top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

হিংসাক জয় কৰি অহিংসাৰ জয়যাত্ৰাৰ কামনাৰে……

  • Writer: সূৰুযমুখী
    সূৰুযমুখী
  • Jul 10
  • 1 min read
ree

সদা ব্যস্ত মুম্বাই মহানগৰীৰ অহৰহ চলি থকা যান্ত্ৰিক শব্দকো তল পেলাই, সেউজীয়া পাতৰ আঁৰ লৈ গছৰ ডালত বহি কুউ কুউকৈ মিঠা মাতটিৰে চৌদিশ কঁপাই কুলিকেইজনীয়ে বসন্ত অহাৰ আগজাননী দিলেহি। লগেলগেই মুম্বাইত বাস কৰা প্ৰতিজন অসমীয়াৰ অন্তৰতো নিজৰ মাতৃভূমি অসমলৈ বুলি এবুকু হেঁপাহ যেন উথলি উঠিল। প্ৰতিজন অসমীয়াই নিশ্চয় অকাতৰে কামনা কৰে, খন্তেকতে যেন উৰা মাৰি গৈ অসমৰ গাঁৱে ভুঁৱে, চুকে কোণে বিচৰণ কৰি তগৰ, নাহৰ, কপৌ, কেতেকীৰ সুঘ্ৰাণেৰে মনটি ভৰাই আনিবগৈ।

 

বসন্তৰ আগমনৰ  লগেলগেই প্ৰকৃতিৰ বুকুলৈ আনন্দৰ বন্যা নামি অহে। অসমীয়া কৃষিজীৱী ৰাইজে প্ৰকৃতিৰ এই মোহময় ৰূপৰ মেলাতেই যিদৰে অসমৰ জাতীয় উৎসৱ বিহু উদযাপন বাবে সাজু হৈ উঠিছে সেইদৰে পৃথিৱীৰ সকলো প্ৰান্তৰতে বসন্ত ঋতুৰ উৎসৱ পালনৰ হেতু যো-জা কৰাৰ সময় সমাগত হৈছে। কিন্তু বৰ্তমান বিশ্বব্যাপী চলি থকা পৰিঘটনাসমূহে যেনে ৰাজনৈতিক অস্থিৰতা, অৰ্থনৈতিক সংকট, প্ৰাকৃতিক দুৰ্যোগৰ দৰে বিষয়বোৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মাজত হয়তো এক অনিশ্চয়তাৰো সৃষ্টি কৰিছে!

 

আজি আমেৰিকাৰ শুল্ক নীতিৰ বাবে গৰিষ্ঠ সংখ্যক দেশৰ মাজত বাণিজ্যিক উত্তেজনা বৃদ্ধি পাইছে, ইউক্ৰেইন আৰু মধ্যপ্ৰাচ্যত চলি থকা সংঘাত, আৰু কিছু দেশত হোৱা ৰাজনৈতিক পৰিবৰ্তন... আদি পৰিঘটনাবোৰে বিশ্বব্যাপি মানুহৰ মনৰ মাজত এক অস্থিৰতাৰ জন্ম দিছে।

 

সেয়ে 'সূৰুযমুখী'ৰ এই চতুৰ্থ সংখ্যাটিত হিংসাৰ বিৰুদ্ধে যুঁজি অহিংসাৰে মানৱ সমাজলৈ শান্তিৰ নিজৰা বোৱাই দিয়াৰ ভাৱনাক গুৰুত্ব দিয়া হৈছে। তেনে ভাৱেৰে উদ্বুদ্ধ হৈ আমাৰ ছাত্ৰ ছাত্ৰী, লেখক-লেখিকাসকলে এই সংখ্যাৰ 'সূৰুযমুখী' লৈ আগবঢ়োৱা অৰিহণা আমাৰ পাঠকসমাজে নিশ্চয় উপলব্ধি কৰিব পাৰিব।​

 

আমাৰ আশা আৰু কামনা, অতি শীঘ্ৰেই  ধৰাৰ বুকুলৈ শান্তি নামি আহি  সকলোৰে জীৱন সুৰক্ষিত কৰি  সুখ আনন্দৰে ভৰাই তোলক। আমাৰ নৱ-প্ৰজন্মই এখনি শান্তিপূৰ্ণ ধৰাৰ বুকুত নিজকে বিকশিত কৰিবলৈ সুযোগ-সুবিধা লাভ কৰক।

 

🙏🙏🙏🙏🙏🙏🙏

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page