top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

কিতাপ পঢ়াৰ আনন্দ

  • Writer: দক্ষতা জি.পাল, শংকৰদেৱ শিঃনিকেতন,বৰপথাৰ
    দক্ষতা জি.পাল, শংকৰদেৱ শিঃনিকেতন,বৰপথাৰ
  • Jul 12
  • 2 min read
ree

দক্ষতা জি. পাল, চতুৰ্থ শ্ৰেণী,

শংকৰদেৱ শিশু নিকেতন,বৰপথাৰ


সেইদিনা আছিল দেওবাৰ ৷ স্কুল বন্ধ থকাৰ বাবে গায়ত্ৰীয়ে মনৰ হেঁপাহেৰে দেৰিলৈকে শুই আছিল ৷ শুই শুই তাই বিছনাতে দিনটোৰ কৰিবলগীয়া কামবোৰ মনৰ মাজতে ভাবি আছিল ৷ সপ্তাহৰ বাকী দিনকেইটাত স্কুলৰ হ’মৱৰ্ক, টিউচন, গানৰ ক্লাছ আদিৰ মাজত ইমানেই ব্যস্ত থাকিব লাগে যে নিজৰ ভালপোৱা কামবোৰ কৰিবলৈ সময়ে নহয় ৷ 

 

দেওবাৰৰ দিনটোত সেয়ে গায়ত্ৰীয়ে সকলো বাদ দি নিজৰ ভাল লগা কামবোৰ কৰিব বিচাৰে ৷ সেইদিনাও গায়ত্ৰীয়ে বিছনাত পৰি পৰি ভাবি থাকোতে মাকে কেইদিনমান আগতে আনি দিয়া সঁফুৰা, ৰংমন, মৌচাক নামৰ কিতাপকেইখনৰ কথা মনত পৰিল ৷ তাই মনতে ভাবিলে যে সেইদিনা যেনে-তেনে হ’লেও সঁফুৰাখন পঢ়ি শেষ কৰিব লাগিব ৷ তাই তাকে ভাবি খৰখেদাকৈ বিছনাৰ পৰা উঠি নিজৰ  দৈনন্দিন কামবোৰ কৰিলে, তাৰপাছত মাকে দিয়া গাখীৰ আৰু বিস্কুট খাই সঁফুৰাখন পঢ়িবলৈ আৰম্ভ কৰিলে ৷

 

কিতাপখনৰ প্ৰথম পৃষ্ঠাটো মেলিয়েই দেখা পালে “আশা কৰোঁ তোমালোকৰ ভাল হওক” নামৰ লেখাটো ৷ লেখাটোত লেখকে আমাৰ মন আৰু শৰীৰটো ভালে ৰাখিবৰ বাবে পালন কৰিবলগীয়া নিয়মসমূহ বৰ ধুনীয়াকৈ বুজাই দিছে ৷ আমি আমাৰ শৰীৰটো ভালে ৰাখিবলৈ হ’লে ৰাতিপুৱা সোনকালে শুই উঠিব লাগিব আৰু ব্যায়াম কৰিব লাগিব লগতে সময়মতে খেলা-ধূলা কৰা, ঘৰত ৰন্ধা সুষম আহাৰ খাব লাগিব ৷ আনহাতে মন ভালে ৰাখিবলৈ পুৱা-গধূলি প্ৰাৰ্থনা কৰা, ভাল ভাল কিতাপ পঢ়া কামবোৰ কৰিব লাগিব ৷ আমাৰ শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ যিদৰে পুষ্টিকৰ আহাৰ খাব লাগিব ঠিক সেইদৰে মনটো সুস্থ ৰাখিবলৈ মানসিক খাদ্যৰো দৰকাৰ হয় ৷ এই খাদ্যবোৰ আমি ভাল চিন্তা, কিতাপ পঢ়া আদিৰ জৰিয়তে পাব পাৰোঁ। 

 

লেখাটো পঢ়াৰ পাছত গায়ত্ৰীৰ মনটো আনন্দৰে ভৰি পৰিল ৷ তাইৰ চকু-মুখ উজ্জ্বল হৈ পৰিল ৷ তাইৰ কিতাপ পঢ়াৰ প্ৰতি আগতকৈ নিচা বাঢ়ি গ’ল ৷ মোবাইল ফোন, টি.ভি আদিত অদৰকাৰী অনুষ্ঠানবোৰ চাই সময় অতিবাহিত কৰাতকৈ আমি সঁচাকৈ ভাল ভাল কিতাপ পঢ়িব লাগে ৷ কিতাপ পঢ়াৰ অভ্যাসে আমাক মানসিক আনন্দ প্ৰদান কৰিব পাৰে ৷


&&&&&&&&&

Comentarios


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page