top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

সৌ চৰাইজাক

  • Writer: চানিয়া স্নিগ্ধা মুকতাৰ, যোৰহাট
    চানিয়া স্নিগ্ধা মুকতাৰ, যোৰহাট
  • Jul 12
  • 1 min read

Updated: Jul 19

ree












চানিয়া স্নিগ্ধা মুকতাৰ, সপ্তম শ্ৰেণী

বাঘচোং ড'নবস্ক উ: মা: বিদ্যালয়, যোৰহাট

 

সৌ চৰাইজাক....

আজিকালি আহে বা নাই?

সন্ধিয়া হ'লে যায় যে উৰি!

সৌ দূৰ গছৰ ডালত পৰি থাকে যে গুণগুণাই,

নিজৰ বাহলৈ বুলি জাকপাতি উৰি যায় যে সদায়,

সৌ চৰাইজাক....

আজিকালি আহে বা নাই?

 

প্ৰায় এমাহে দেখা নাই তাহাঁতক,

হয়তো নতুন ঠাই পালে বিচাৰি,

পৰে নে পুৰণি ঠাইলৈ আজিও তাহাঁতৰ মনত?

হয়তো আমাক কিবা বেয়া পালে তাহাঁতি,

তাহাঁতিয়ে আছিল মোৰ সন্ধ্যা সময়ৰ লগৰী!

 

দূৰে দূৰে কটাইছিলোঁ বহু সময় তাহাঁতৰ লগত...

আতঁৰিল নেকি সেয়ে তাৰে অভিমানত !

কেতিয়াবা তাহাঁতলৈ মনত পৰে বৰ...

সৌ চৰাইজাক....

আজিকালি আহে বা নাই?


+++++++











Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page