বাৰমাহৰ কবিতা
- মাশ্বাৰিক আব্দুল্লা, মৰিগাঁও

- Jul 5, 2024
- 1 min read
Updated: Sep 22, 2024

মাশ্বাৰিক আব্দুল্লা, ষষ্ঠ শ্ৰেণী,
মিলনপুৰ মজলীয়া বিদ্যালয়, মৰিগাঁও
ব’হাগ মাহ, বিহুৰ বতৰ
ল’ৰা-বুঢ়াই নাচে,
দিনে ৰাতিয়ে হুঁচৰি মাৰে
ঢোল পেঁপা বাজে ৷
জেঠ মাহত ৰ’দৰ তাপত
দেহা ফাটি যায়,
খেতিয়কেও পথাৰৰ কাম
কৰোঁতে টান পায় ৷
আহাৰ মাহত গছৰ ডালত
ফল-মূলবোৰ পকে,
পকা পকা ফল খাবলৈ
বনৰ পখীবোৰ আহে ৷
শাওণ মাহ বৰষুণৰ বতৰ
খেতি কৰিবলৈ ভাল
সময়ৰ খেতি সময়ত কৰি
খেতিয়কে বায় হাল ৷
ভাদ মাহত নামঘৰত
সকলোৱে নাম ধৰে,
নাম-গুণৰ মাজেৰেই
গুৰুজনাক স্মৰণ কৰে ৷
আহিন মাহত নিয়ৰ সৰে
বনৰ পাতে পাতে,
শৰতৰ দিয়ে আগজাননী
শেৱালি ফুলৰ পাহে ৷
কাতি মাহত তুলসীৰ তলত
ধূপ-চাকি দিয়ে,
সেউজীয়া পথাৰৰ নতুন ধানে
সকলোকে মাতি নিয়ে ৷
আঘোণ মাহত পকা ধানে
মাতে ৰিঙিয়াই,
ধান কাটি ভঁৰালত থৈ
খাওঁ বছৰ জুৰাই ৷
পুহ মাহত বৰ ঠাণ্ডা
বাহিৰ ওলোৱা টান
গৰম-কাপোৰ গাত লৈ
বিছনাতে গাওঁ গান ৷
মাঘ মাহ ভোগালীৰ বতৰ
অতি আদৰৰ,
লাড়ু পিঠা চিৰা মুড়িৰে
ভৰি থাকে ঘৰ ৷
ফাগুন মাহত বতাহ বলে
গছৰ পাত সৰে,
ফুল-ফলৰ অভাৱত
কান্দে গছবোৰে ৷
চ’ত মাহ বছৰৰ শেষ
মাহবোৰে বিদায় লয়,
নতুন বছৰ আহিব বুলি
আদৰাৰো সময় হয় ৷
********





Comments