top of page
  • Black Facebook Icon
  • Black Instagram Icon

সম্পাদকীয় - দ্বিতীয় বছৰ, প্ৰথম সংখ্যা

  • Writer: পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
    পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
  • Jul 13
  • 6 min read

Updated: Jul 14

সম্পাদকৰ মেজৰ পৰা
সম্পাদকৰ মেজৰ পৰা

আজি আপোনালোকক জনাবলৈ পাই অতি সুখী হৈছোঁ যে আজি আমাৰ 'সূৰুযমুখী' য়ে এটা বছৰ কৃতকাৰ্যতাৰে সম্পূৰ্ণ কৰি দ্বিতীয় বছৰত ভৰি দিছে। সূৰুযমুখীৰ সৈতে অতিবাহিত কৰা এবছৰৰ এই আনন্দদায়ক অভিজ্ঞতাখিনি সোঁৱৰণ কৰি দ্বিতীয় বছৰৰ প্ৰথম সংখ্যাটোৰ সম্পাদকীয়টো লিখিবলৈ লৈ এক অনন্য আনন্দ উপভোগ কৰিছোঁ ।

 

আমি আমাৰ উদীয়মান নৱ-প্ৰজন্মক অসমীয়া জাতিৰ ভাষা-সাহিত্য, কলা-সংস্কৃতি, জ্ঞান-বিজ্ঞান, আচাৰ-ব্যৱহাৰ তথা সামাজিক লোকাচাৰ আদিৰ বিষয়ে অৱগত কৰোৱাই, তেওঁলোকক একতাৰ ডোলেৰে বান্ধি ৰাখি অসমীয়া জাতিৰ ঘাই শিপাডাল টনকিয়াল কৰি ৰখাৰ মানসেৰে এদিন 'সূৰুযমুখী' ই-আলোচনীখন প্ৰকাশৰ কাম হাতত লৈছিলোঁ আৰু ২০২৪ চনৰ ১৪ জুলাইৰ দিনা ইয়াৰ প্ৰথম সংখ্যাটো ৰাইজৰ মাজলৈ মুকলি কৰি দিয়া হৈছিল।

 

যোৱা এটি বছৰে আলোচনীখনৰ লগত প্ৰতিপল জড়িত হৈ থাকি আজি এটা কথাই উপলব্ধিৰে সৈতে ক'ব বিচাৰোঁ যে সময়ৰ লগেলগে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত, তেওঁলোকৰ সন্মানীয় পিতৃ-মাতৃ, পৰিয়ালবৰ্গ, বিদ্যালয়ৰ শিক্ষক -শিক্ষয়ত্ৰীসকলৰ আৰু সমাজৰ জ্যেষ্ঠসকলৰ মাজত সূৰুযমুখীলৈ সমাদৰ বৃদ্ধি পাই আহিছে। তেখেতসকলৰ বহুমূলীয়া অৱদানস্বৰূপ তেখেতসকলৰ লেখাৰে সমৃদ্ধ হৈ ইতিমধ্যে প্ৰকাশ হৈ ওলোৱা আলোচনীৰ সংখ্যাসমূহ আমাৰ বহুমূলীয়া সম্পদ আৰু সেয়া সাৰোগত কৰিয়েই আমাৰ সপোনৰ 'সূৰুযমুখী' খন ভৱিষ্যতে অধিক জাতিষ্কাৰ কৰি তুলিবলৈ উৎসাহ অনুভৱ কৰিছোঁ।


সময় গতিশীল। আমি আশা আৰু কামনা কৰোঁ, এই গতিশীল সময়ৰ লগতে সংগতি ৰাখি আমাৰ সুৰুষমুখীয়েও আমাৰ সপোনবোৰৰ সাকাৰ ৰূপ দি আৰু আগলৈ, আৰু নতুন নতুন ছাত্র-ছাত্রীৰ মাজলৈ, ৰাইজৰ মাজলৈ আগুৱাই যাওক। আমি সৰু থাকোঁতে, এখন মনে বিচৰা সাধু কিতাপ হাতত থকামানে পৰম সৌভাগ্য বুলি বিবেচনা কৰিছিলোঁ, যেন লগতেই লৈ ফুৰিম। লাহেলাহে আমাৰ হাতলৈ ই-বুক বা ইলেকট্রনিক মাধ্যমৰ কিতাপ আহিল। হাতত থকা ম'বাইল ফোনটোৰ আঙুলিৰ টিপাতে যেন পৃথিৱীখন উপলব্ধ হ'বলৈ ধৰিলে। তেনেদৰেই আমিও আজি ইলেকট্রনিক মাধ্যমেৰে প্ৰকাশ কৰা 'সূৰুষমুখী' আলোচনীখন ৰাইজৰ মাজলৈ আগবঢ়াই দিবলৈ সক্ষম হৈছোঁ..। সুৰুষমুখীকো ৰাইজে, আমাৰ উদীয়মান নৱ-প্রজন্মই ম'বাইল ফোন, লেপটপ আদিতে সহজতে পঢ়িব পাৰিব।

