মহান বিজ্ঞানীৰ পৰিচয় (৩)
- জয়শ্ৰী শইকীয়া, কল্পতৰু, যোৰহাট
- Jul 12
- 2 min read

আজি তোমালোকক আমাৰ অসমৰ এজন আন্তঃৰাষ্ট্ৰীয়ভাৱে জনাজাত মহাকাশ বিজ্ঞানী শ্ৰীযুত জিতেন্দ্ৰ নাথ গোস্বামীদেৱৰ সৈতে এক চমু পৰিচয় কৰাব বিচাৰিছোঁ, সকলোৱে মনোযোগেৰে শুনিবা দেই ৷ এইজনা অসম সন্তানক ২০১৫ বৰ্ষত অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান “অসম ৰত্ন” আৰু ২০১৭ বৰ্ষত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।
বিভিন্ন সময়ত অসমৰ সন্তানে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত দক্ষতা দেখুৱাবলৈ সক্ষম হৈছে, বিশ্ব দৰবাৰত অসমৰ নাম প্ৰজ্জ্বোলিত কৰি আহিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ক্ষেত্ৰখনত সুকীয়া মৰ্যাদা লাভ কৰা অসমীয়াৰ ভিতৰত এটা উল্লেখযোগ্য নাম হৈছে ড° জিতেন্দ্ৰ নাথ গোস্বামী। ঐতিহ্যমণ্ডিত যোৰহাটত জন্ম লাভ কৰা এইজন অসম সন্তান কেৱল অসমৰৰেই নহয় সমগ্ৰ ভাৰতৰ বাবে এটা চিনাকি নাম। গোস্বামীদেৱ হ’ল অসমবাসীৰ গৌৰৱ।
ড° জিতেন্দ্ৰনাথ গোস্বামীদেৱে সৰুৱে পৰাই নিজৰ মেধা সম্পন্ন গুণৰ পৰিচয় দিছিল। যোৰহাটৰ এটা শৈক্ষিক সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰা, সেই সময়ত ষষ্ঠ শ্রেণীৰ বৃত্তি পৰীক্ষাত বৃত্তি লাভ কৰা একমাত্ৰ ছাত্ৰ আছিল গোস্বামীদেৱ। যোৰহাটতেই শিক্ষা জীৱন আৰম্ভ কৰা গোস্বামীয়ে ১৯৬৫ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানক মূল বিষয় হিচাপে লৈ স্নাতক শাখাত নামভৰ্তি কৰিছিল গোস্বামীয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত পি.এইচ.ডি. ৰ বাবে নামভৰ্তি কৰিছিল। ইয়াৰ সমান্তৰালকৈ স্নাতকোত্তৰ মহলাৰ গৱেষক ছাত্ৰ হিচাপে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত গৱেষণাৰ কাম আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেখেতে গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৮ চনত পি এইচ ডি ডিগ্ৰী লাভ কৰে।
ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পৰৱৰ্তী সময়ত তেখেতে গৱেষণাৰ কাম কৰিছিল কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ৱাশ্বিংটন বিশ্ববিদ্যালয়, হা’ষ্টন লুনাৰ এণ্ড প্লেনেটৰী ইনষ্টিটিউত আৰু মেক্স-প্লাংক ইনষ্টিটিউটকে আদি কৰি বিভিন্ন প্ৰতিষ্ঠানত। বিজ্ঞানৰ প্ৰতি তেখেত আকৰ্ষিত হোৱাৰ এটা অন্যতম কাৰণ আছিল তেখেতৰ খুৰাক স্বৰ্গীয় ত্ৰৈলোক্য গোস্বামীদেৱৰ (যোৰহাটৰ জে.