top of page
  • Black Facebook Icon
  • Black Instagram Icon

আদৰণি বসন্তলৈ

  • Writer: সূৰুযমুখী
    সূৰুযমুখী
  • Jul 10, 2025
  • 1 min read

পুৱা বেলাতেই চঞ্চল ফাগুন তুমি 

ধূলি মেঘ বৰষুণে আৱৰিলা চৌপাশ,

ৰাংধালী সোণাৰু কৃষ্ণচূড়া ৰাধাচূঢ়াৰ 

উজ্জ্বল পাপৰিৰ বেথাভৰা হাঁহিটিৰ 

আঁৰতে লুকাই থাকিল বেদনাহত মনাকাশ।

 

আশাৰ সপোন অপূৰ্ণ হৈ ৰ'ল,

প্ৰভাতত আকাশৰ সতে মিলন হোৱা !

 

আহা বহাগ, ৰৌদ্ৰজ্বল তোমাৰ হাঁহি 

অধীৰ অপেক্ষাৰত উজ্জ্বল উন্মুখ

 আমি তোমাৰ উত্তপ্ত পৰশ কাতৰ। 

এইয়া যে কেৱল সৃষ্টিৰ সময় 

সিঞ্চন হওক সৃষ্টিৰ কঠিয়া যুগ যুগান্তলৈ,

 

বহাগ তুমিয়েতো কঢ়িয়াই ফুৰা 

সৃষ্টিকামীজনৰ মনৰ বতৰা।।


🙏🙏🙏🙏🙏

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page