সৌ চৰাইটিলৈ চোৱাচোন ….
- ডলী বৰুৱা, উ: মা: বিদ্যালয়, উত্তৰ লখিমপুৰ

- Jul 12, 2025
- 1 min read
Updated: Jul 19, 2025

ডলী বৰুৱা, নৱম শ্ৰেণী
নকাৰী উঃ মাঃ বিদ্যালয়, উত্তৰ লখিমপুৰ
সৌ চৰাইটিলৈ চোৱাচোন!
তুমি মোক কোৱাচোন,
চৰাইটিৰ বাহ কত?
কব পাৰিবা জানো!
তুমি কব নোৱাৰা, কাৰণ কিয় জানা?
আমিয়ে হয় তাৰ কাৰণ!
মানুহ হেনো জীৱ শ্রেষ্ঠ!
কিন্তু মই ভাৱোঁ,
জীৱ-জন্তুহে জগতৰ শ্রেষ্ঠ সম্পদ।
আমি ইমান ধুনীয়া পৃথিৱীখনক
নিৰ্মমভাৱে ধ্বংস কৰি গৈ আছোঁ!
আৰু জীৱ-জন্তুবোৰলৈ
ঠাই নাইকিয়া কৰি গৈ আছোঁ।
কি যে হ’বলৈ গৈ আছে ভৱিষ্যতলৈ!
এনেকৈ থাকিলে-
জীৱ-জন্তুবোৰ জীয়াই থাকিবনে ভৱিষ্যতলৈ
সৌ ধুনীয়া চৰাইটোৰ নিচিনাকৈ?
🐘🐆 🐔🐧🦇🐇🐀





Comments