top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

দেউতা

  • Writer: মফিজুদ্দিন চৌধুৰী, চকিটুপ, ছোটহয়বৰ, নগাঁও
    মফিজুদ্দিন চৌধুৰী, চকিটুপ, ছোটহয়বৰ, নগাঁও
  • Sep 26, 2024
  • 1 min read
ree

মফিজুদ্দিন চৌধুৰী, মছজিদ ৰোড

চকিটুপ, ছোটহয়বৰ, নগাঁও

 

 

খবৰটো সৰু বাপুৰ ঘৰত দিবলৈ বুলি ওলাই গৈ চোতালত ভৰি দিওঁতেই মানুহটো বোকাত ধুপুচকৈ পৰি চিত খাই গ'ল। বাপেক পৰাৰ দৃশ্য দেখি ল'ৰা-ছোৱালী মখাই ঢেকঢেকাই হাঁহিবলৈ ধৰিলে। 

 

তেতিয়া দবা-পিটা বৰষুণ। কোনো দিনে নহঁহা গম্ভীৰ, খঙাল মানুহটোৱেও আজি সিহঁতৰ হাঁহিত যোগ দিলে।

 

মুহূৰ্ততে পৃথিৱীখন ৰাতিৰ দৰে ঘোপমৰা অন্ধকাৰ হৈ পৰিল। ঘনে ঘনে বিজুলী-ঢেৰেকনি মাৰি আছে। তাৰ তীব্ৰ পোহৰে চকুত চাট মাৰি ধৰিছে। বিকট শব্দেৰে ওচৰৰ ক'ৰবাত বাজ এটাও পৰিল। ল'ৰা-ছোৱালীবোৰে ভয়তে থতমত খালে। 

 

ইমানকৈ মানা কৰাতো মানুহটোৱে নুশুনিলে, খুলশালীয়েকৰ ঘৰলৈ যাবই। গৰমে গৰমে খবৰটো জনালেহে যেনিবা শান্তি।  

 

সৰু ল'ৰাটোৱে প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিছে। এয়া সাধাৰণ কথা নহয়। পৰিয়াল কিয়, গোটেই বংশটোৰ ভিতৰত সিয়েই এই অসাধ্যক সম্ভৱ কৰি দেখুৱালে।

 

ডাঙৰ ল'ৰাটোৱে প্ৰতিবছৰে এই একেটা পৰীক্ষাতে বেয়া কৰি আহিছে। দেখি দেখি বাপেক বিৰক্ত আৰু হতাশ হৈ পৰিছে। সেয়ে সৰুটোৰ ক্ষেত্ৰতো আশা এৰি দিছিল। 

 

ইমান যত্ন কৰাৰ সত্বেও ডাঙৰটোৱে একো কৰিব নোৱাৰিলে। লোকৰ ঘৰত থাকি ইনো আৰু কি ফুলাব?

 

নাই, মানুহটো নৰ'ল। পোনচাটেই পদূলি-মুখ পালেগৈ। বোকাৰে লেটিপেটি পিছফালটো দেখি ল'ৰা-ছোৱালী মখাই আকৌ গিৰ্জনি মাৰি হাঁহিলে।

 

চিঞৰি মাতিলো,"বোকা খিনি ধুই থৈ যোৱা অন্ততঃ।"

 

"এঃ, হ’ব দে।" তেওঁ বাটৰ পৰাই চিঞৰিলে, "গৈ পাওঁ মানে বৰষুণৰ পানীয়েই ধুই পেলাব।"

 


@@@@@@@@@@@@@

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page