জানিব লগা কিছু কথা
- স্বপ্নাশ্ৰী এচ. মেধি, গোলাঘাট, অসম
- Apr 6
- 2 min read

স্বপ্নাশ্ৰী এচ.মেধি, বৰপথাৰ, গোলাঘাট, অসম
(ক) কি বুলি কোৱা হয় ?
· পূবৰ পৰা পশ্চিমলৈ বলা বতাহ = কুৰুৱা বতাহ
· পশ্চিমৰ পৰা পূৱলৈ বলা বতাহ = পচোৱা বতাহ
· উত্তৰৰ পৰা দক্ষিণলৈ বলা বতাহ = ফাল্গুনী বতাহ
· দক্ষিণৰ পৰা উত্তৰলৈ বলা বতাহ = মলয়া বতাহ
(খ) বিভিন্ন উৎসৱ-পাৰ্বনত অসমীয়া মহিলাসকলে বন্ধা খোপাৰ নাম:
উধনীয়া খোপা তগৰ খোপা কলডিলীয়া খোপা তেঁতেলী খোপা
ঘিলা খোপা থিয় খোপা চকা খোপা নেঘেৰি খোপা
চেলা খোপা লিগিৰী খোপা
(গ) কোনটো বঁটা কোন ক্ষেত্ৰত প্ৰদান কৰা হয় ?
* অস্কাৰ : চলচ্চিত্ৰ
* গ্ৰেমী : সংগীত
* অৰ্জুন : খেল
* ফিল্ডছ মেডেল : গণিত
* কলিংগ : বিজ্ঞান
* ধ্যানচান্দ : হকী খেল
* বুকাৰ : গ্ৰন্থ
* ভাৰত ৰত্ন : সাহিত্য, বিজ্ঞান, কলা, সমাজ সেৱা আদি
* ন’বেল বঁটা : পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য, অৰ্থনীতি আৰু শান্তি
* মেগছেছে বঁটা : আন্তৰ্জাতিক বুজা-পৰা, সাংবাদিকতা, সাহিত্য, সমাজ সেৱা, সৃষ্টিশীল কৰ্ম আদি
* পুলিৎজাৰ বঁটা : বিজ্ঞান,চলচ্চিত্ৰ, সাহিত্য, সাংবাদিকতা, সমাজসেৱা, শান্তি আদি
(ঘ) সাত বিহুৰ নাম :
চ’তৰ সংক্ৰান্তিৰ দিনা ব’হাগ বিহু বা ৰঙালী বিহু উদযাপন কৰা হয়। এই সময়ত প্ৰকৃতিৰ বিপুল পৰিবৰ্তন ঘটে ৷ লঠঙা গছ- লতাত কোমল কুঁহিপাতে মধুৰ দিনৰ আগমনৰ সূচনা কৰে ৷ বসন্তৰ পৰশত প্ৰকৃতিৰ বিনন্দীয়া ৰূপত কুলি, কেতেকী, মইনা,সখিয়তিৰ মধুৰ মুৰ্চ্ছনাই সকলোৰে বুকুত তোলে মৃদু হিল্লোল ৷ অসমীয়া ৰাইজেও ৰঙালী বিহুক আড়ম্বৰপূৰ্ণ ভাবে পালন কৰিবলৈ সাঁজু হয় ৷ অতীতত এই ৰঙালী বিহুক সাত দিনকৈ উদযাপন কৰিছিল আৰু সেই সাত দিনে উদযাপন কৰা প্ৰতিটো বিহুৰ বেলেগ বেলেগ নাম আছিল ৷ সেইয়া হ’ল ....
* প্ৰথম দিনা গৰু বিহু
* দ্বিতীয় দিনা মানুহ বিহু
* তৃতীয় দিনা গোঁসাই বিহু
* চতুৰ্থ দিনা তাঁতৰ বিহু
* পঞ্চম দিনা নাঙল বিহু
* ষষ্ঠ দিনা চেনেহী বা জীয়াৰী বিহু
* সপ্তম দিনা চেৰা বিহু
@@@@@@@@@
Comments