 

এনেকৈয়ে আমি যেন দিনেদিনে সম্পূৰ্ণৰূপে যন্ত্ৰৰ যুগত সোমাই পৰিছোঁ। পুৱাৰ পৰা ৰাতি শুবলৈ বিছনাত পৰালৈকে ক'ব নোৱৰাকৈয়ে আমি সম্পূৰ্ণৰূপে বৈদ্যুতিক আৰু বৈদ্যুতিন সা সৰঞ্জাম নাইবা যন্ত্ৰৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকোঁ।  আচলতে আমি বৰ্তমান যি যুগত বসবাস কৰিছোঁ এইটো প্ৰকৃত অৰ্থত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। এনে প্ৰযুক্তিবিদ্যাৰ ফলপ্ৰসু আৰু চমকপ্ৰদ উপাদানেই হৈছে বৰ্তমান সময়ত উপলব্ধ “কৃত্ৰিম বুদ্ধিমত্তা” (Artificial Intelligence বা AI)। এইয়া হৈছে মানৱ জীৱনৰ বিভিন্ন দিশত বিপ্লৱ আনিব পৰা এক শক্তিশালী আৱিস্কাৰ।

 

কৃত্ৰিম বুদ্ধিমত্তাৰ মুখ্য উদ্দেশ্যই হৈছে মানৱীয় বুদ্ধিমত্তাৰ ক্ষমতা যেনে সমস্যা সমাধান, যুক্তি, শিক্ষণ, আৰু সিদ্ধান্ত গ্ৰহণৰ দৰে কাম মেচিনৰ দ্বাৰা সম্পন্ন কৰি মানৱ জীৱনক সহজ, দক্ষ, আৰু অধিক উৎপাদনশীল কৰা। সহজভাৱে ক'বলৈ গ'লে ই হৈছে কম্পিউটাৰ বিজ্ঞানৰ এটা শাখা য’ত মেচিন বা কম্পিউটাৰ চিষ্টেমক এনেদৰে সজাই তোলা হয় যাতে ই মানুহৰ দৰে চিন্তা কৰিব পাৰে, শিকিব পাৰে, আৰু সিদ্ধান্ত ল’ব পাৰে।

 

এনে এটি যুগান্তকাৰী বিপ্লৱৰ প্ৰতি আমাৰ ছাত্ৰ-ছাত্ৰীসকল, ৰাইজৰ মনোযোগ আকৰ্ষণ কৰিবলৈ আৰু সচেতনতা আনিবৰ এক প্ৰয়াস স্বৰূপে এইবাৰৰ আমাৰ দ্বিতীয় বছৰৰ প্ৰথম সংখ্যাৰ 'সূৰুযমুখী' ৰ বিষয়বস্তু ৰখা হৈছে "কৃত্ৰিম বুদ্ধিমত্তা"।

 

আমি আজি আপোনালোকক জনাবলৈ পাই অতিশয় আনন্দিত হৈছোঁ যে এই ব্যাপক বিষয়টিৰ শিক্ষণৰ দিশত অগ্ৰণী ভূমিকা পালন কৰা বিশ্বৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ লেখাৰে এই সংখ্যাটি সমৃদ্ধ হৈছে। তাৰবাবে তেখেতসকললৈ 'সূৰুযমুখী' পৰিয়ালৰ সকলো সদস্য আৰু পঢ়ুৱৈৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ এইটো দিশত থকা জ্ঞান গম্ভীৰ আলোকপাতে আমাক সকলোকে যে লাভাম্বিত কৰিব, ই ধুৰুপ।

 

তদুপৰি আমাৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ এই নতুন চমকপ্ৰদ বিষয়টোৰ প্ৰতি হোৱা বোধ আৰু অনুভৱসমূহকো ইয়াত সুন্দৰভাৱে সন্নিৱিষ্ট কৰা হৈছে।

 

কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব যে, কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত প্ৰাকৃতিক মানৱতকৈ অধিক পাৰদৰ্শিতাৰে কাম সম্পন্ন কৰাব পাৰিলেও, কিন্তু কৃত্ৰিম বুদ্ধিমত্তাৰ সম্পূৰ্ণ বিষয়টোৱেই হৈছে মানৱ মস্তিষ্কৰ দ্বাৰা সৃষ্ট সঁজুলি মাত্ৰ। এনে আগৰণুৱা কামত সৃষ্টিৰ পৰম আনন্দ থকাৰ উপৰিও সবাতোতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে মানৱ কল্যাণ আৰু উপযুক্ত ৰক্ষণাবেক্ষেণ। গতিকে এনে চমকপদ সৃষ্টিত আগৰণুৱাসকলে নিশ্চয় ভৱিষ্যতৰ কথা চিন্তা কৰিৱেই আগবাঢ়িব লাগিব। কাৰণ এনে এটি মহাশক্তিক ভৱিষ্যত প্ৰজন্মই কেনেদৰে ব্যৱহাৰ কৰে, সেয়াও এক চিন্তনীয় বিষয়। কাৰণ ইয়াৰ ব্যৱহাৰ দুই ধৰণেৰে হ’ব পাৰে, ভাল আৰু বেয়া, যুদ্ধ আৰু শান্তি, সৃষ্টি আৰু ধ্বংস ……. দুয়োটা দিশতে। গতিকে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ আৰু ক্ৰমবিকাশৰ লগেলগে ভৱিষ্যত প্ৰজন্মৰ মাজত ইয়াৰ ব্যৱহাৰৰ সময়ত সংযম আৰু সহনশীলতাৰ যি অগ্নিপৰীক্ষাৰ মাজেৰে পাৰ হ’ব লাগিব, তাৰো ব্যৱস্থা নিশ্চয় কটকটীয়া হ’ব লাগে। 

 

আমি আশাবাদী, এই দিশত নিশ্চয় সাৱধানতা অৱলম্বন কৰা হ’ব…..।

 

ইয়াৰ মাজতে, আমাৰ সূৰুযমুখীৰ জন্মদিনৰ ঠিক কেইদিনমান আগতে ২০ জুন তাৰিখে, আমি আমাৰ এজন জননেতা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে অসমীয়া ৰাইজে ৰাভা দিৱস পালন কৰোঁহক। বিষ্ণুপ্ৰসাদ ৰাভা (১৯০৯–১৯৬৯), যিজনক ‘কলাগুৰু’ আৰু ‘সৈনিক শিল্পী’ হিচাপে জনা যায়, অসমীয়া সমাজ, সংস্কৃতি আৰু স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত তেওঁৰ বহুমুখী অৱদানৰ বাবে প্ৰতিজন অসমীয়াৰ মাজত চিৰস্মৰণীয় হৈ ৰ’ব।

 

ৰাভা দিৱস পালনৰ মূল উদ্দেশ্য হৈছে অসমৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অমৰ সাংস্কৃতিক, সামাজিক আৰু বিপ্লৱী অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা আৰু তেওঁৰ আদৰ্শ, দৰ্শন আৰু চিন্তাধাৰাক নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ কৰা। তেওঁৰ সংগীত, নাটক, নৃত্য, চিত্ৰকলা আৰু সাহিত্যৰ জৰিয়তে অসমীয়া সমাজৰ নিস্পেষিত-শোষিত জনগণৰ হৈ সংগ্ৰাম কৰাৰ প্ৰতিফলন ঘটে এই দিৱসত।

 

ৰাভাই অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি জাতি-ভেদ, উচ্চ-নীচ, ভেদাভেদৰ বিৰুদ্ধে সংগ্ৰাম কৰি এক বৃহত্তৰ অসমীয়া সমাজ গঢ়াৰ সপোন দেখিছিল। তেওঁ কলা, সাহিত্য আৰু সংগীতৰ জৰিয়তে অসমৰ পাহাৰ-ভৈয়ামৰ জনগণক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল। তেখেতৰ এই সপোন, তেখেতৰ বিখ্যাত কবিতাটিত ফুটি উঠিছে…..

 

ব'ল ব'ল ব'ল কৃষক শক্তি দল

অ' বনুৱা সমনীয়া আগবাঢ়ি যাওঁ ব'ল

……….

……….

জাগ জাগ জাগ মজদুৰ নজোৱান

নির্যাতিত নিপীড়িত কৃষক শক্তিমান

……….

……….

