top of page
  • Black Facebook Icon
  • Black Instagram Icon

ভাগ্যৰ পৰিবৰ্তন

  • Writer: অনুভা প্ৰিয়ম শইকীয়া,দশম মান,ঢেকীয়াজুলি হাইস্কুল, লালুক
    অনুভা প্ৰিয়ম শইকীয়া,দশম মান,ঢেকীয়াজুলি হাইস্কুল, লালুক
  • Sep 10, 2024
  • 4 min read

Updated: Oct 6, 2024

ree

অনুভা প্ৰিয়ম শইকীয়া, দশম মান

ঢেকীয়াজুলি হাইস্কুল, লালুক, লক্ষীমপুৰ

 

পুৰণি কালত সাগৰ তীৰত অৱস্থিত অৱন্তিপুৰ নামৰ এখন দেশত ৰজা বিজয় সিংহই ৰাজত্ব কৰিছিল। অৱন্তিপুৰ ধন, যশস্যা আদি সকলো ফালৰ পৰাই ভাৰতৰ ভিতৰতে এখন জাকত-জিলিকা দেশ আছিল। কিন্তু ৰজা বিজয় সিংহ নিঃসন্তান আছিল। ৰজা বিজয় সিংহৰ পিছত দেশৰ কাৰ্যভাৰ ল’বলৈ কোনো উত্তৰাধিকাৰী নথকা হেতুকে ৰজা-ৰাণী দুয়োৰে মনত বৰ দুখ আছিল।

 

এদিন অৱন্তিপূৰৰ ৰজা বিজয় সিংহই দূৰৈৰ এখন অৰণ্যত মৃগয়া কৰিবলৈ গৈছিল। মৃগয়া কৰি ঘূৰি আহোঁতে, অৰণ্যৰ মাজত কান্দি থকা অৱস্থাত অকলশৰীয়া এটি কন্যা শিশু দেখা পাই, সেয়া ভগৱানৰে দান বুলি ভাবি ৰজাই শিশুটিক ৰাজকাৰেঙলৈ লৈ আহিল। কন্যা শিশুটি দেখি ৰাণীৰ মন আনন্দৰে উপচি পৰিল আৰু ৰাজ্যৰ নামৰ লগত মিলাকৈ মৰমতে তাইৰ নাম ৰাখিলে ‘অৱন্তিমায়া’।

ৰজা-ৰাণী দুয়োৰে আটোলটোল মৰম-স্নেহ পাই অৱন্তিমায়া লহপহকৈ বাঢ়ি আহি এসময়ত এজনী দীপলিপ সুন্দৰী হৈ ৰাজহাউলী পৰিপূৰ্ণ কৰি তুলিলে। ইফালে ৰজা-ৰাণীৰ অধিক মৰম পাই তাই লাহে লাহে জেদী আৰু অহংকাৰী স্বভাৱৰ আৰু অত্যাচাৰীও হৈ উঠিল।  


অৱশ্যে ৰাজকুমাৰীৰ এনে চৰিত্ৰৰ মূলতে হ'ল তাইৰ জন্ম বৃত্তান্ত। সেইসময়ত অৱন্তিপুৰৰ কিছু নিলগৰ অৰণ্যৰ মাজত এজনী ৰাক্ষসী বাস কৰিছিল। তাই সুন্দৰী গাভৰুৰ ৰূপ ধৰি, সেইখন অৰণ্যলৈ চিকাৰ কৰিবলৈ অহা ৰজা, ৰাজকোঁৱৰ, বিষয়া আদিক কথাৰ চলাহীৰে ফুচুলাই বিয়াত বহিছিল। সন্তান জন্মৰ পাছত সন্তানটো এৰি, পুৰুষসকলক অৰণ্যবিহাৰ কৰাৰ চলেৰে হাবিলৈ লৈ গৈছিল। হাবিলৈ আহিয়েই ৰাক্ষসীয়ে নিজৰ ভেশচন এৰি ৰাক্ষসী ৰূপ ধাৰণ কৰি সেই পুৰুষসকলক কাবু কৰি লৈ ভক্ষণ কৰিছিল।

 

