top of page
  • Black Facebook Icon
  • Black Instagram Icon

স্বজাতিৰ ছবিখন

  • Writer: দীপালী বৰুৱা,নকাৰী উঃমাঃবিদ্যালয়, উঃলখিমপুৰ
    দীপালী বৰুৱা,নকাৰী উঃমাঃবিদ্যালয়, উঃলখিমপুৰ
  • Jul 12
  • 1 min read

Updated: Jul 19

ree

দীপালী বৰুৱা, নকাৰী উচ্চতৰ মাধ্যমিক

বিদ্যালয়, উত্তৰ লক্ষীমপুৰ

 

মোৰ স্বজাতি আজি 

লালসাত মত্ত

মোহত অন্ধ 

কোনোবা মুনাফা লুটাৰ লালসাত

কোনোবা হিতাধিকাৰী হোৱাৰ মোহত।

 

আঁচনিৰ চকু চাটমৰা পোহৰত দৃষ্টিহীন সকলো

উন্নয়নৰ ঢাকঢোলত শ্ৰৱণহীন

পৰিবৰ্তনৰ সপোনত বাকহীন

আচলতে মোৰ স্বজাতিৰ মন-মগজু আজি

গভীৰ টোপনিত ।

 

তেওঁলোকৰ বিবেক 

নিৰ্জীৱ হৈ পৰি আছে শিলৰ মূৰ্ত্তিৰ দৰে।

মই ভাবিছিলোঁ,

মানুহবোৰ একোজোপা গছ হৈ 

 খামুচি থাকিব স্বদেশৰ মাটি 

নদী হৈ বৈ থাকিব উৰ্বৰা কৰি দুয়োপাৰ।


কিন্তু...

আজি দেখোন 

মানুহবোৰ নিজৰেই শত্ৰু হৈ পৰিছে

আৰু

নিজকে মাৰি - কাটি নিঃশেষ কৰিব খুজিছে

হেৰুৱাইছে নিজৰ ভূমি 

 হেৰুৱাইছে নিজৰ কৰ্মপটুতা 

হেৰুৱাইছে নিজৰ দূৰদৰ্শিতা

হেৰুৱাইছে নিজৰ অহংকাৰ - স্বাভিমান!


উৎসৱৰ আন্ধাৰত ককবকাই ফুৰা মোৰ স্বজাতি

আজি ভয়ানক ভাৱে দীনহীন দৰিদ্ৰ

আৰু

পৰমুখাপেক্ষী সোৰোপা জাতি!!


%%%%%%%%%%

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page