কনকলতা
- নীল নয়ন শৰ্মা,নৰ্থ ইষ্ট পাব্লিক স্কুল,গুৱাহাটী

- Jul 12
- 1 min read
Updated: Jul 19

নীল নয়ন শৰ্মা, ষষ্ঠ শ্ৰেণী
নৰ্থ ইষ্ট পাব্লিক স্কুল, গুৱাহাটী
গহপুৰে আজিও কান্দে
কনকলতা নাই,
ষোল্ল বছৰতে প্ৰাণ হেৰুৱালে
ব্ৰিটিছৰ গুলী খায়।
অসীম সাহস বুকুত বান্ধি
পতাকা হাতত লৈ
জাতীয় নিচান উৰুৱাবৰ হেতু
গহপুৰ থানাত গৈ।
ব্ৰিটিছৰ হুংকাৰ ভ্ৰূক্ষেপ নকৰি
বীৰত্বৰে আগুৱাই গ'ল,
নিষ্ঠুৰ গুলীৰে বুকু ভেদিলে
কনকলতা নিথৰ হ'ল।
বিয়াল্লিশৰ প্ৰথম ছহিদ
নমস্যা কনকলতা আই,
স্বাভিমান, সাহস, ত্যাগত
তোমাৰ তুলনা নাই।
***********





Comments