত্ৰী দিৱসৰ দিনা “অৰণ্য মানৱ” (Forest Man Of India) সন্মান প্ৰদান কৰে ৷ যাদৱ পায়েঙৰ জীৱন আৰু কৰ্মৰ আধাৰত ২০১৯ চনৰ ১৫ মাৰ্চত এখনি সচিত্ৰ ইংৰাজী ভাষাৰ গ্ৰন্থ “The Boy who Grew A Forest: The True Story Of Jadav Payeng” প্ৰকাশ হয়।

 

গতিকে আমি সকলোৱে তেখেতৰ কৰ্মৰাজিক অনুকৰণ কৰি পৃথিৱীখন সেউজীয়া কৰিবলৈ সংকল্প ল’ব লাগে ৷


🌱🌱🌱🌱🌱

 

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page