কৃত্ৰিম বুদ্ধিমত্তা আৰু আমি
- কৃষ্টিপৰ্ণা কাকতি, সপ্তম শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ

- Jul 12
- 2 min read

কৃষ্টিপৰ্ণা কাকতি, সপ্তম মান,
ব'লসিং মে: স্কুল, বৰপথাৰ
কৃত্ৰিম বুদ্ধিমত্তা হৈছে যন্ত্ৰ বা কম্পিউটাৰৰ দ্বাৰা প্রদর্শিত বুদ্ধিমত্তা। ইয়াৰ জৰিয়তে যন্ত্র বা কম্পিউটাৰে মানুহৰ দৰে চিন্তা কৰিব পাৰে, সিদ্ধান্ত ল'ব পাৰে আৰু নিজকে উন্নত কৰিব পাৰে। আমাৰ দৈনন্দিন জীৱনত বহু ঠাইত এই কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰা হয়। কৃত্ৰিম বুদ্ধিমত্তাৰ মূল উদ্দেশ্য হৈছে যন্ত্ৰক মানুহৰ দৰে চিন্তা কৰিব পৰা, সিদ্ধান্ত ল'ব পৰা, সমস্যা সমাধান কৰিব পৰা ক্ষমতা প্ৰদান কৰা। কৃত্ৰিম বুদ্ধিমত্তা কম্পিউটাৰ বিজ্ঞানৰ এটি বিভাগ য'ত মানুহৰ বুদ্ধিমত্তা আৰু চিন্তাশক্তিক কম্পিউটাৰৰ দ্বাৰা অনুকৃত কৰাৰ চেষ্টা কৰা হয়। তেনেদৰেই আমি দৈনন্দিন কাম কাজত কৃত্রিম বুদ্ধিমত্তাৰ সহায় লৈয়ে কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি আছোঁ। আমাৰ ম'বাইল ফোনত থকা ভার্চুয়েল ব্যক্তিগত সহকাৰী যেনে-ভয়চ চার্চ, গুগল এছিছটেণ্ট, ফেছ ডিটেকচন আদিবোৰ হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰে কিছুমান উদাহৰণ।
কৃত্রিম বুদ্ধিমত্তাৰ গৱেষণা আৰম্ভ হৈছে ১৯৫৬ চনত আমেৰিক যুক্তৰাষ্ট্রৰ ডাৰ্টমাউথ কলেজত। ইয়াত অনুষ্ঠিত “ডাৰ্টমাউথ সন্মিলনী”ক AI ৰ জন্মস্থান হিচাপে গণ্য কৰা হয়। এই সম্মিলনীতেই প্ৰথমবাৰৰ বাবে "কৃত্রিম বুদ্ধিমত্তা" (Artificial Intelligence) শব্দটো প্ৰস্তাৱ কৰা হৈছিল। এই সম্মিলনীৰ মূল সংগঠক আছিল জন মেকাৰ্থি (John McCarthy), মাৰ্ভিন মিন্সকি (Marvin Minsky), নাথানিয়েল ৰচেষ্টাৰ (Nathaniel Rochester), আৰু ক্লড শ্বেনন (Claude Shannon)। জন মেকাৰ্থিক প্ৰায়ে "AI ৰ পিতৃ" বুলি কোৱা হয় কাৰণ তেওঁ এই ক্ষেত্ৰটোৰ নামকৰণ কৰিছিল আৰু ইয়াৰ প্ৰাৰম্ভিক গৱেষণাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ইয়াৰ আগতে, ১৯৫০ চনত এলান ট্যুৰিং (Alan Turing) ৰ "কম্পিউটিং মেশিনৰী এণ্ড ইনটেলিজেন্স" নামৰ প্ৰবন্ধত মেশিনৰ চিন্তা কৰাৰ ক্ষমতাৰ ধাৰণাটো উত্থাপন কৰা হৈছিল, যিয়ে AI ৰ চিন্তাধাৰাৰ ভিত্তি গঢ়ি তুলিছিল। তেওঁৰ "ট্যুৰিং পৰীক্ষা"ই মেশিনৰ বুদ্ধিমত্তাৰ মূল্যায়নৰ এক প্ৰাৰম্ভিক কাঠামো প্ৰদান কৰিছিল।
১৯৭৪ ৰ ফালে এই সম্পর্কীয় গৱেষণা সামান্যভাৱে স্থবিৰ হৈ পৰিছিল। স্থবিৰ হৈ পৰাৰ কাৰণসমূহৰ ভিতৰত কেইটামান প্ৰধান কাৰক আছিল:
