top of page
  • Black Facebook Icon
  • Black Instagram Icon

ডোপামিন নিঃসৰণ আৰু ৰীল স্ক্ৰলিংৰ সম্পৰ্ক

  • Writer: মেঘমল্লাৰ বৰা,দ্বাদশ শ্ৰেণী,বল’সিং মে: স্কুল, বৰপথাৰ
    মেঘমল্লাৰ বৰা,দ্বাদশ শ্ৰেণী,বল’সিং মে: স্কুল, বৰপথাৰ
  • Jul 13
  • 3 min read


মেঘমল্লাৰ বৰা, দ্বাদশ শ্ৰেণী,

বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ

 

ভূমিকা:


আধুনিক ডিজিটেল যুগত স্মাৰ্টফোন আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে ৷ বিশেষকৈ সামাজিক মাধ্যমৰ ক্ষুদ্ৰ ভিডিঅ’ অৰ্থাৎ ৰীলে আমাৰ দৈনন্দিন জীৱনত এক বৃহৎ প্ৰভাৱ পেলাইছে ৷ ইনষ্টাগ্ৰাম, ইউ-টিউব চৰ্টচ্‌, ফেচবুক ৰীল আদি স্ক্ৰল কৰি আমি ঘন্টাৰ পিছত ঘন্টা ব্যস্ত হৈ থাকোঁ ৷ হয়তো আমি কেতিয়াবা ভাবোঁ, কেনেকৈ এই সৰু সৰু ভিডিঅ’বোৰে আমাক ইমান সময় ধৰি ব্যস্ত কৰি ৰাখে? ইয়াৰ মূলতে আছে আমাৰ মগজুৰ এক গুৰুত্বপূৰ্ণ ৰাসায়নিক…. ‘ডোপামিন’ ৷

 

ডোপামিন কি ?


ডোপামিন হৈছে আমাৰ মগজুত উৎপন্ন হোৱা এক ধৰণৰ নিউৰোট্ৰান্সমিটাৰ ৷ ই মগজুৰ ‘Reward system' বা পুৰস্কাৰ ব্যৱস্থাৰ সৈতে জড়িত ৷ যেতিয়া আমি কিবা ভাল কাম কৰোঁ,  কোনো আনন্দদায়ক অভিজ্ঞতা লাভ কৰোঁ বা কিবা লক্ষ্যত উপনীত হওঁ, তেতিয়া মগজুৰ ডোপামিন নিঃসৃত হয় ৷ ই আমাক সুখানুভূতি দিয়ে আৰু সেই কাম পুনৰ কৰিবলৈ প্ৰেৰণা যোগায় ৷ খাদ্য খোৱা, প্ৰশংসা পোৱা, খেল-ধেমালি কৰা, সংগীত শুনা, প্ৰিয় মানুহৰ সৈতে কথা পতা ... এই সকলোবোৰেই ডোপামিন নিঃসৰণ ঘটায় ৷

 

ৰীল স্ক্ৰলিং (Reel scrolling) ত ডোপামিনৰ ভূমিকা :


চচিয়েল মিডিয়াৰ চুটি ভিডিঅ'বোৰ স্ক্ৰীণত তল-ওপৰ কৰি চাই থকাৰ (Reel scrolling) সময়ত আমি অনেক নতুন নতুন আৰু আকৰ্ষণীয় ভিডিঅ’ দেখোঁ ৷ তেতিয়া সেই সময়ত এটাৰ পিছত আন এটা  ভিডিঅ’ আহি থকাৰ লগে লগে আমি পৰৱৰ্তী ভিডিঅ’টো চাবলৈ উৎসুক হৈ পৰোঁ ৷ এই উৎসুকতাই আমাৰ মগজুত এক প্ৰকাৰৰ প্ৰত্যাশাৰ (anticipation) জন্ম দিয়ে আৰু এই প্ৰত্যাশাৰ ফলত আমাৰ মগজুত ডোপামিনৰ নিঃসৰণ ঘটায় ৷ যেতিয়া আমি কোনো মজাৰ, চমকপ্ৰদ বা আকৰ্ষণীয় ভিডিঅ’ দেখোঁ, তেতিয়া ডোপামিনৰ মাত্ৰা বৃদ্ধি পায় আৰু আমি সুখানুভূতি লাভ কৰোঁ ৷ ইয়াৰ ফলত আমি আৰু অধিক ৰীল স্ক্ৰলিং কৰিবলৈ আগ্ৰহী হৈ পৰোঁ ৷ ইয়াক 'ডোপামিন লুপ' বোলা হয় ৷

 

ৰীল স্ক্ৰলিঙলৈ কিয় আমাৰ ইমান আগ্ৰহ ?