সেই অৱন্তিমায়াও কোনোবা ৰজা বা ৰাজবিষয়াৰ সন্তান আছিল। ৰাক্ষসীয়ে তাইক কিবা কাৰণত বনলৈ আনি, বনৰ মাজত এৰিথৈ গৈছিল। ৰাক্ষসীজনীৰ সন্তান অৱন্তিমায়াৰ চৰিত্ৰও সেয়ে ৰাক্ষসৰ নিচিনাই হৈ উঠিছিল।

 

ইফালে দীপলিপ সুন্দৰী ৰাজকুমাৰী অৱন্তিমায়াৰ ৰূপ-সৌন্দৰ্য্যৰ কথা চাৰিওফালে বিয়পি পৰিল। এই খবৰ পাই বিভিন্ন প্ৰান্তৰ ৰাজকোঁৱৰ সকলে বিয়াৰ প্ৰস্তাব লৈ আগবাঢ়ি আহিল।  কিন্তু ৰাজকুমাৰীয়ে কাকো অকণমানো আসৈ নিদি সয়ম্বৰৰ বাবে এটা আচৰিত চৰ্ত ৰাখিলে। সয়ম্বৰৰ চৰ্ত অনুসৰি যিজন পুৰুষে নিশা গোপনে ৰাজহাউলীত প্ৰবেশ কৰি, এই বৃহৎ ৰাজকাৰেঙৰ শোৱনী কোঠাত  ৰাজকুমাৰীক বিচাৰি উলিয়াব পাৰিব, সেই জনলৈকেহে তাই বিয়া হ'ব। এনেধৰণৰ আচৰিত চৰ্ত শুনিও বহু ৰাজকুমাৰ বা সম্ভ্ৰান্ত ঘৰৰ যুৱকে ৰাজকুমাৰীক বিচাৰি উলিয়াই বিয়া পাতিবলৈ চেষ্টা কৰিলে। পিছে যিজন পুৰুষেই ৰাজকুমাৰীক বিচাৰি ৰাজকাৰেঙত প্ৰৱেশ কৰে, সেইজন আৰু দুনাই ওলাই আহিব নোৱাৰে। ৰাজকাৰেঙৰ ভিতৰত তেওঁ ৰহস্যময়ভাৱে নাইকিয়া হৈ যায়!

 

এই সমগ্ৰ কথাটোৰ আঁৰত অইন এক ভয়ংকৰ কাহিনী লুকাই আছিল! এদিন ৰাক্ষসীজনীয়ে এজনী সুন্দৰী মহিলাৰ ৰূপ ধাৰণ কৰি, ঘ্ৰাণ লৈ লৈ আহি জীয়েকক ৰাজপ্ৰসাদত বিচাৰি উলিয়ালে। ৰাক্ষসীজনীয়ে অৱন্তিমায়াৰ লিগিৰী হৈ থকাৰ ইচ্ছা প্ৰকাশ কৰিলে। ধুনীয়া আৰু মৰমলগা লিগিৰীজনীক অৱন্তিমায়াই নিজৰ শোৱনীকোঠাৰ কাষৰ কোঠাটোতে থাকিবলৈ দিলে।

 

কিছুদিন যোৱাৰ পিছত, এদিন ৰাক্ষসীজনীয়ে চেগ বুজি তাইহে যে ৰাজকুমাৰীৰ প্ৰকৃত মাক, সেয়া কৈ তাইক পতিয়ন নিয়ালে। প্ৰথমে ৰাজকুমাৰীয়ে তাইৰ মাকজনী যে আচলতে এজনী ৰাক্ষসীহে আছিল, সেয়া জনা নাছিল।  কিন্তু ৰাক্ষসীজনীয়ে যেতিয়া মাহেকত এজনকৈ হ'লেও মানুহ খাবলৈ দিব লাগিব বুলি ৰাজকুমাৰীক দাবী কৰিলে, তেতিয়াহে তাই ভয়তে কোঁচমোচ খালে আৰু পিতাকক জনাবলৈ উদ্যত হ’ল।  ৰাক্ষসীয়ে তুৰন্ত ৰজাক জনালে  তাইক আৰু ৰজা-ৰাণীক দুয়োকে খাই পেলোৱাৰ ভাবুকি দি তাইক কাবু কৰি পেলালে। অৱশেষত ৰাজকুমাৰী অৱন্তিমায়াৰ সেই ৰাক্ষসীজনীৰ লগত এটা চুক্তি হ'ল যে,  যি কোনো উপায়েৰে হ’লেও  অৱন্তিমায়াই  ৰাক্ষসীজনীক মাহেকত এজনকৈ হ'লেও মানুহ খাবলৈ দিব লাগিব।

