অকণিৰ মনৰ বতৰা
- ৰমা কান্ত দাস, গুৱাহাটী

- Jun 5, 2024
- 1 min read
Updated: Jul 13, 2024

ৰমা কান্ত দাস, গুৱাহাটী
অকণমানি ল'ৰা-ছোৱালী আমি
অকণমানি মন,
মা-দেউতা আৰু গুৰুজনক
সদায় কৰিম প্ৰণাম।
পুৱা-গধূলি তুলসীৰ তলত
নিতৌ চাকি জ্বলাম,
আমাৰ কুমলীয়া মনবোৰ
আনন্দেৰে পোহৰাম।
আপদ-বিপদ আহিলে
ভগৱানক পাম।
বাৰীত আছে ভৰি
লেটেকু-পনিয়ল আৰু মধুৰীআম,
লগৰীয়াৰ লগত স্ফূৰ্তিৰে
সমানে ভগাই খাম।
ৰাতিপুৱাই উঠি গা-পা ধুই
ভাত এমুঠি খাম,
পিঠিত কিতাপৰ বোজাটোলৈ পঢ়াশালিলৈ যাম।
সন্ধিয়া ধূপ-চাকি দি
শুদ্ধ মনে প্ৰাৰ্থনা কৰিম,
শিক্ষকে দিয়া কামৰ লগতে
পঢ়া-শুনাও কৰিম।
জিৰণিৰ সময়ত
শুনিম বুঢ়ী আইতাৰ সাধু,
কাহ বেমাৰত পৰিলে খাম তুলসীৰ লগত মধু।
&&&&&&&&





Comments