  • ভিডিঅ’ বা ৰীলসমূহ সাধাৰণতে সৰু আকাৰৰ, প্ৰায় ১৫ ৰ পৰা ৬০ ছেকেণ্ডৰ ভিতৰত হয় বাবে আমাৰ মনোযোগ সহজে ধৰি ৰাখিব পাৰে ৷

  • প্ৰতিটো স্ক্ৰলতে নতুন বিষয়বস্তু দেখা পোৱাৰ বাবে একঘেয়ামিতা নাথাকে ৷

  • আমাৰ ৰুচি অনুসৰি ভিডিঅ’ দেখুৱাই, যাৰ ফলত আমি বেছি সময় ব্যস্ত থাকোঁ ৷

  • মজাৰ ভিডিঅ’ দেখা মানেই তাৎক্ষণিক সুখানুভূতি আৰু ডোপামিন বৃদ্ধি কৰে ৷

 

ৰীল স্ক্ৰলিংৰ কুফল :


  • দীৰ্ঘ সময় ৰীল চোৱাৰ ফলত আমাৰ মন কোনো নিদিৰ্ষ্ট কামত কেন্দ্ৰীভুত কৰিবলৈ অসুবিধা হয় ৷

  • উৎপাদনশীলতা হ্ৰাস পায়, সময়ৰ অপচয় হয়, কামত মন নবহে, পঢ়াৰ ক্ষতি হয় ৷

  • ৰাতি বহু দেৰিলৈকে ফোন ব্যৱহাৰ কৰিলে টোপনিৰ সময় কমি যায় আৰু টোপনি ভালদৰে নহয় ৷

  • তুলনা কৰাৰ অভ্যাস, লাইক আৰু কমেন্টৰ আশা, নিগেটিভ কমেণ্ট আদিয়ে মানসিক চাপ বৃদ্ধি কৰিব পাৰে ৷

  • লাহে লাহে ৰীল স্ক্ৰলিং এক প্ৰকাৰৰ অভ্যাসলৈ পৰিণত হয় ৷

 

ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?


  • স্ক্ৰীণ টাইম সীমিতকৰণ :: দৈনিক কিমান সময় সামাজিক মাধ্যমত ব্যয় কৰিব তাৰ এক নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰা আৱশ্যক  ৷

  •  নিয়মিত বিৰতি :: প্ৰতি ৩০- ৪০ মিনিটৰ পাছত বিৰতি ল’লে আৰু চকু আৰু মগজুয়ে আৱশ্যকীয় বিশ্ৰাম পায় ৷

  •  অফলাইন কাৰ্যকলাপ বৃদ্ধি :: স্ক্ৰলিং কৰাৰ পৰিৱৰ্ত্তে পঢ়া-শুনা, খেল-ধেমালি, ব্যায়াম, সংগীত, ছবি অকাঁ আদিৰ প্ৰতি অভ্যাস গঢ়ি তোলা আৱশ্যক ৷ 

  • ফোনৰ ন’টিফিকেশ্যন বন্ধ ৰখা বাঞ্চনীয় :: বাৰে বাৰে ন’টিফিকেশ্যন আহিলে মনটো বিচলিত হয় আৰু স্ক্ৰল কৰাৰ প্ৰৱণতা বৃদ্ধি পায় ৷

  •  স্ব- সচেতনতা :: আমি কিয় স্ক্ৰল কৰোঁ, ইয়াৰ ফলত আমাৰ কি উপকাৰ আৰু কি অপকাৰ হয়, এই বিষয়ত আমি নিজেই সচেতন হোৱাটো অতি আৱশ্যক।

 

উপসংহাৰ :

ৰীল স্ক্ৰলিং মনোৰঞ্জনৰ এক ভাল উপায় হ’ব পাৰে, কিন্তু ইয়াৰ পৰিণতি বুজি আমি আমাৰ ব্যৱহাৰত সংযম আনিব পাৰোঁ ৷ ডোপামিন নিঃসৰণ আমাৰ মগজুৰ স্বাভাৱিক প্ৰক্ৰিয়া কিন্তু অত্যাধিক উত্তেজনা আৰু অনিয়ন্ত্ৰিত ব্যৱহাৰে আমাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় ৷ সেয়েহে আমি ডিজিটেল মাধ্যমৰ সঠিক আৰু সচেতন ব্যৱহাৰ শিকি আমাৰ জীৱনক সফল আৰু সুস্থ কৰি তুলিব পাৰোঁ ৷


**********


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page