অত্যধিক প্রত্যাশা আৰু হতাশা: ১৯৫০ আৰু ১৯৬০ৰ দশকত AI গৱেষণাৰ প্ৰতি অত্যধিক আশাবাদৰ সৃষ্টি হৈছিল। গৱেষকসকলে ভাবিছিল যে অতি সোনকালে মানুহৰ দৰে বুদ্ধিমত্তা সম্পন্ন AI সম্ভৱ হ’ব। কিন্তু বাস্তৱত সেই সময়ৰ প্ৰযুক্তি আৰু পদ্ধতিয়ে জটিল সমস্যা সমাধান কৰিব নোৱাৰিলে, যাৰ ফলত হতাশাৰ সৃষ্টি হ’ল।
কম্পিউটাৰৰ সীমাবদ্ধতা: সেই সময়ৰ কম্পিউটাৰৰ গণনা ক্ষমতা আৰু স্মৃতিশক্তি অত্যন্ত সীমিত আছিল। জটিল AI মডেলৰ বাবে প্ৰয়োজনীয় ডাটা প্ৰচেছিং সম্ভৱ নাছিল।
অৰ্থৰ অভাৱ: AI ৰ প্ৰতিশ্ৰুতি পূৰণ নোহোৱাত বহু সংস্থা আৰু চৰকাৰে গৱেষণাৰ বাবে ধাৰ্য কৰা বাজেট হ্ৰাস কৰিলে। আমেৰিকা আৰু ব্ৰিটেইনত বিজ্ঞান গৱেষণা পৰিষদে AI প্ৰকল্পৰ বাবে বাজেট কমাই দিছিল।
পদ্ধতিগত সমস্যা: সেই সময়ৰ AI গৱেষণা মূলতঃ সাংকেতিক AI বা নিয়ম-ভিত্তিক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল আছিল, যিয়ে জটিল আৰু বাস্তৱিক সমস্যাৰ সৈতে মোকাবিলা কৰিব নোৱাৰিলে। মেচিন লাৰ্নিং আৰু নিউৰেল নেটৱৰ্কৰ দৰে আধুনিক পদ্ধতি তেতিয়া প্ৰাথমিক পৰ্যায়ত আছিল।
সেইকাৰণে এই বছৰকেইটাক কৃত্ৰিম বুদ্ধিমত্তাৰ শীতল সময় বুলি আখ্যা দিয়া হয় ।
কিন্তু ১৯৮০ চনৰ আৰম্ভণি সময়চোৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণাই নতুন দিশা পালে। বিশেষ ভূমিকা ল'লে কৃত্ৰিম বুদ্ধিমত্তাৰ এক বিশেষ ধৰণৰ প্ৰগামৰ ব্যৱসায়িক সফলতাই। এই প্ৰগামটোৱে কৌশলী মানুহৰ জ্ঞান আৰু বিশ্লেষণাত্মক দক্ষতাসমূহৰ অনুকৃতি সৃষ্টি কৰিব পাৰিছিল। বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ জগতত, দৈনন্দিন জীৱনত, ব্যৱসায়, বাণিজ্যৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আৰু প্ৰয়োগ ক্ৰমাৎ বাঢ়ি আহিছে।
তলত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ কেইটামান উদাহৰণ দিয়া হৈছে:
গুগল চার্চ ইঞ্জিনে ব্যৱহাৰ কৰা অনুমানজনিত সন্ধান।
চাকৰি-সম্বন্ধীয় ৱেবচাইট লিংকডইন।
জি-মেইলৰ কথোপকথনত ব্যৱহাৰ হোৱা যথাযথ উত্তৰবোৰ।
গাড়ী, ট্ৰেইন, উৰাজাহাজ আদিত ব্যৱহাৰ কৰা উৎকৃষ্ট প্ৰয়োগৰ সাধনবোৰ।
গীত শুনিবলৈ ব্যৱহাৰ কৰা কিছুমান প্ৰয়োগ ।
বোলছবি আৰু ধাৰাবাহিক চোৱা ৱেবচাইটসমূহ যেনে: নেটফ্লিক্স, প্ৰাইম ভিডিঅ', ইউ টিউব আদি।
ওবৰ, ৱলা, টিকট সংৰক্ষণ আদিকে কৰি যাতায়তৰ বিভিন্ন সেৱা আদি।
ঘৰুৱা কামকাজত, বজাৰ সমাৰত ব্যৱহাৰ কৰা উপায় সমূহ।
##############





Comments