top of page
  • Black Facebook Icon
  • Black Instagram Icon

স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা

  • Writer: কৃষ্টিপৰ্ণা কাকতি, সপ্তম শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
    কৃষ্টিপৰ্ণা কাকতি, সপ্তম শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
  • Apr 6
  • 2 min read
ree

কৃষ্টিপৰ্ণা কাকতি, সপ্তম শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল,

বৰপথাৰ, গোলাঘাট, অসম

 

অহিংসা-সত্যাগ্ৰহৰ অস্ত্ৰৰে অতিকৈ শক্তিশালী ব্ৰিটিছ সম্ৰাজ্যবাদী শক্তিক পৰাভূত কৰি পৰাধীনতাৰ শিকলিৰ পৰা ভাৰতক মুক্ত কৰিবলৈ প্ৰধান ভূমিকা পালন কৰা এজন ব্যক্তি হৈছে মহাত্মা গান্ধী। ১৮৬৯ খ্ৰীষ্টাব্দৰ ২ অক্টোবৰ তাৰিখে গুজৰাট ৰাজ্যৰ পোৰবন্দৰ নামৰ ঠাইত মহাত্মা গান্ধীৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম কৰমচান্দ গান্ধী আৰু মাতৃৰ নাম পুতুলী বাই গান্ধী। তেওঁৰ পৰিবাৰৰ নাম কস্তুৰবা গান্ধী। গান্ধীজীৰ সম্পূর্ণ নামটো হ'ল- মোহনদাস কৰমচান্দ গান্ধী। তেওঁক "মহাত্মা" উপাধি দিয়া হৈছিল, যাৰ অৰ্থ হৈছে “মহান আত্মা” আৰু পিছলৈ তেওঁ মহাত্মা গান্ধী নামেৰে পৰিচিত হৈছিল।

 

গান্ধীজীয়ে প্রাথমিক আৰু হাইস্কুলীয়া শিক্ষা পোৰবন্দৰতে গ্ৰহণ কৰিছিল। সোতৰ বছৰ বয়সত প্রবেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ বেৰিষ্টাৰী পঢ়িবলৈ বিলাতলৈ যায়। ১৮৯১ খ্রীষ্টাব্দত বেৰিষ্টাৰী পাছ কৰাৰ পাছত বিলাতত পৰা ভাৰতলৈ ঘূৰি আহে। গান্ধীজীয়ে বিলাতৰ পৰা ঘূৰি আহি পোনতে ওকালতি আৰম্ভ কৰে। কিন্তু কিছুদিনৰ পাছত তেওঁ আফ্ৰিকালৈ যায় আৰু তাতেই তেওঁৰ ৰাজহুৱা জীৱনৰ কাম আৰম্ভ কৰে। মহাত্মা গান্ধীৰ আন্দোলনৰ মূল নীতি হ'ল- অহিংস আন্দোলন। ১৯২০ চনত ঐতিহাসিক অসহযোগ আন্দোলনৰ সূচনা কৰিছিল। অসহযোগেৰে তেওঁ বৃটিছ শাসন বিকল কৰি দিবলৈ বিচাৰিছিল। কাৰণ তেওঁ বিশ্বাস কৰিছিল যে ভাৰতবাসীৰ সহযোগ নাপালে ইংৰাজে শাসন বর্তাই ৰাখিব নোৱাৰে। এই অসহযোগ আন্দোলন সম্পূর্ণ অহিংসাৰে পালন কৰিবলে তেওঁ আহ্বান জনাইছিল আৰু বিদেশী বস্ত্ৰ বর্জন কৰি খদ্দৰ লগতে আন স্বদেশী বস্তু ব্যবহাৰ কৰি আর্থিক স্বাধীনতাৰ দিশ শক্তিশালী কৰিবলৈ তেওঁ সকলোকে আহ্বান জনাইছিল।

 

মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৩০ চনত আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল। গুৰুত্বপূর্ণ কথা যে তেওঁ নিজে সবৰমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডীলৈ এদল সত্যাগ্ৰহীৰ সৈতে লোণ আইন ভংগ কৰিবলৈ পদযাত্রা কৰিছিল। এই আন্দোলনে সমগ্ৰ ভাৰতত ব্রিটিছৰ বিৰুদ্ধে গান্ধীজীৰ নেতৃত্বত এক নতুন বলিষ্ঠ দিশৰ উন্মাচন কৰিছিল। আইন অমান্য আন্দোলনৰ তীব্ৰতাৰ ফলতেই ইংৰাজ চৰকাৰ নিৰুপায় হৈ ভাৰতক স্বায়ত্ব শাসন দিয়াৰ উদ্দেশ্য আলাপ আলোচনা কৰিবলৈ বিলাতত ঘূৰণীয়া মেজমেলৰ আয়োজন কৰিছিল আৰু তিনিবাৰকৈ ঘূৰণীয়া মেজমেলত বহিছিল। ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পৰবর্তী সময়ত গান্ধীজীয়ে ভাৰত ত্যাগ আন্দোলনৰ সূচনা কৰিছিল। ‘কৰিম নহয় মৰিম’ বাণীৰে সূচনা কৰা এই আন্দোলনৰ পৰিপ্ৰেক্ষিতত মহাত্মা গান্ধীকে প্রমুখ্যে কৰি বহু হাজাৰ নেতা কাৰাৰুদ্ধ হৈছিল। বহুজনে দেশৰ বাবে প্ৰাণ আহুতি দিছিল। ভাৰতবাসীৰ এই আপোচ বিহীন সংগ্রামৰ বাবেই ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতে হেৰুৱা স্বাধীনতা ঘূৰাই পালে।


%%%%%%%%%%


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page