top of page
  • Black Facebook Icon
  • Black Instagram Icon

সমোচ্চাৰিত শব্দৰ ছন্দোবদ্ধ পদ্য

  • Writer: যোগানন্দ মহন্ত, গুৱাহাটী
    যোগানন্দ মহন্ত, গুৱাহাটী
  • Jul 12
  • 1 min read

Updated: Jul 19

ree

যোগানন্দ মহন্ত, গুৱাহাটী

 

(০০১)

অতিকৈ শুৱনি আমাৰ এইখনি গাঁও

পক্ষীৰে মিলিজুলি শুৱলা সঙ্গীত গাওঁ।

 

(০০২)

লগৰীয়াৰ লগভাগ আমি ভাল পাওঁ

খেলাতো সমানে আমাৰ চলে হাত পাও।

 

(০০৩)

তামোল গছত থাকে অঁৰা টোকোৰা বাহ

বাঁহনিতো গজে গাজ জাতি ভলুকা বাঁহ।

 

(০০৪)

সৰ্থেবাৰীৰ কাঁহীবাটি ধাতুবিধ কাঁহ

বাজি যায় কাঁহৰ বাচন মাৰিলে কাহ।

 

(০০৫)

পথাৰত চৰি ফুৰে গৰু ছাগলী ম'হ

ৰাতি হ'লে কুনকুনাই বিন্ধি ফুৰে মহ।

 

(০০৬)

কাজিৰঙাৰ অৰণ্যত এশিঙীয়া গঁড়

গুৱাহাটীৰো কাষতেই মোমাই কটা গড়।

 

(০০৭)

বধিৰকে যদিও বাৰু বোলা হয় কলা

বগাৰো বিপৰীত ৰং কৃষ্ণ মানে ক'লা।

 

(০০৮)

দশভূজা দুৰ্গাদেৱীৰ দহখন হাত

পূজাঘৰৰ কাষতে দেওবৰীয়া হাট।

 

(০০৯)

সত্ৰত ভকতৰ শাৰী - ঘৰেৰে  হাটী

মাজে মাজে ওলায় তাতো শুঁড় থকা হাতী।

 

(০১০)

পিতা ককা পিতামহক বুলিলেও আতা

ৰুটী খোৱা ঘেঁহু-গুৰি  মিহি মিহি আটা।

 

(০১১)

আশীটা তামোলৰ হিচাপ যদিও পোণ

বেঁকা নোহোৱা সৰলক বোলে কিন্তু পোন।

 

(০১২)

গাঁৱৰ পথাৰৰ বোকা আলতীয়া মাটি

লগৰীয়াই তালৈকে চিঞৰি থাকে মাতি।

 

(০১৩)

টান খোলা থকা ফলৰ কোমলকৈ শাহ

নাৰিকল খাবলৈ বান্দৰে নকৰে সাহ।

 

(০১৪)

খোল তাল মৃদঙ্গৰ বাজনা গুৰু-ঘাত

নাৱৰীয়াৰ শুনো গীত পালে নদী-ঘাট।

 

(০১৫)

গৰমে অশান্তি দিয়ে ওলায় মহ ডাঁহ

ধোঁৱা দিলে পলায়ো হোৱাৰ ভয়ত দাহ।

 

(০১৬)

যশ খ্যাতি অনুগ্ৰহক বোলা হয় যহ

ঘাম ওলোৱা গৰম দিন নামেৰে জহ।

 

(০১৭)

আঠ শব্দ বুজাবলৈকে কওঁ আমি অষ্ট

পশ্চিমত বেলি ডুবাকে বোলে সূৰ্য অস্ত।



🙏🙏🙏🙏🙏🙏

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page