লোনাভালাৰ মমৰ সংগ্ৰহালয়টো
- দেৱীকা বৰপূজাৰী, মুম্বাই

- Jan 9
- 1 min read

দেৱীকা বৰপূজাৰী, মুম্বাই
মুম্বাইৰ পৰা প্ৰায় ৯০-১০০ কিলোমিটাৰ পূবে অৱস্থিত মহাৰাষ্ট্ৰৰ পুনে জিলাৰ এটা জনপ্ৰিয় পাহাৰীয়া ষ্টেচন হৈছে লোনাভালা (Lonavala)। মুম্বাইৰ পৰা পুণে এক্সপ্ৰেছৱেৰে গ’লে, খোপলি (Khopoli) পাৰ হৈ আহে সেই লোনাভালা নামৰ পাহাৰীয়া ঠাইখন য’ত এটা ছুটিৰ দিন সুন্দৰভাবে কটাব পৰা যায়।
লোনাভালালৈ কেইবাবাৰো গৈছিলো যদিও প্ৰায় ১৫ বছৰীয়া অতীৱ সুন্দৰ মমৰ সংগ্ৰহালয় (Wax museum) টো হে চোৱা হোৱা নাছিল। এইবাৰ সেই হেঁপাহ পূৰণ হ'ল আৰু মুগ্ধ হৈ আহিলোঁ। লোনাভালাৰ নৈসৰ্গিক শোভা বৰ্ধন কৰা বহু ঠাইৰ মাজত এই মিউজিয়ামটো অন্যতম বুলি ক’ব পাৰি। লোনাভালা স্কোৱেৰ মলত অৱস্থিত এই সংগ্ৰহালয় চোৱাৰ প্ৰবেশ মাচুল প্ৰায় ২০০-২৫০ টকা (পৰিৱৰ্তনশীল)।
Sunil's Celebrity Wax Museum বুলি জনাজাত লোনাভালাৰ এই মমৰ সংগ্ৰহালয়টো কেৰেলা ৰাজ্যৰ প্ৰখ্যাত ভাস্কৰ্য্য শিল্পী ৩৮ বছৰীয়া সুনীল কণ্ডালুৱে এনেদৰে তৈয়াৰ কৰিলে যে লণ্ডনৰ মেডাম টুছাডছ (Madam Tussaauds) লৈ নোযোৱাকৈয়ে আমি আজিকালি মমৰ সংগ্ৰহালয় উপভোগ কৰিব পাৰোঁ। ইয়াত প্ৰায় এশজন প্ৰখ্যাত লোকৰ যেনে – মহাত্মা গান্ধী, নৰেন্দ্ৰ মোদী, ৰাজীৱ গান্ধী, মাইকেল জেকচন, বেনজিৰ ভুট্টো, কপিল দেৱ, এডলাফ হিটলৰ আদিৰ ভাস্কৰ্য্য শিল্পৰ সমাৰোহ আছে। বৃহৎ হলৰ ভিতৰত থকা শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি বিশেষভাৱে আকৰ্ষণীয়।



ইয়াৰ লগতে সংলগ্ন এলেকাত আছে ভূতৰ ঘৰ (Horror house বা Haunted treasure)। সময়ৰ অভাৱ হোৱাৰ বাবে আমি পুনৰ টিকট লৈ এই ভূতৰ ঘৰটো চাবলৈ নহ’ল।
লোনাভালালৈ যোৱা ভ্ৰমণকাৰীসকললৈ অনুৰোধ, তাৰ পৰা আহোতে ভাৰতীয় ঐতিহ্যৰ এবিধ জনপ্ৰিয় মিঠাই “চিক্কি” (Chikki বা Peanut brittle) আনিবলৈ নাপাহৰে যেন। মূলতঃ বাদাম আৰু গুৰেৰে তৈয়াৰ কৰা চিক্কিয়ে বছৰৰ সকলো দিনতে লোনাভালাৰ বাটৰ কাষৰ দোকানবোৰৰ শোভা বৰ্ধন কৰি ৰাখে।
&&&&&&&&&&&





Comments