গধূলি
- জুবিলী গগৈ, দুলীয়াজান, অসম

- Jan 9
- 1 min read

জুবিলী গগৈ, দুলীয়াজান, অসম
ঋতুৰ পোচাক পিন্ধি
গধূলিবোৰ আহে
মোৰ চোতাল গচকি
ছাইসনা গধূলিবোৰ
বিষাদ-গধূৰ
এপতীয়া ঢেকীয়াৰ
নাওমান পোহৰ
যেতিয়া নামে বিষাদ-বৰষুণ
বেংবোৰো নোহোৱা হয়
পদূলিৰ শিমলুজোপাত
ৰৈ ৰৈ বিনাই থাকে
অচিন পক্ষী
তুমি ভাবিছা নেকি
গধূলিবোৰ উজলি থাকে
জোনৰ দাপোণত
হেমন্তৰ আকাশত
জোনেও নামানে নিয়ম...
************





Comments