সাঁথৰ আৰু কৌতুক
- মেঘালী শইকীয়া, নকাৰী উঃ মাঃবিদ্যালয়,উঃলখিমপুৰ

- Jul 12
- 1 min read

সংগ্রহ- মেঘালী শইকীয়া, দশম শ্ৰেণী
নকাৰী উঃ মাঃ বিদ্যালয়, উত্তৰ লখিমপুৰ
**** সাঁথৰ ****
১) একেদিনাই উদৰ পূৰাই খায়, মানুহৰ লগতেই গোটেই জীৱন যায় ।
২) এক পিঠি ক'লা এক পিঠি বগা, বৰ বৰ পণ্ডিতেও নাপায় তলা-নলা।
৩) ডুবি ডুবি যায় ডুবি ডুবি যায়, বগাকৈ নাড়ীদাল উলিয়াই উলিয়াই ।
😂😂😂😂😂
**** কৌতুক ****
পতিঃ হেৰা, তুমি মোৰ পকেটৰ পৰা পাঁচশ টকা লৈছিলা নেকি?
পত্নীঃ অঁ, লৈছিলোঁ। বস্তু এটা কিনিব লগা আছিল।
পতিঃ নিজে যে লৈছা, খুজিব নোৱাৰা নেকি? খুজিলেই দিওঁচোন!
পত্নী: সদায় সদায় কিমান খুজি থাকিম! মোৰ লাজ নালাগে নেকি কিবা! তোমাৰ দৰে মোৰোতো আত্মনির্ভৰশীল হ'বলৈ মন যায়। সেইবাবেই নোখোজাকৈয়ে ল'লোঁ।
😂😂😂😂😂
সাঁথৰৰ উত্তৰ:
(১) গৰু,
(২) দিন-ৰাতি
(৩) বগা সূতাৰে বেজীটো





Comments