হাস্যৰস প্ৰকৃতিৰ আটাইতকৈ ডাঙৰ ঔষধ
- চানিয়া স্নিগ্ধা মুকতাৰ,বাঘচোং ড'নবস্ক উঃমাঃবিদ্যালয়,যোৰহাট

- Jul 13
- 2 min read

চানিয়া স্নিগ্ধা মুকতাৰ, অষ্টম শ্ৰেণী,
যোৰহাট বাঘচোং ড'নবস্ক উ: মা: বিদ্যালয়
হাস্যৰস হৈছে নৱৰসৰ মাজৰ এক অতি মহত্বপূৰ্ণ ৰস। ভাৰতীয় সাহিত্য, নাটক বা নৃত্য় আদিত মানুহৰ মনৰ মাজত জাগি উঠা ন’ টি প্রধান অনুভূতি বা ভাবকে নৱ ৰস বোলা হয়। এই ৰসসমূহ হৈছে : শৃঙ্গাৰ ৰস, হাস্য ৰস, কৰুণ ৰস, ৰৌদ্র ৰস, বীৰ ৰস, ভয়ানক ৰস, বীভৎস ৰস, অদ্ভুত ৰস আৰু শান্ত ৰস।
হাস্যৰসে আমাক সাংস্কৃতিক দিশত বহুত সহায় কৰে। উদাহৰণ স্বৰূপে, নৃত্য! নৃত্য হৈছে নৱৰস প্ৰদৰ্শনীৰ এক সুন্দৰ আহিলা। যদিও নৃত্যত সকলো ধৰণৰ ৰস থাকে, হাস্যৰ সহায়ত এটি নৃত্যক ফুটাই তুলিব পৰা ক্ষমতা থাকে। নৃত্যৰ উপৰিও হাস্যৰসে আমাক বহু বেলেগ সাংস্কৃতিক দিশতো সহায় কৰে ।
হাস্যৰস এনে এবিধ ৰস যাৰ জৰিয়তে আমি সকলো দুখ কষ্ট পাহৰি সকলোকে আঁকোৱালি ল'ব পাৰোঁ। হাস্যৰসে মানুহক সদায় এক সুখ আৰু শান্তিময় জীৱন কটাবলৈ শিকায়। হাস্যৰসে আমাৰ দেহৰ সকলো ৰোগ আঁতৰাই আমাক এক নিৰোগী জীৱন দিয়ে। হাঁহিয়ে মানুহৰ জীৱনটো ৰূপ ৰসেৰে সজাই তুলিব পাৰে।
হাঁহিয়ে আমাৰ দুখ কষ্ট লাঘৱ কৰি আনন্দৰ জোৱাৰ আনি আমাৰ জীৱনটো অনুপমকৈ উজ্বলাই তোলে। মন খুলি হাঁহিব পাৰিলে আমি নিজে সুখী হোৱাৰ লগতে আনকো সুখী কৰিব পাৰোঁ। জীৱনৰ কঠিনতকৈও কঠিন সময়ত সাহসেৰে থাকিবলৈ আমাক হাস্যৰসী কিছুমান বন্ধু-বান্ধৱ, পৰিয়ালৰ লোকৰ প্ৰয়োজনৰ। মুঠতে এটা হাঁহি কৌতুকেৰে ভৰা পৰিৱেশে মানুহৰ মানসিক চাপ হ্ৰাস কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, হৃদযন্ত্ৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া উন্নত আৰু বিষ উপশম কৰে। সামাজিক সম্পৰ্ক মধুৰ কৰাত আৰু মানুহৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত হাস্যৰসৰ অপাৰ অৱদান আছে।
ক'বলৈ গ'লে হাস্যৰসে আমাক জীৱন যাপন নহয়, জীৱন উদ্যাপন কৰিবলৈ শিকায়। যিজন মানুহে সদায় হাঁহি থাকিব পাৰে তেওঁক পৰম সুখী বুলি কোৱা হয়; কিয়নো হাঁহি হৈছে সংঘাতপূৰ্ণ জীৱনৰ সঞ্জীৱনী সদৃশ। সেয়ে ধেমেলীয়া মানুহক সমাজত সকলোৱে ভাল পায়।
আজিৰ যুগত আমি দেখিবলৈ পাওঁ যে ডাঙৰ ডাঙৰ পণ্ডিত, গৱেষকসকলেও ইতিমধ্যে হাঁহি ফূৰ্তিক সুস্থ জীৱনৰ বাবে জৰুৰী বুলি কৈছে। আজিকালিৰ সংঘাতপূৰ্ণ ব্যস্ত জীৱনত যাতে হাঁহি হেৰাই নাযায় তাৰ বাবে গৱেষকসকলে বিভিন্ন ধৰণৰ উপায় বিচাৰি উলিয়াইছে। যেনে: যোগ সাধনা, লাফিং ক্লাব আদিৰ জৰিয়তে হাস্যৰ অনুশীলন কৰোৱা হয়। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে হাঁহি আমাৰ জীৱনৰ বাবে কিমান প্ৰয়োজনীয়।
আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো হাঁহি-ফূৰ্তি, কৌতুকৰ বৰ প্ৰয়োজন। হাস্যৰসে ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ পৰা ভয়, অৱসাদ, অমনোযোগীতা আদি দূৰ কৰি পঢ়াৰ প্ৰতি ধাউতি বঢ়াই তোলে।
**********



Comments