top of page
  • Black Facebook Icon
  • Black Instagram Icon

গীতি কবিতা : ৰাম আৰু ৰহিম

  • Writer: যোগানন্দ মহন্ত, গুৱাহাটী
    যোগানন্দ মহন্ত, গুৱাহাটী
  • Apr 6
  • 1 min read
ree











(ভূপেনদাৰ 'মহাত্মাই হাসি বোলে ৰাম ৰহিম' গীতটি বুকুত বান্ধি লিখা গীতি-কবিতা)

 

                 যোগানন্দ মহন্ত, গুৱাহাটী

মহাত্মাই হাঁহি কোৱা

ৰাম আৰু ৰহিম

আমি সৱে মিলি আজি

একেলগে বহিম।

 

মহাত্মাই হাঁহি কোৱা

ৰাম আৰু ৰহিম

একতাৰ গীতবোৰো

মিলি আমি ৰচিম।

 

এয়া দেশ এয়া আমি

ৰাম আৰু ৰহিম

অসূয়া অপ্ৰীতি আমি

একেলগে ৰুধিম।

 

সদায়েই একে আমি

ৰাম আৰু ৰহিম

বিভেদৰ অসুৰকো

আমিয়েই বধিম।

 

ঈশ্বৰ আল্লাৰ সৃষ্টি আমি

ৰাম আৰু ৰহিম

কীৰ্তন আৰু কোৰাণো

আমিয়েই পঢ়িম।

 

সৰগ আৰু বেহেস্ত

ৰাম আৰু ৰহিম

সবায়েই মিলি আমি

ইয়াতেই গঢ়িম।

 

তুমি আমি সকলোৱে

ৰাম আৰু ৰহিম

নামঘৰে মছজিদে

দোষ কবুল কৰিম।

 

মহাত্মাই হাঁহি কোৱা

ৰাম আৰু ৰহিম

হায়গ্ৰীৱ, পোৱা মক্কা

মিলিজুলি ভ্ৰমিম।

 

বিপদে আপদে আমি

ৰাম আৰু ৰহিম

ইজনেও সিজনক

সদায়েই তৰিম ।

 

মহাত্মাই হাঁহি ক'ব

ৰাম আৰু ৰহিম

কোনে কাক আঁতৰাব

ৰাম আৰু ৰহিম?

 

কীৰ্তনে কোৰাণে গঢ়া

ৰাম আৰু ৰহিম

একতাৰ ডোলে বন্ধা

ৰাম আৰু ৰহিম।

 

একে আমি সদায়েই

ৰাম আৰু ৰহিম

ঈশ্বৰ আৰু আল্লাৰো

ৰাম আৰু ৰহিম।

 

আহাঁ আমি আকৌ কওঁ

ৰাম আৰু ৰহিম

সমস্বৰে আমি গাওঁ

ৰাম আৰু ৰহিম।

 

সমস্বৰে আমি গাওঁ

ৰাম আৰু ৰহিম

সমস্বৰে আমি গাওঁ

ৰাম আৰু ৰহিম।।


^^^^^^^^^

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page