অহিংসা
- বৰ্ণালী হাজৰিকা, বিশ্বনাথ চাৰিআলি
- Apr 6
- 1 min read

বৰ্ণালী হাজৰিকা, শিক্ষয়িত্ৰী, বিশ্বনাথ চাৰিআলি
অহিংসা মানেই প্ৰেমৰ পথ
তেজৰ নহয়, আশাৰ সোঁত।
দ্বন্দ্ব ভাঙি মিলন গঢ়োঁ,
মানৱতাৰে হৃদয় ভৰাওঁ।
ঘৃণাৰ ডাৱৰ আঁতৰাওঁ,
শান্তিৰ পথত জীৱন সজাওঁ।
অহিংসাই হয় জীৱনৰ জ্যোতি,
মৰমৰ সুৰত মাধুৰী মূৰ্চ্ছা তুলি।
শক্তি নহয়, মমতাৰ জাহ,
অহিংসাই হ’ল জীৱনৰ আশা।
অমানৱতাৰ উদগনি দিয়া,
তেনে লোক নাথাকক হেৰা।
দ্বন্দ্বৰ আঁৰত শান্তিৰ গান,
অহিংসাৰ বাটত মিলনৰ প্ৰাণ।
ভগ্ন হৃদয়ৰ আঘাত ভুলি,
শান্তিৰ পোহৰ জগতলৈ বুলি।
মমতাৰ সুৰে ভৰাওঁ সংসাৰ
ঘৃণাৰ পৰা আঁতৰাওঁ আচাৰ
অহিংসাই শিকায় মিলনৰ ভাষা
শান্তি-প্ৰেমেৰে দেখুৱায় আশা।
**********
Comments