তোৰ বাহুতেই আছে লুকাই অসীম শক্তি বল

ৰণৰ শিঙা বাজে শুন ঐ আগবাঢ়ি যাওঁ ব'ল ………

 

ৰাভা দিৱসৰ ঢৌ মাৰ যাওঁতে-নৌযাওঁতেই ২৫ জুন ২০২৫ তাৰিখে আমাৰ সমগ্ৰ ভাৰতৰ বাবে এক নতুন দিগন্তৰ সূচনা হ’ল, আমাৰ নতুন প্ৰজন্মৰ বাবে এখন নতুন দুৱাৰ মুকলি হ’ল….।

 

১৯৮৪ চনত ৰাকেশ শর্মাই মহাকাশত প্রবেশ কৰা প্ৰথম ভাৰতীয় হিচাপে খিতাপ অৰ্জন কৰাৰ প্ৰায় এবছৰৰ পিছতে, মহাকাশ যাত্ৰাৰ দৰে ৰোমাঞ্চকৰ পৰিবেশৰ মাজতে, ১৯৮৫ চনৰ ১০ অক্টোবৰত ভাৰতৰ উত্তৰ প্রদেশৰ লক্ষ্ণৌত জন্মলাভ কৰে ভাৰতৰ দ্বিতীয়জন মহাকাশ যাত্রী শুভাংশু শুক্লাই। নেশানেল ডিফেন্স একাডেমী (এন ডি এ) ৰ পৰা কম্পিউটাৰ বিজ্ঞান শাখাত স্নাতক ডিগ্রী লাভ কৰা শুভাংশু শুক্লাৰ এই যাত্রা ভাৰতৰ বৈজ্ঞানিক সামর্থ্য আৰু মহাকাশ অন্বেষণৰ ক্ষেত্ৰত আমাৰ দেশৰ আত্মবিশ্বাসৰ প্ৰতীক ৰূপে চিহ্নিত হ'ল। লগেলগে ভাৰতীয় বায়ুসেনাৰ গ্রুপ কেপ্টেইন শুভাংশু শুক্লা, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (International Space Station বা ISS) ত ভৰি দিয়া প্ৰথম ভাৰতীয় ৰূপে পৰিগণিত হয়।

 

২৬ জুন, ২০২৫ ৰ দিনা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত প্ৰথমবাৰলৈ ভাৰতৰ ত্ৰিৰংগ পতাকাৰ প্ৰবেশ ঘটাই ত্ৰিৰংগাৰ সমুখত বহি মহাকাশচাৰী শুভাংশু শুক্লাই কামনা কৰাৰ দৰে আমি প্ৰতিজন ভাৰতীয়ই কামনা কৰোঁ, এই সীমাহীন মহাকাশত ভাৰত এতিয়া আৰু সীমাবদ্ধ হৈ থকা নাই.....। আমাৰ প্ৰতিজন যুৱক যুবতীয়ে মহাকাশ কাৰ্যসূচীত ভাগ লৈ মহাকাশ প্রযুক্তি, জৈর মহাকাশ বিজ্ঞান আদিৰ দৰে কাৰ্যসূচীৰ বাবে নিজকে উপযুক্তকৈ গঢ়ি তুলিব পাৰে। যিদৰে শুভাংশু শুক্লাই পৰৱৰ্তী সময়ত বেংগালুৰুস্থিত ইন্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স (আই আই এছ চি)ৰ পৰা এৰোস্পেচ ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি মহাকাশ বিজ্ঞানৰ বিশেষজ্ঞতা শক্তিশালী কৰিছিল। ফলস্বৰূপে ২০১৯ চনত শুক্লাক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO) "গগনযান" অভিযানৰ বাবে ইনষ্টিটিউট অৱ এৰোস্পেচ মেডিচিনৰ দ্বাৰা বাচনি কৰা হৈছিল, যিটো ভাৰতৰ প্ৰথম মানৱ মহাকাশ উৰণ কাৰ্যসূচী, ২০২৭ চনত অনুষ্ঠিত হ'ব। এই অভিযানৰ বাবে নির্বাচিত হোৱা চাৰিজন আই এ এফ বিষয়াৰ ভিতৰত তেওঁ অন্যতম।

 

 এইখিনিতে আমাৰ সমাজত প্ৰচলিত এষাৰি বৰ লাগতিয়াল প্ৰৱচন উল্লেখ কৰিব বিচাৰিছোঁ....."বতৰ চাই কঠিয়া, পানী চাই কুমাৰা", যাৰ অৰ্থ হ'ল বতৰৰ পৰিস্থিতি বুজি শস্যৰোপণ কৰিব লাগে আৰু উন্নত মানৰ মাটিৰ পাত্ৰ তৈয়াৰ কৰিবলৈ হ’লে পানীৰ গুণাগুণ বুজি লৈ লাগতিয়াল পৰিমাণৰ পানীহে মাটিৰ লগত মিহলাব লাগে। সেই ফাঁকি প্ৰৱচনৰ দৰে, …..সফলতাৰ বাবে সঠিক সময় আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰখাটোও অত্যন্ত বাঞ্চনীয়...। কাম কৰাৰ আগতে পৰিস্থিতি বিশ্লেষণ কৰি সঠিক সময়ত, সঠিক সিদ্ধান্ত ল’লেহে সফলতা হাতৰ মুঠিলৈ আহে…..।

