গোলকীয় উষ্ণতাৰ প্ৰকোপ
- দেৱীকা বৰপূজাৰী,চান্তাক্ৰুজ, মুম্বাই

- Jan 4, 2025
- 3 min read

দেৱীকা বৰপূজাৰী, মুম্বাই
এই শব্দটো অতীতত আমি বাৰু কোনোবাই শুনিছিলোঁ নে? যদিও কোনোবাই শুনিছিল বা জানিছিল, কিন্তু কোনেও দ কৈ ভাবি চোৱা নাছিল। আমাৰ ঠাইখনৰ কথাই ধৰা যাওক, ঋতু সলনি হোৱাৰ লগে লগে আমি গম পাই যাওঁ, গৰম আহিব, জাৰ পৰিব ইত্যাদি। কিন্তু কিছু বছৰৰ পৰা গ্ৰীষ্ম কালত উৎকত গৰমৰ তাপত মানুহৰ হাঁহাকাৰ হোৱা অৱস্থা আৰু সেইদৰে সময়তকৈও পাছত হে শীতৰ আগমন হোৱা পৰিলক্ষিত হৈছে।
১৮৫০ ৰ পৰা ১৯০০ চনৰ ভিতৰত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে; পৃথিৱী উত্তপ্ত কৰা এই কাৰবাৰটো বন্ধ কৰিব নোৱাৰিলে কোনো শান্তিৰে থাকিব নোৱাৰিব; কিয়নো এই উষ্ণতা মানুহেই সৃষ্টি কৰা। খনিজ পদাৰ্থ, জীৱাশ্ম প্ৰজ্বলিত কৰা, চামৰা আদি কাৰখানাৰ অলাগতীয়াল দ্ৰব্য সমূহৰ জ্বলন, বাট পথ বহলাবলৈ হাবি-জঙ্গল ধ্বংস কৰা ইত্যাদি কাৰণতেই আজি বিশ্বত গোলকীয় উষ্ণতাৰ প্ৰকোপ বৃদ্ধি পাইছে। কোনোবাইতো ইয়াৰ বিৰুদ্ধে মাত মাতিবই লাগিব, এতিয়া সেই বিষয়ে কওঁ।
২০০৩ চনত জন্মগ্ৰহন কৰা ছুইডেনৰ গ্ৰেটা থানবাৰ্গ (Greta Thunburg) যেতিয়া এঘাৰ বছৰীয়া হৈছিল, তাই অনবৰতে মন মাৰি থাকিছিল, কাৰোৰে লগত কথা পাতিব নুখুজিছিল, খেলা-ধূলা কৰিবলৈ মন নাই; মাক দেউতাক বিবুধিত পৰিল। তাই যেন সকলোৰে পৰা আঁতৰি থাকিব খোজে; বাৰেবাৰে তাই মাক দেউতাকক প্ৰশ্ন কৰে জলবায়ু পৰিবৰ্তনৰ কাৰণৰ বিষয়ে। তাইৰ ১৮ বছৰ বয়সত ২০১৮ চনত গ্ৰেটাই ভাবিলে, আৰু নোৱাৰি; ময়েই কিবা এটাত লাগোঁ। ভবা মতেই গ্ৰেটাই স্কুলত ঘোষণা কৰিলে যে, জলবায়ুৰ ওপৰত সভা হ’ব লাগে আৰু সভা হ’বলৈ নিদিলে ধৰ্মঘট কৰা হ’ব। স্কুল কৰ্তৃপক্ষই কথাটো বৰ গুৰুত্ব নিদিলে। কিন্তু গ্ৰেটাই এই বিষয়ে স্কুলতে ভাষণ দিবলৈ ধৰিলে আৰু দেউতাক আচৰিত হ’ল যে, গ্ৰেটাৰ স্বভাৱ সলনি হৈছে, এই বিষয়ে বিজ্ঞজনৰ লগত কথা পাতিছে। ক্ৰমশঃ এই কথা বিয়পি পৰিল আৰু নৱ প্ৰজন্ম ওলাই আহিল গ্ৰেটাৰ সমৰ্থনত। সেই সময়তে গ্ৰেটাই Fridays for Future আৰু School strike for Climate change নামৰ দুটা আন্দোলনৰ জন্ম দিলে আৰু সেই ধৰ্মঘটৰ প্ৰভাৱ ছুইডেনৰ সংসদলৈকো গ'ল। গ্ৰেটাই চৰকাৰৰ হস্তক্ষেপ বিচাৰিছিল আৰু চৰকাৰৰ অমনোযোগিতাৰ আৰোপ লগোৱা বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। এই যে কোনোবাই অনিয়মৰ বিৰুদ্ধে মাত মাতিবলৈ সাহ কৰে, তাকেই কোৱা হয় Whistle blower। গ্ৰেটা থানবাৰ্গে এইক্ষেত্ৰত হুইচেল ব্ল'য়াৰ হিচাপে ঠিয় দিছিল।
