বৰ্ষণমুখৰ এটি আবেলিৰ অনুভৱ
- অদ্রিকা বৰুৱা, চতুৰ্থ মান, ফেকাল্টি হা.ছে.স্কুল, উ.গুৱাহাট

- Sep 14, 2024
- 1 min read
Updated: Oct 3, 2024

অদ্রিকা বৰুৱা, চতুৰ্থ শ্ৰেণী
ফেকাল্টি হাইয়াৰ ছেকেণ্ডাৰি স্কুল,
উত্তৰ গুৱাহাটী
টোপনি ভাগিল মা,
পিৰালিত ক্ষন্তেক বহোঁ আহাঁ।
আস! টোপ টোপ কৈ বৰষুণ পৰিছে!
চোৱাচোন মা, আম পাতবোৰ কেনেকৈ লৰিছে!
পাতৰ আগত টোপালবোৰ মুকুতা হৈ উজলিছে!
কাঁচৰ বন্ধ খিৰিকীত চিটিকি টোপালবোৰে
নিজাকৈ মনোৰম কবিতা লিখিছে!
টোপ টোপ মিঠা বৰষুণে জীপাল কৰিছে মোৰ গা!
মোৰ আঙুলিবোৰেদিও যেন মুকুতা সৰিছে!
এয়া চোৱা মা, পৃথিৱীখন কি যে ধুনীয়া লাগিছে!
নীড়মুখী পক্ষীজাকে ভাগৰুৱা পাখি মেলি
আবেলিটোৰ কিযে ৰহণ চৰাইছে!
তাতে তোমাৰ হাতৰ পকৰিৰ সুগন্ধ মলমলাইছে!
সুন্দৰ এটা পুৱাৰ প্ৰতিশ্ৰুতিৰে দিনটোৱে মেলানি মাগিছে।
****************





Comments