 

আমি এতিয়ালৈকে প্ৰতিখন 'সূৰুযমুখী' ৰ উন্মোচনৰ দিনা আমাৰ সমাজৰ কিছু বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি আনি, ইণ্টাৰনেটৰ দ্বাৰা সংযোগ কৰাই, সভাত উপস্থিত থকা অসমৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক তেখেতসকলৰ লগত মনৰ দুৱাৰ খুলি ভাব বিনিময় কৰাৰ সুবিধা দিয়া হৈছে। তাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে বিশাল অভিজ্ঞতা সঞ্চয় কৰিবলৈ সমৰ্থ হোৱাৰ উপৰিও নিজে লিখা-পঢ়া-ছবি অঁকা আদি বিভিন্ন কাৰ্যসুচীত ভাগ ল’বলৈ অত্যন্ত উৎসাহিত হৈ উঠিছে। তাকে দেখি আমাৰ সূৰুযমুখীৰ সপোনো যেন লাহেলাহে ফলিয়াব ধৰিছে, …..লগতে আমিও আৰু এখোজ আগবঢ়াৰ সাহস সঞ্চয় কৰিছোঁ..……।

 

আপোনালোকক জনাবলৈ পাই অতি আনন্দিত হৈছোঁ যে, এইবাৰ নগাঁও আৰু ডিব্ৰুগড়ৰৰ পৰা নাৰ্চাৰী আৰু কেঃ জিঃ শ্ৰেণীৰ দুজন শিশুৱে হাতে অঁকা দুখন ছবি আগবঢ়াই এইবাৰৰ সূৰুযমুখীত অংশগ্ৰহণ কৰিছে। এইটো আমাৰ বাবে এটি অতি সুখবৰ। ইমান কোমল বয়সতে তেওঁলোকৰ এই অংশগ্ৰহণ, তেওঁলোকৰ ভৱিষ্যত জীৱনৰ বাবে এক সোণালী পথৰ আৰম্ভণি হৈ পৰক।

 

আমি যাতে আলোচনীখন ছাত্ৰ-ছাত্ৰীসকলৰ আৰু এখোজ ওচৰলৈ আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ বাবে আপোনালোকৰ পৰা দিহা পৰামৰ্শ অনুৰোধ কৰা হ'ল। আপোনালোকৰ উৎসাহপূৰ্ণ সহযোগে আমাৰ সূৰুযমুখীক আৰু আগুৱাই লৈ যাবলৈ সহায় কৰিব।

 

এইখিনিতে এটি ঘোষণা, কিতাপ-আলোচনী আদিৰ লেখাবোৰৰ বিষয়বস্তু ছাত্ৰ-ছাত্ৰীসকলৰ বা পাঠকৰ মাজত সহজে বোধগম্য কৰি তুলিবলৈ ফটো, ভিডিঅ’, উদ্ধৃতি আদিৰ অতিশয় প্ৰয়োজন। তেনে কৰিবলৈ যাওঁতে ইণ্টাৰনেটত উপলব্ধ কিছুমান ফটো সূৰুযমুখীৰ পৃষ্ঠাতো ব্যৱহাৰ কৰিব লগা হৈছে।

 

আমাৰ যিসকল শিশু, ছাত্ৰ-ছাত্ৰী, লেখক-লেখিকা আৰু বিশিষ্ট ব্যক্তিয়ে 'সূৰুযমুখী'লৈ লেখা পঠিয়াইছে, সম্পাদনা মণ্ডলীৰ হৈ তেখেতসকললৈ আৰু সন্মানীয় সহৃদয় পাঠকসমাজ সহ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

 

সদৌ শেষত, সূৰুযমুখী আলোচনীখন সম্পাদনা কৰোঁতে অনিচ্ছাকৃতভাবে হয়তো কিছু ভুল-ত্ৰুটি ৰৈ যাব পাৰে, গতিকে এইক্ষেত্ৰত আমি সকলোৰে গঠনমূলক দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলোঁ।

 

ধন্যবাদ সহকাৰে,


পবিত্ৰা বৰঘৰীয়া, মুম্বাই

সম্পাদক – ই আলোচনী ‘সূৰুযমুখী’

১৩ জুলাই, ২০২৫

Comments

Couldn’t Load Comments
It looks like there was a technical problem. Try reconnecting or refreshing the page.

JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page