 

ৰাজকুমাৰী অৱন্তিমায়া সাহসী আৰু বুদ্ধিমতী আছিল। তাই ৰাক্ষসী মাকৰ সমস্যাটোৰ সমাধানৰ উপাই চিন্তা কৰি কৰি এটা বুদ্ধি ভাবি উলিয়ালে। ৰাজকুমাৰীয়ে নিজৰ সয়ম্বৰৰ এনে এটা আচহুৱা চৰ্ত নিৰ্ধাৰণ কৰিলে যে, চুক্তি মতে ৰাক্ষসীৰ বাবে মাহেকীয়া নৰখাদ্যৰ সমাধানৰ পথো বিচাৰি পালে। এই বুদ্ধি অনুসৰি, স্বামী বৰণ কৰাৰ চলেৰে তেজাল পুৰুষবোৰক আবদ্ধ কৰি ৰাখি ৰাক্ষসীৰ খাদ্য হিচাপে আগবঢ়াই দিয়াৰ সিদ্ধান্ত কৰিলে। তাৰ লগতে সুযোগ বিচাৰি ৰাক্ষসীৰ কৱলৰ পৰা নিজৰ লগতে গোটেই দেশখনৰে মুক্তিৰ উপায়ো চিন্তা কৰি থাকিল। কেইবাজনো হোজা বুদ্ধিৰ ৰাজকুমাৰ তথা সম্ভ্ৰান্ত যুৱকে  ৰাজকুমাৰীৰ চৰ্ত মতে ৰাজকুমাৰীক প্ৰসাদত বিচাৰি উলিওৱাৰ চেষ্টা কৰি শেষত গৈ ৰাক্ষসীৰ খাদ্য হ'ল!

 

সেই সময়তে জয়জিত নামে এজন দৰিদ্ৰ অথচ তীক্ষ্ণ বুদ্ধিৰ যুৱকেও আহি ৰাজকুমাৰীৰ এই ফান্দত ভৰি দিলেহি। পিছে জয়জিত দুখীয়া হ'লেও এজন আজন্ম শিল্পী ৰূপে পৰিচিত আছিল। বাঁহ বা কাঠেৰে সুন্দৰ আৰু নিখুঁত মূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ বিশেষ নাম আছিল।  সেই হিচাপেই এদিন ৰাজকাৰেঙত মূৰ্তি বিক্ৰি কৰিবলৈ আহি ৰাজকুমাৰীৰ সয়ম্বৰৰ চৰ্তৰ কথা গম পায়। পিছে সয়ম্বৰৰ চৰ্ত আৰু বিয়া কৰাবলৈ অহা পুৰুষসকল অকস্মাতে নাইকীয়া হোৱাৰ কথা কেনেবাকৈ জানিব পাৰি তেওঁৰ গোটেই ঘটনাটোৰ ওপৰত সন্দেহ উপজিল। ঘৰলৈ আহি ঘটনাৰ এটা সম্যক ধাৰণা কৰি এই ৰহস্যৰ আঁতি-গুৰি উলিয়াবলৈ বদ্ধপৰিকৰ হ'ল। তেওঁ বহুত ভাৱি-চিন্তি শেষত মৰসাহ কৰি ৰাজকন্যাক বিয়া কৰাবলৈ মন থকাৰ কথা ৰাজমহলত জনাই দিলে। শিল্পী জয়জিতে তেওঁৰ পৰিকল্পনা অনুসৰি অৱন্তিমায়াক আগতীয়াকৈ এটা সোণালী হৰিণ উপহাৰ দিয়াৰ কথাও ঘোষণা কৰিলে। সোণৰ হৰিণৰ মোহত পৰি ৰাজকুমাৰী অৱন্তিমায়াই উপহাৰটো আনিবলৈ নিৰ্দেশ দিলে। এদিন সন্ধিয়া সময়ত কেইজনমান যুৱকে সোণালী হৰিণটো ৰাজপ্ৰসাদলৈ লৈ আহিল। ৰাজকুমাৰীয়ে আগতে কেতিয়াও নেদেখা এনে সুন্দৰ আৰু প্ৰকাণ্ড হৰিণাটো নিজাকৈ পাই আনন্দত আত্মহাৰা হৈ তৎকালে শোৱনীকোঠালৈ লৈ গ'ল।

