top of page
  • Black Facebook Icon
  • Black Instagram Icon

ছাত্ৰ সমাজ আৰু পুথিভঁৰাল

  • Writer: আতিক্সা আৰ্ভি বৰা,ষষ্ঠ মান,মাৰ্ভেল মা:একাডেমী,সৰুপথাৰ
    আতিক্সা আৰ্ভি বৰা,ষষ্ঠ মান,মাৰ্ভেল মা:একাডেমী,সৰুপথাৰ
  • Jan 9
  • 2 min read

আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড

একাডেমী, সৰুপথাৰ, গোলাঘাট

 

এখন দেশৰ সৰ্বাংগীন বিকাশ সাধনত অৰিহণা যোগোৱাৰ মূলতেই হৈছে আমাৰ ছাত্ৰ সমাজ। ছাত্ৰসকলেই দেশৰ ভৱিষ্যতৰ গুৰি ধৰোঁতা। ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্যে সফল কৰিবলৈ হ'লে একান্ত পৰিশ্ৰম আৰু একাগ্ৰতাৰে  জ্ঞান অৰ্জনত ব্ৰতী হ'ব লাগিব।  সামাজিক দায়বদ্ধতাও ছাত্ৰ সমাজৰ প্ৰধান কৰ্তব্য।  যদিও ছাত্ৰসকলৰ কাৰণে অধ্যয়নেই হৈছে একমাত্ৰ তপস্যা তথাপিও সমাজৰ দায়িত্ব পালন কৰাটোও প্ৰয়োজনীয় কামৰ ভিতৰতে পৰে।

 

ছাত্ৰ অৱস্থাতে এজন ছাত্ৰই জীৱনৰ ভেঁটি মজবুত কৰি লোৱাটো প্ৰয়োজন। তেওঁলোকে জীৱনত নিজৰ ভিতৰৰ জগতখনে জানিবলৈ উৎসুক হৈ থকা প্ৰতিটো প্ৰশ্নৰ উত্তৰ শৈশৱৰ পৰাই জানিবলৈ আগ্ৰহী হ'লেহে ছাত্ৰ সমাজৰ উন্নতি সাধন হ'ব।  বিভিন্ন বাতৰি কাকত, আলোচনী আদি পঢ়ি নিজৰ জ্ঞান বৃদ্ধি কৰিব লাগে আৰু এই জ্ঞান বৃদ্ধি কৰিবলৈ সহায় কৰা একমাত্ৰ অনুষ্ঠান হৈছে পুথিভঁৰাল। তেওঁলোকৰ বাবে পুথিভঁৰালসমূহ হৈছে এক গুৰুত্বপূৰ্ণ ভঁৰাল য'ত তেওঁলোকে ইতিহাস, দৰ্শন, বিজ্ঞান, সাহিত্য-কলা, জীৱনী আদি বিভিন্ন বিষয়ৰ পুথি অধ্যয়নৰ যোগেদি ব্যক্তিগত বিকাশ সাধনত সহায় কৰা মাধ্যম। মুঠৰ ওপৰত ছাত্ৰ সমাজৰ বাবে পুথিভঁৰাল এক জ্ঞানৰ ভঁৰাল।

 

ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়সমূহত একোটা পুথিভঁৰাল থাকে । বহুতো ছাত্ৰ-ছাত্ৰী আছে যিয়ে কোনো এটা বিষয়ৰ ওপৰত জানিবলৈ ইচ্ছুক কিন্তু তেওঁ প্ৰয়োজনীয় কিতাপ আদি ক্ৰয় কৰিবলৈ অপাৰগ। সেইসকল ছাত্ৰ-ছাত্ৰীয়ে পুথিভঁৰালৰ যোগেদিয়েই এই সুবিধা গ্ৰহণ কৰিব পাৰে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিয়মিত পুথিভঁৰাললৈ অহা-যোৱা কৰি জ্ঞান অৰ্জন কৰে, তেনে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশ আৰু চৰিত্ৰ গঠন আন ল'ৰা ছোৱালী তুলনাত বেলেগ হয়।

 

বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰভাৱে ছাত্ৰ সমাজৰ মাজত গ্ৰন্থ অধ্যয়নৰ জনপ্ৰিয়তা হ্ৰাস কৰা দেখা পোৱা গৈছে।  কিতাপৰ পৃষ্ঠা লুটিয়াবলৈ এলাহ কৰা হৈছে, ইলেক্টনিক কিতাপ পঢ়ি সহজতেই বিভিন্ন তথ্য আহৰণ কৰিব পাৰিছে।  কিন্তু বিভিন্ন পুথিভঁৰালত নতুনকৈ সংযোজিত হৈছে ইনফৰমেশ্যন এণ্ড লাইব্ৰেৰী নেটৱৰ্ক (Information and Library Network) ।  ছাত্ৰ-ছাত্ৰীয়ে বুটাম টিপিলেই নানা তথ্যৰ সম্ভেদ পাব পৰাকৈ সক্ষম কৰি তুলিছে এই পুথিভঁৰালসমূহে।  মুঠতে গ্ৰন্থ অধ্যয়নে ছাত্ৰ সমাজৰ মাজত এক সুস্থিৰ বাতাৱৰণ গঢ় দিয়াত সহায় কৰে। সেয়ে পুথিভঁৰাল হৈছে ছাত্ৰ সমাজৰ বাবে জ্ঞানৰ অম্লান উৎস।

 

শৈক্ষিক পৰিৱেশ অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত সমাজৰ প্ৰতিজন ব্যক্তিৰ গভীৰ দায়িত্ব থাকে।  তেওঁলোকে শিক্ষাৰ মূল বুজি লৈ শিক্ষাৰ প্ৰতি অনুৰাগী হ'ব লাগিব।  শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিব পৰা ঘটনা যাতে নঘটে, তাৰ প্ৰতি সচেতন হ'ব লাগিব  আৰু এই সকলোবোৰ গুৰুদায়িত্ব পালন কৰিব লাগিব এই ছাত্ৰ সমাজে।

 

ছাত্ৰ সমাজে এই দায়িত্ব পালন কৰিবলৈ হ'লে প্ৰথমে তেওঁলোকে বিভিন্ন দিশত জ্ঞান অৰ্জন কৰিব লাগিব।  নিয়মিত গ্ৰন্থ অধ্যয়নৰ যোগেদি নাইবা চৌপাশৰ পৰিবেশ অধ্যয়নৰ যোগেদি তেওঁলোকে এনে জ্ঞান অৰ্জন কৰিব লাগিব।  সমাজ এখনত যিমানেই অধ্যয়নশীল মানুহ থাকিব সিমানেই সমাজখন উন্নয়নৰ দিশেৰে আগবাঢ়িব।  পুথিভঁৰালে পাঠকৰ সৃজনীশক্তি বঢ়াই তুলিব পাৰে।  মুঠৰ ওপৰত ছাত্ৰসকলৰ মাজত জ্ঞানৰ উৎকৰ্ষ সাধন কৰা আৰু অধ্যয়নৰ সহজলভ্য মাধ্যম হিচাপে পুথিভঁৰালৰ গুৰুত্ব অপৰিসীম।


সমাজত যিমানেই পুথি অধ্যয়নৰ স্পৃহা বাঢ়ি যাব সিমানেই ভাষা, সাহিত্য, সংস্কৃতিৰ পৰিসৰ বৃদ্ধি হ'ব, সাহিত্যৰ ভঁৰালো সিমানেই চহকী হ'ব। জাতিটো সভ্য, জ্ঞানী, মানী বুলি পৰিচিত হ'ব পাৰিব।


***********


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page