সাঁথৰ শিকোঁ আহা
- স্বপ্নাশ্ৰী এচ. মেধি, গোলাঘাট, অসম
- Jul 12
- 1 min read

স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ, গোলাঘাট
অকণিহঁত, তোমালোকে পঢ়া প্ৰায়বোৰৰ বিদ্যালয়তে এতিয়া গৰমৰ বন্ধ চলি আছে। এই বন্ধৰ সময়ছোৱাত তোমালোকে বন্ধু-বান্ধৱীসকলক, তোমালোকৰ মা-দেউতা, ভাই-ভনী, আত্মীয়সকলক সাঁথৰ সুধি বিপাঙত পেলাবলৈ ইয়াতে কেইটামান সাঁথৰ দিছোঁ দেই।
তেওঁলোকৰ পৰাও তোমালোকে নতুন নতুন সাঁথৰ শিকিবা আৰু আগলৈ এই 'সূৰুযমুখী' ৰ পৃষ্ঠাতে আমাক সুধিবা দেই। তোমালোকে নিজেও 'সূৰুযমুখী' ৰ অনলাইনত হোৱা সভাসমূহত উপস্থিত থকা মাননীয় অতিথিসকলক সাঁথৰ সুধিব পাৰিবা। তোমালোকে সোধা সাঁথৰৰ মাজেদি তেখেতসকলেও কিছু সময়ৰ বাবে হ’লেও নিজৰ ল'ৰালি কাললৈ উভতি গৈ নিশ্চয় বৰ ভাল পাব।
তলত সাঁথৰসমূহ দিলোঁ। লগতে উত্তৰবোৰো দিছোঁ যদিও তোমালোকে একেবাৰে নোৱাৰিলেহে উত্তৰবোৰ চাবা, নহ’লে নিজে নিজে সমাধান কৰিবলৈ যত্ন কৰিবা।
সাঁথৰসমূহ:
১) অগা-পিছা সাতোটা ফুটা অপঁইতা বাঁহৰ চুঙা, সুললিত সুৰেৰে বিনাই শুনি হওঁ বেঙা ৷
২) অলনিৰ কুকুৰা দলনিত চৰে, ভৰিটো দিলেই কেং কেং কৰে ৷
৩) অ’ ৰান্ধনী বাই, তয়ে কচোন, কি শাকৰ গুটি নাই?
৪) আন্ধাৰ ৰাতি, পিচল বাট, বত্ৰিছডাল গছৰ মাত্ৰ এটাহে পাত ৷
৫) আঠডাল কামী, এটা খুঁটি, শূন্যত ভ্ৰমি ফুৰে আনৰ কান্ধত উঠি ৷
৬) ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগৈ শিপা ৷
৭) উপজিয়ে যোৰ শিং, বুঢ়া হ’লে নাই, মৰিলে শিংযোৰ কিন্তু লগতে যায় ৷
৮) এক মাতৃৰ গৰ্ভে থাকে বহু পুত্ৰগণ, হাড়ো নাই মঙহো নাই শিৰে হুতাশন ৷
৯) এঠেঙীয়া বগলী নিতৌ নাচে গধূলি ৷
১০) একেখন দেশত বাৰটি গৃহ, ঘৰেপতি ভ্ৰমি ফুৰে তিনি ভিক্ষাৰী, একেৰাহে ঘূৰি ফুৰে নাই দিন ৰাতি ৷
সাঁথৰৰ উত্তৰ সমূহঃ
১) বাঁহী
২) ঢেঁকী
৩) ঢেকীয়া শাক
৪) জিভা
৫) ছাতি
৬) ভূমিকম্প
৭) জোনবাই
৮) জুইশলা
৯) বিচনী
১০) ঘড়ী
@@@@@@@@@
Comments