top of page
  • Black Facebook Icon
  • Black Instagram Icon

আত্মজাহ

Writer: কৃষ্ণ কান্ত চাহু, অধ্যক্ষ,নকাৰী উঃমাঃ বিদ্যালয়,উঃলখিমপুৰ   
কৃষ্ণ কান্ত চাহু, অধ্যক্ষ,নকাৰী উঃমাঃ বিদ্যালয়,উঃলখিমপুৰ  
Jul 12, 2025
1 min read

Updated: Jul 19, 2025


কৃষ্ণ কান্ত চাহু, অধ্যক্ষ

                            নকাৰী উঃ মাঃ বিদ্যালয়, উত্তৰ লখিমপুৰ

 

অতীজৰ আপোন ৰ'দবোৰ বৰষুণৰ দৰে হ'ল

অৰণ্য ভাঙি বৰষুণ

ভেটা ভাগি মহাপ্লাৱনৰ তাণ্ডৱ

পোছাকী অন্তিম যন্ত্ৰবোৰে

বৰষুণক হেণ্ডকাফ লগাবলৈ প্ৰতিযোগিতাত নামে ।

 

বৰষুণবোৰ এতিয়া ধনাঢ্য ৰ'দৰ অতিথি

ৰ'দে কান্দিলেই বৰষুণ নামে

বৰষুণে দূৰ কৰে ৰ'দৰ তৃষ্ণা

পোহপাল দিয়ে অৱক্ষয়ৰ নেগুৰীয়া শামুক

ৰ'দলৈ হাত নেমেলিবা ধেমালিতে ।

 

প্ৰখৰ উষ্ণতাৰ বাবে সূৰ্যটোক

কোনেও হেণ্ডকাফ নলগায়

হেণ্ডকাফ লগালেই বতাহবোৰ উতলি উঠে

ৰ'দৰ লেলিহানে ভস্মীভূত কৰে মোৰ গান আৰু প্ৰাণ

উমি উমি বিনাশ হয় প্ৰজাতি আৰু সভ্যতা

বেচেৰী বসুমতী! কাকনো ত্যাজ্য কৰে ?


৺৺৺৺৺৺৺৺

Recent Posts

See All

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page