আজি আমি আমাৰ চহৰত দেখিবলৈ পাইছোঁ নিতে নতুন উদ্যোগ, উৰণীয়া সেঁতু, আকাশ চুব খোজা অট্টালিকা। ভাল কথা, মানুহক সকলো লাগে। কিন্তু এইবোৰ সুবিধা ল’বলৈ যাওঁতে আমি হেৰুৱাইছোঁ আমাৰ চাৰিওকাষৰ বিশুদ্ধ বায়ু। উত্তৰাখণ্ডৰ কথাই ধৰা যাওঁক। হিমালয়ৰ পাদদেশৰ এখন সুন্দৰ ঠাই, পাহাৰীয়া অঞ্চল, গ্ৰীষ্ম কালত নানা ঠাইৰ পৰ্য্যটকৰে ঠাইখন ভৰি পৰে। গতিকে সেই সকলৰ বাবে আৱাস গৃহ লাগিবই । কিন্তু সেইবুলিয়ে ওখ পাহাৰৰ বুকু ভেদি সজা কেইবা মহলীয়া হোটেলৰ বাবেই তাত বান আহি সমস্ত ধ্বংস কৰি থৈ যোৱাৰ লগতে লৈ গ'ল বহু অমূল্য জীৱন!
আগৰ উত্তৰ পূবৰ শান্ত সেউজীয়া পৰিবেশ দেখিলে এনে লাগিব যেন ক’তো প্ৰদূষণ নাই, নাই গোলকীয় উষ্ণতাৰ আভাস। কিন্তু, বৰ্তমান সেই শান্ত সমাহিত সৌন্দৰ্যৰ ঠাই ল’লে আধুনিক জীৱন যাপনৰ আহিলাই; পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ হোৱা বুলি খ্যাত চেৰাপুঞ্জীৰ অৱস্থা আজি ভৈয়ামৰ দৰেই। গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিবৰ্তনৰ মাজত বিশেষ পাৰ্থক্য নাই বুলিয়েই ক’ব পাৰি। কিয়নো, গোলকীয় উষ্ণতা যিদৰে এই জগতৰ দ্ৰুতগতিত বঢ়া তাপমান, সেইদৰে জলবায়ু পৰিবৰ্তনৰ মাজেৰে আমি দেখিবলৈ পাইছোঁ ইয়াৰ পৰিণাম। তাপ বঢ়াৰ লগেলগে হিমবাহৰ গলন, বতাহ, উগ্ৰ ধুমুহা, বৰষুণ বা হঠাৎ হোৱা খৰাং বা অনাবৃষ্টি আদি। সেয়েহে, মানুহে সৃষ্টি কৰা জলবায়ু পৰিবৰ্তনৰ এক অন্যতম বিভীষিকা গোলকীয় উষ্ণতা।
আমি নিজেও ইয়াৰ কাৰণ হৈছোঁ নেকি ভাবি চোৱা দৰকাৰ। খালি হোৱা প্লাষ্টিকৰ ঠোঙাবোৰ, পানী খাই শেষ কৰা প্লাষ্টিকৰ বটলবোৰ, ঘৰৰ জাবৰ, মন্দিৰত দিয়া ফুল আদি বহুলোকে নদী লৈ দলিয়াই নিদিয়ে নে বাৰু? সেইবোৰো প্ৰকৃতিক কৰা মানুহৰেই অত্যাচাৰ।
আমি বাস কৰা এই ধৰাখন সুস্থ ভাবে ৰাখিবলৈ আমি কি কৰিব লাগে বা নালাগে জোৰ পুৰি হাত পোৱাৰ আগতেই বিচাৰ কৰি চাবৰ হ'ল।
&&&&&&&&





Comments