সম্পাদকীয়- প্ৰথম সংখ্যা, জুলাই-২০২৪
- পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
- Jul 14, 2024
- 3 min read
Updated: Sep 30, 2024

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
খাৰঘৰ, নবী মুম্বাই
আজি মই 'সূৰুযমুখী'ৰ প্ৰস্তাৱনা সংখ্যাটোৰ সম্পাদকীয় কলমটো লিখিবলৈ লৈ এক প্ৰশান্তি অনুভৱ কৰিছোঁ।
এটা অতি সাধাৰণ কথা, কোনোবাই যদি কেতিয়াবা কিবা ক্ষেত্ৰত দোমোজাত পৰি 'কোনটো ধৰোঁ, কোনটো এৰোঁ' কৈ একো থিৰাং কৰিব নোৱৰাৰ দৰে হৈ পৰে, তেতিয়া তেওঁক সঠিক পথ দেখুৱাব পৰাটোত এক সন্তুষ্টি নিহিত হৈ থাকে। দোমোজাত পৰাজন যদি কোনোবা প্ৰাপ্তবয়স্ক লোক হয়, যিয়ে জীৱনৰ আৰ্জিত অভিজ্ঞতাৰ পৰা নিজে সিদ্ধান্ত ল'ব পৰাৰ ক্ষমতা থাকে; তেতিয়া কথাটো সুকীয়া। শিশু অৱস্থাতো এটা সুবিধা আছে, তেওঁলোকৰ মন সদায় মুকলিমূৰীয়া আৰু খুব অনুসন্ধিৎসু হোৱাৰ বাবে মাক-দেউতাক, শিক্ষক-শিক্ষয়িত্ৰী আদিৰ সহায় হৈ তেওঁলোকে সন্মুখীন হোৱা সমস্যা আঁতৰাই শুদ্ধ পথ বিচাৰি পাবলৈ সমৰ্থ হয়। বাহিৰৰ জগতখনৰ প্ৰতি তেওঁলোকৰ জ্ঞান সীমিত, কিন্তু তেওঁলোকে সহজে অনুকৰণ কৰিব পাৰে কাৰণে তেওঁলোকক লৈ সমস্যাও অলপ কম।
কিন্তু আমাৰ ল'ৰা-ছোৱালীবোৰে শিশু কাল নেওচি এদিন যেতিয়া কৈশোৰত ভৰি দিয়েহি, তেওঁলোকে শিশুসকলৰ দৰে মুকলিকৈ নিজৰ সমস্যাবোৰ আনৰ আগত প্ৰকাশ কৰিবলৈ ইতস্তত: কৰে । সেইখিনি সময়ত তেওঁলোকে নিজৰ মাজতে বিভিন্ন ধৰণৰ বিকাশ আৰু পৰিৱৰ্তন অনুভৱ কৰে, সেইখিনি শাৰীৰিক, বৌদ্ধিক, মানসিক আৰু সামাজিক আদি পৰিবৰ্তনৰ অন্তৰ্ভুক্ত কৰিব পাৰি। কৈশোৰ কালচোৱাত, তেওঁলোকৰ মাজত আত্মসচেতনতা বৃদ্ধি পায় আৰু বেছি সংবেদনশীল হৈ পৰে। এনে বয়:সন্ধিত তেওঁলোকৰ মন:স্থিতি, মন মেজাজ বৰ আবেগিক ধৰণৰ হয়। তেওঁলোকে পিতৃ-মাতৃ, শিক্ষাগুৰু আদিৰ পৰামৰ্শতকৈ নিজৰ সিদ্ধান্ত নিজাববীয়াকৈ লৈ স্বকীয় এক পৰিচয় বিচাৰে যদিও, কেতিয়াবা তেনে সিদ্ধান্ত তেওঁলোকৰ সীমিত অভিজ্ঞতাৰ বাবে ভুল প্ৰমাণিতও হ'ব পাৰে। অথচ এইখিনি সময়েই হৈছে তেওঁলোকৰ ভৱিষ্যত গঢ় দিয়াৰ সোণালী সময়। এইখিনি সময়ত ভুল পথে গতি কৰাতো কেতিয়াও বাঞ্ছনীয় নহয়।
সেয়ে আমি বয়োজ্যেষ্ঠ সকলে সততে অনুভৱ কৰোঁ যে, এনে কৈশোৰৰ দিনবোৰত ভৰি দিয়া সময়খিনিতে আমাৰ ল'ৰা- ছোৱালীসকলক শুদ্ধ দিক-নিৰ্দেশনাৰ প্ৰয়োজন হয়। তাৰলগতে এইটোও মন কৰিবলগীয়া যে, এইবোৰ পথ-নিৰ্দেশনাই যাতে তেওঁলোকৰ সংবেদনশীল অথচ মেজাজী মনটোত আঘাত নকৰে। আমি এইক্ষেত্ৰত অনুভৱ কৰোঁ যে, সমাজৰ অভিজ্ঞ, বয়স্কসকলে কিশোৰসকলৰ মনোজগতত প্ৰভাৱ পেলাব পৰাকৈ তেওঁলোকৰ অভিজ্ঞতাৰে আৰ্জিত জ্ঞান কিতাপ বা আলোচনীৰ মাধ্যমেৰে এই কিশোৰসকলৰ কাষলৈ আগবঢ়ায় দি, তেওঁলোকৰ চিন্তাৰ জগতখন শুদ্ধকৈ পোহৰাই তুলিব পাৰে! কিশোৰসকলেও তেওঁলোকৰ মনোজগতত ভাৱৰ জোকাৰণি তুলিব পৰা এনেবোৰ কিতাপ বা আলোচনীৰ কথাবোৰৰ ওপৰত অধিক বিশ্বাস কৰে। পিছে সাম্প্ৰতিক কালত, আমাৰ অসমীয়া সাহিত্যত তেনে শিশু আৰু কিশোৰৰ উপযোগী সাহিত্যৰ ক্ষেত্ৰত গভীৰ শূন্যতা অনুভৱ হয়। অথচ বৰ্তমান আমাৰ সমাজত উপলব্ধ অনেক সামাজিক মাধ্যমৰ জৰিয়তে আমি আমাৰ নৱ প্ৰজন্মক সহজেই বহু ধৰণে উপকৃত কৰিব পাৰোঁ।
