top of page
  • Black Facebook Icon
  • Black Instagram Icon

আমাৰ লখিমপুৰ

  • Writer: নিশা বৰুৱা,নকাৰী উঃমাঃ বিদ্যালয়,উঃ লখিমপুৰ
    নিশা বৰুৱা,নকাৰী উঃমাঃ বিদ্যালয়,উঃ লখিমপুৰ
  • Jul 12
  • 1 min read

Updated: Jul 19

ree

নিশা বৰুৱা, দশম শ্রেণী

নকাৰী উঃ মাঃ বিদ্যালয়, উত্তৰ লখিমপুৰ

 

ধুনীয়া আমাৰ লখিমপুৰখন,

লখিমী পথাৰেৰে ভৰা।

সেইবাবেই তাহানিৰে পৰা হ'ল,

নাম লখিমপুৰ জিলা।।

 

পূৱে আছে ধেমাজি জিলা

বাৰিষাত বানপানী হোৱা।

নগৰৰ কাষেৰে বৈছে ৰঙানদী

বানত মঠাউৰি ভঙা।।

 

উত্তৰে আছে অৰুণাচল প্রদেশ,

পাহাৰ-পর্বতেৰে ভৰা।

দক্ষিণে আছে মাজুলী জিলা,

সত্রীয়া সংস্কৃতিৰ মেলা।।

 

নাৰায়ণপুৰ লেটেকু পুখুৰী,

মাধৱদেৱৰ জন্মস্থান।

ঢকুৱাখনাতেই আছে যে আমাৰ,

বাসুদেৱৰ পৌৰাণিক থান।।

 

ফাট বিহুৰ কথা কোনেনো নাজানে,

ঢকুৱাখনাতেই পাতে।

জাতি জনগোষ্ঠীৰ সমন্বয় সংস্কৃতি,

তাতেই জিলিকি উঠে।।


***********

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page