বি. কলেজৰ অধ্যাপক তথা পৰৱৰ্তী সময়ত তিনিচুকীয়া কলেজৰ অধ্যক্ষ) ভূমিকা। খুৰাকৰ লগতে বিভিন্ন সময়ত লগ পোৱা তেখেতৰ শিক্ষাগুৰু সকলৰো গোস্বামীদেৱৰ জীৱনত অনৱদ্য ভূমিকা আছিল। গুৰুত্বপূৰ্ণ কথা যে ড° জিতেন্দ্ৰনাথ গোস্বামীদেৱে Science Talent Scholarship লাভ কৰিছিল। গোস্বামীৰ গৱেষণাৰ মূল বিষয় আছিল সৌৰজগতৰ অধ্যয়ন আৰু জ্যোতিপদাৰ্থ বিজ্ঞান। সৌৰজগত সৃষ্টিৰ সময়ত 26Al নিউক্লাইড কণাই শক্তিৰ উৎস হিচাপে কাম কৰিছিল বুলি প্ৰমাণ কৰি দেখুওৱাৰ লগতে আন বহুতো গুৰুত্বপূৰ্ণ তথ্য ডাঙি ধৰিছিল গোস্বামীৰ লগতে আন আন সহযোগী বিজ্ঞানীসকলে।
এইসমূহৰ ওপৰিও গোস্বামীদেৱে কেতবোৰ গুৰুত্বপূৰ্ণ ফলাফল ডাঙি ধৰিছে মহাজাগতিক ৰশ্মি, টেকটনিক প্লেট আদিৰ সম্পৰ্কত। তেওঁ ২০০৪-০৭ বৰ্ষত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ গ্ৰহ বিজ্ঞান আৰু এক্সপ্ল’ৰেচন প্ৰকল্পৰ প্ৰাৰম্ভিক পৰ্যায়ত তত্বাৱধায়কৰ ভূমিকাও পালন কৰিছিল। ইয়াৰ লগতে গোস্বামীয়ে মহাকাশযান স্পেচলেব-৩ ত হোৱা ভাৰতীয় মহাজাগতিক ৰশ্মি পৰীক্ষাৰ সহযোগী তত্বাৱধায়ক আৰু চান্দ্ৰ নমুনা (Lunar Samples) ৰ মুখ্য তত্বাৱধায়ক ৰূপেও দায়িত্ব পালন কৰিছিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO’) ৰ দ্বাৰা উৎক্ষেপিত Mars Orbiter Mission ৰ এজন অন্যতম উপদেষ্টা আছিল এইজন অসম সন্তান। দীৰ্ঘকাল অপেক্ষাৰ অন্তত চন্দ্ৰযান-২ সফলভাৱে প্ৰক্ষেপন কৰি কোটি কোটি ভাৰতীয়ক বিৰল এই মুৰ্হূতৰ সাক্ষী কৰাৰ অন্তৰালত থকা অসমৰ সন্তান পদ্মশ্ৰী জিতেন্দ্ৰনাথ গোস্বামীক লৈ গৌৰৱান্বিত অসমবাসী।
ড° জিতেন্দ্ৰ নাথ গোস্বামী ভাৰতীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ সভাপতি হিচাপেও ২০০৭ বৰ্ষত নিৰ্বাচিত হৈছিল। বৰ্তমান গোস্বামী আহমেদাবাদৰ ফিজিকেল ৰিচার্ছ লেবৰেটৰিৰ সঞ্চালকৰ দায়িত্বত থকাৰ লগতে ইছৰোৰ সৈতেও জড়িত হৈ আছে। অন্যহাতে ড° গোস্বামী দ্য ৱৰ্ল্ড একাডেমি অৱ ছায়েন্স, ইণ্ডিয়ান একাডেমি অৱ ছায়ে্ন্সেছ, ইউৰোপিয়ান এছ’চিয়েশ্যন অৱ জিঅʼকেমিষ্ট্ৰি আদি বিভিন্ন সংস্থাৰো সন্মানীয় সদস্য।
ছাত্ৰ-ছাত্ৰীসকল, তোমালোকেও নিজৰ ভাল লগা বিষয়ত মনোযোগ দিবা ৷ চেষ্টাৰ অসাধ্য একো নাই ৷ তোমালোকৰ সকলোৰে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ ৷
বহুতো মৰমেৰে,
জয়শ্ৰী বাইদেউ
কল্পতৰু, যোৰহাট
###########
Comments