 

সেইদিনা ৰাতি দোভাগ হৈছে। ৰাজকুমাৰী দূৰ্ঘোৰ টোপনিত লালকাল । সিফালে পুতলা হৰিণাটো উপহাৰ দিয়াৰ চলেৰে শিল্পী জয়জিতে নিজেই সেই হৰিণাটোৰ ভিতৰত সোমাই ৰাজপ্ৰসাদৰ অন্তঃপুৰ পালেহি। মাজনিশা সকলো শুই থকাৰ সুযোগতে শিল্পী জয়জিতে হাতত তৰোৱাল লৈ হৰিণৰ পেটৰ পৰা ওলাই আহিল। হাততসাৰে-ভৰিতসাৰে আগবাঢ়ি গৈ, কাষৰ কোঠাত কোনোবাই নাকেৰে গুজৰি শুই থকাৰ উমান লৈ লাহেকৈ দুৱাৰখন খুলি দিলত, সেইটো কোঠাতে শুই থকা ৰাক্ষসীজনীক দেখিবলৈ পালে। জয়জিতে তুৰন্তে বুজি পালে যে, ৰাজকুমাৰীক বিয়া পাতিবলৈ ইচ্ছা কৰা যুৱকবোৰ ৰাজমহললৈ আহিয়েই নিৰুদ্দেশ হোৱাৰ আচল কাৰণটো কি! জয়জিতে মুঠেই সময় নষ্ট নকৰি, হাতৰ তৰোৱালখনেৰে ৰাক্ষসীৰ ডিঙিত এটা প্ৰকাণ্ড ঘাপ মাৰিলে। ৰাক্ষসীৰ বিছনা তেজেৰে লুতুৰি-পুতুৰি হ'ল। এইবাৰ সি বেৰৰ এচুকত ৰৈ থকা অৱস্থাত ৰাজকুমাৰীক দেখা পালে। ৰাক্ষসীক হত্যা কৰাৰ পিছত হাতত খোলা তৰোৱাল লৈ থকা অৱস্থাতে, জয়জিতকে তাই স্বামী দেৱতা বুলি সাবতি ধৰিলে। লগতে কেনেকৈ এই গোপন কোঠাত সোমাল তাৰ ৰহস্য জানিবলৈ বিচাৰিলে। জয়জিতেও ৰাজকুমাৰীক সকলো কথা বিবৰি ক'লে।

 

ৰাতিপুৱা লিগিৰীসকলৰ মুখে অৱন্তিমায়াৰ শোৱনী কোঠাত এজন যুৱক প্ৰবেশ কৰাৰ কথা তৎক্ষণাৎ বিয়পি পৰিল। বিভিন্নজন বিবাহ ইচ্চুক যুৱকৰ নিৰুদ্দেশৰ পিছত এজন যুৱক ৰাজকুমাৰীৰ শয়ন কক্ষত প্ৰৱেশৰ বাতৰি পাই ৰজা বিজয় সিংহ ৰাজকুমাৰীৰ কক্ষলৈ ঢপলিয়াই আহিল। জয়জিতৰ শাৰিৰীক গঠন আৰু উপযুক্ত বুদ্ধিত সন্তুষ্ট হৈ ৰজাই জয়জিতক আদৰণি জনালে আৰু বৰ আড়ম্বৰেৰে জী-জোঁৱাইৰ বিয়াৰ আয়োজন কৰিলে। কিছুদিনৰ পাছত জয়জিতে সৈন্য বাহিনীৰ প্ৰধান সেনাপতি পদত অধিষ্ঠিত হৈ অৱন্তিপুৰৰ সৈন্য বল প্ৰখ্যাত কৰি তুলিলে।


################

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page