পণ
- মোহন ভূঞা, চৌকিদিঙী, ডিব্ৰুগড়

- Apr 6, 2025
- 1 min read

মোহন ভূঞা, চৌকিদিঙী, ডিব্ৰুগড়
শুৱনি ধৰণী আমি সঞ্জীৱনী
কোমল অন্তৰৰে ভৰা।
সুস্থ সমাজ গঢ়ি তুলিবলৈ
নকৰোঁ অৱহেলা ।।
স্বদেশ পূজা জাতিভেদ নোহোৱা
আমি অসমীয়া ল'ৰা।
দূৰৈত থাকিও মাতৃ সেৱা পণ
আছে অন্তৰৰ পৰা ।।
কোমল অন্তৰ বিশুদ্ধ মন
অৱস্থান জন্মৰে পৰা।
সুস্থ সমাজ গঢ়ি তুলিবলৈ
নোৱাৰে দিব আমাক বাধা।।
দুখীয়া নিচলা আছে বহু জন
আমাৰ সমাজত পৰি।
দুখৰ সময়ত আগবাঢ়ি আহি
মানৱতা জীয়াম ৰাখি।।
হিংসা কন্দল নহয় আমাৰ নীতি
অহিংস ভাৱেৰে ভৰা।
সুস্থ বাতাবৰণ সৃষ্টি কৰি
সমাজ সুস্থিৰ কৰা।।
দুষ্ট সংগ এৰি সৎ সংগ ধৰি
জ্যোতি বিলোৱাই কাম।
জীয়াই থাকক প্ৰকৃতি প্ৰেম
ধৰণীত উজলাই নাম।।
&&&&&&&&





Comments