এইখিনি প্ৰাৰম্ভিক চিন্তাৰ ফলস্বৰুপেই আমাৰ মনৰ ইচ্ছাটোক সাকাৰ ৰূপ দিবলৈ বচা বচা কেইজনমান সুহৃদক লৈ এই বছৰৰে ২১ মে' তাৰিখে এটা গোট গঠন কৰা হ'ল। ২২ মে'ত এখন অনলাইন মিটিং আয়োজন কৰি তাতে মোৰ মনৰ কথাবোৰ সন্মানীয় সদস্যবৃন্দৰ আগত প্ৰকাশ কৰিছিলোঁ। তাতেই সকলোৰে পৰা অশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষমো হ'লোঁ।
ইয়াৰ ফলশ্ৰুতি স্বৰূপে আমি এই 'সূৰুযমুখী' নামৰ আলোচনীখনৰ কাম হাতত তুলি লৈছোঁ। এইখন আলোচনীৰ যোগেদি আমি আমাৰ শিশু আৰু কিশোৰ-কিশোৰীসকলক তেওঁলোকৰ মনৰ কথা ক'বলৈ সুবিধা দিম। তেওঁলোকৰ মনোজগতৰ সমস্যাবোৰৰ উমান ল'বলৈ চেষ্টা কৰিম। তাৰ লগেলগে এইবোৰ বিষয়ত অভিজ্ঞসকলে, তেওঁলোকৰ সমস্যাবোৰৰ সমাধান বিচাৰি উলিওৱাত তেওঁলোকক সহায় কৰি, তেওঁলোকৰ ভাৱ-চিন্তা, বিচাৰ ধাৰাবোৰ গত লগাই দিব পৰাকৈ ব্যৱস্থা ৰাখিম। অভিভাৱকসকলৰো এটা দায়িত্ব আহি পৰে যে, তেখেতসকলে নিজৰ সন্তানক এজন ভাল বন্ধুৰ লগত উমলিবলৈ এৰি দিয়াৰ দৰে আলোচনীখনৰ কাষ চাপিবলৈ দি, ইয়াৰ ভালখিনি আহৰণ কৰিব পৰাকৈ এক পৰিবেশ ৰচনা কৰি দি নিজেও স্বস্তিৰ নিশ্বাস ল'ব পাৰে।
ইয়াৰোপৰি আমি এইখিনিতে উল্লেখ কৰিবই লাগিব যে, আমাৰ জাতীয় চেতনাৰ ভাৱ বাহাল ৰাখি, আমাৰ নৱ-প্ৰজন্মৰ অন্তৰত জাতি আৰু দেশপ্ৰেম জাগ্ৰত কৰিবলৈ, আমাৰ ভাৱ-ভাষা, কলা-সংস্কৃতি, আদিৰ বিষয়ে জনাবলৈ আমি অহৰহ চেষ্টা কৰিম!
সূৰুযমুখীৰ বৈশিষ্ট্যই সকলোকে চিৰন্তন আকৰ্ষিত কৰি আহিছে; লক্ষ্য সদায় স্থিৰ, নিতে নতুন উদ্দ্যম। সদায়ে উজ্জ্বল, ৰঙীয়াল, আশা আৰু আকাংক্ষাৰ প্ৰতীক ৰূপে চাৰিওফালে এক আনন্দময় বাতাবৰণৰ সৃষ্টি কৰি ৰাখে। সেই 'সূৰুযমুখী'ৰে আজি উন্মোচনৰ আগ মুহূৰ্তত এই সম্পাদকীয় পৃষ্ঠাটো লেখিবলৈ লৈ হৃদয়ত নতুন যাত্ৰাৰ আৰম্ভণিৰ এক শিহৰণো অনুভৱ কৰিছোঁ I
প্ৰথম সংখ্যাৰ আলোচনী হিচাপেও 'সূৰুযমুখী'য়ে আপোনালোকৰ আশীৰ্বাদ, মৰম-স্নেহ, বিশেষকৈ আপোনালোকৰ লেখাৰে সমৃদ্ধ হ'ব পৰাটো পৰম সৌভাগ্য বুলি ভাবোঁ। ভবিষ্যতলৈও আটাইৰে এনে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।
বিভিন্ন দিশত থকা আমাৰ কিছু সীমাবদ্ধতাৰ বাবে সূৰুযমুখীত অনিচ্ছাকৃতভাবে হয়তো কিছু ভুল-ত্ৰুটি ৰৈ যাব পাৰে, গতিকে এইক্ষেত্ৰত আমি সকলোৰে গঠনমূলক দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলোঁ।
**********
Very nice job...