হেৰুৱা সদাগৰ বিচাৰি
- সুগন্ধি উৰুলি বৰুৱা, ডিপিএচ,নাজিৰা, শিৱসাগৰ

- Jan 10
- 2 min read

সুগন্ধি উৰুলি বৰুৱা, অষ্টম শ্ৰেণী,
দিল্লী পাব্লিক স্কুল, নাজিৰা
বহুত দিনৰ আগৰ কথা। আমাৰ ককা আজোককাৰো আগৰ দিনৰ কথা। তেতিয়া ৰত্নপুৰ নামেৰে এখন দেশ আছিল। বৰ ধুনীয়া দেশ। সেই দেশখনৰ মানুহবোৰ বহুত ধনী আছিল। সেইখন দেশতে সত্যপাল নামৰ এজন সদাগৰ আছিল। তেওঁ জীৱ-জন্তু বৰ ভাল পাইছিল। বিশেষকৈ কুকুৰ আৰু মেকুৰী তেওঁ বৰ ভাল পাইছিল। আনকি তেজখোৱা মহবোৰকো তেওঁ ভাল পাইছিল। তেওঁ কৈছিল যে সকলোবোৰ প্ৰাণী ভগৱানৰে সৃষ্টি, গতিকে কোনেও কাকো বেয়া পাব নালাগে। সেই সময়ত অৱশ্যে মহবোৰ বৰ ডাঙৰ ডাঙৰ আছিল।
এদিন সত্যপালে তেওঁৰ পোহনীয়া জীৱ-জন্তুবোৰক ওচৰলৈ মাতি আনি ক'লে "মই বেপাৰলৈ ওলাইছো। এইবাৰ বহুকেইখন দেশ ঘূৰিম। গতিকে ঘূৰি আহোঁতে অলপ পলম হ'ব। তহঁত মিলা-প্ৰীতিৰে থাকিবহঁত দেই…।"
সত্যপাল সদাগৰে এনেকৈ দীঘলীয়া সময়ৰ বাবে বাণিজ্যলৈ ওলোৱাৰ বাবে জীৱ-জন্তুকেইটাৰ দুখ লাগিছিল। তথাপি সিহঁতে নদীৰ কাষলৈ গৈ সদাগৰক বিদায় দিলে।
দিনবোৰ গৈ থাকিল। এদিন দুদিনকৈ এমাহ পাৰ হ'ল। দুমাহো পাৰ হ'ল। জীৱ-জন্তুবোৰৰ সদাগৰলৈ বৰকৈ মনত পৰিবলৈ ধৰিলে। পুৱাই গৈ সিহঁত নদীৰ পাৰত ৰৈ থাকিবলৈ ধৰিলে, জানোচা সিহঁতৰ মালিক সদাগৰ উভতি আহেই…। কিন্তু সদাগৰৰ দেখোন উভতাৰ নামেই নাই! সিহঁতে দিনটো নদীৰ পাৰতে বহি থাকি সন্ধিয়া বেজাৰ মনেৰে ঘৰলৈ ঘূৰি আহে…..। সিহঁতৰ চিন্তা লাগিবলৈ ধৰিলে। চিন্তাতে খোৱা-বোৱা কমাই দিলত সকলো খীণাই-শুকাই যাবলৈ ধৰিলে।
এদিন জীৱ-জন্তুকেইটাই মিলি কথা বতৰা পাতি, আলচ কৰি সদাগৰক বিচাৰি যাবলৈ ওলাল। কুকুৰে কিন্তু সদাগৰৰ ঘৰখন এৰি যাবলৈ মান্তি নহ'ল। গতিকে সদাগৰক বিচাৰিবলৈ মেকুৰী আৰু মহ ওলাল….। মেকুৰীয়ে সদাগৰক বিচাৰি ইঠাইৰ পৰা সিঠাইলৈ দৌৰি ফুৰিল। মহকেইটাও উৰি উৰি ঘূৰি ফুৰি বিচাৰি ফুৰিল। মহবোৰৰ আয়ুস চুটি বাবে দুদিনমানৰ পাছতে সিহঁতৰ জীৱন কাল অন্ত পৰি আহিল। কিন্তু মৰাৰ আগে আগে মহবোৰে সিহঁতৰ সন্তানবোৰক কৈ গ'ল সদাগৰক যেনেতেনে বিচাৰি উলিয়াবলৈ। আৰু তেনেকৈ সিহঁতবোৰেও নিজৰ সন্তানবোৰক সদাগৰক বিচাৰিবলৈ কৈ গ'ল…..।
সেয়ে এতিয়াও মহবোৰে মানুহৰ কাণৰ কাষে কাষে ঘূৰি কোন কোন সুধি ফুৰে। কিজানিবা কেনেবাকৈ ক'ৰবাত হেৰুৱা সদাগৰক বিচাৰি পায়…… !
😼🦟😼🦟😼🦟😼🦟





Comments