আত্মপ্ৰত্যয়ৰ জয়যাত্ৰা
- অঞ্জু জয়ছোৱাল, কান্দিভেলী, মুম্বাই

- Apr 12
- 1 min read
Updated: Apr 20

অঞ্জু জয়ছোৱাল, কান্দিভেলী, মুম্বাই
আহা বন্ধুসকল…
সৰু সৰু সুখবোৰ গোটাই লৈ
জটিলতাবোৰ একোণত থৈ
মনৰ বাগিচাখন সজাই লওঁ।
জীৱন চলিব নিজৰ গতিত
শান্তিৰ কিছু পল আমি ধাৰলৈ লওঁ।
ৰাতিয়েতো অন্ধকাৰেই সিঁচি দিয়ে….
তৰাবোৰৰ পৰা অলপ পোহৰ নমাই লৈ
কি হৈ আছে, কি হ’ব…
প্ৰতিটো পৰিস্থিতিক
যিদৰে আছে তেনেদৰেই গ্ৰহণ কৰি
আহা বন্ধুসকল,
সৰু সৰু সুখবোৰ গোটাই লওঁ….।
ঝৰ্ণাৰ দৰে প্ৰবাহিত হৈ
পিচলি পৰিলেও
পুনৰ ঠিয় হোৱাৰ আকাংক্ষা লৈ
আত্মপ্ৰত্যয়ৰ ভাৱনাৰে
জীৱনক নতুন পৰিচয় দিবলৈ
আহা বন্ধুসকল,
সৰু সৰু সুখবোৰ গোটাই লওঁ….।।
@@@@@@@@@@



Comments