অনুকৰণ: শিশুৰ সহজাত প্ৰবৃত্তি
- ইৰা বৰঠাকুৰ, চাৰ্ভে অজন্তা পথ, গুৱাহাটী

- Sep 17, 2024
- 3 min read
Updated: Sep 22, 2024

ইৰা বৰঠাকুৰ
চাৰ্ভে অজন্তা পথ, গুৱাহাটী
আজি এসপ্তাহৰ পৰা মিনতিয়ে ঘৰখন অলপ চিজিল কৰিম বুলি ভাবি থাকোঁতেই গৈছে। ৰাতিপুৱাৰ পৰা দেখোন ঘৰখনৰ কামবিলাক শেষেই নহয়। ননন্দ ৰূপাই পূজাৰ বন্ধতে ল'ৰা ছোৱালী দুটাক লৈ কেইদিনমান থকাকৈ অহাৰ কথা আছে। তেওঁলোক আহি সোমোৱাৰ আগেয়ে ৰূমটোৰ বস্তুবিলাক অলপ থান-থিত লগাই, ওৱাল আলমাৰীটো খালি কৰি থ'লে তেওঁলোকৰ কাপোৰ-কানি কেইটা থ'বলৈকে সুবিধা হ'ব। আজি বন্ধদিন যেতিয়া বাবুক দেউতাকেও অলপ চকু দিব পাৰিব। কথাটো ভাবি ভাবি মিনতিয়ে পুৱাৰ আহাৰ তৈয়াৰ কৰি ৰূমটো চিজিল কৰিবলৈ গ'ল।
বহুত দেৰি পাঁচ বছৰীয়া পুতেক বাবুৰ কোনো মাত-বোল নুশুনি, মিনতিয়ে বাহিৰলৈ ওলাই আহি ইফালে সিফালে চাই বাবুক চিঞৰিবলে লাগিল, ‘বাবু অ' বাবু। ক’ত আছা তুমি?’
‘হেৰি হয়নে, বাবুক দেখিছিল নেকি? ভালেমান দেৰিৰ পৰা তাৰ মাত-বোল শুনা নাই! আপুনি অকণমানো তাক চাব নোৱাৰেনে? আজি আপোনাৰ অফিচ বন্ধ কাৰণেহে মই বিশেষ কাম কেইটামান কৰিবলৈ লৈছিলোঁ। আপুনি জানেই দেখোঁন…. ল'ৰাটোৱে কেতিয়া ক'ত কি কৰে একো ঠিক নাই। সি ইমানো ডাঙৰ হোৱা নাই যে, তাক অকলে এৰি দিব পাৰি। আপুনি অফিচলৈ গ’লে মই তাক চকুৰ আঁতৰ হ’বলৈয়ে নিদিও।"
"তুমিনো ইমান চিঞৰ বাখৰখন কৰিছা কিয়? আজি মইয়ো বন্ধৰ দিন বুলিহে খবৰ কাগজখন ভালদৰে পঢ়িবলৈ সময় অকণ পাইছোঁ…… অকণমান শান্তিৰে পঢ়িবলৈ দিয়াচোন। বাবু দুষ্ট হ'ব পাৰে, সেইবুলি সি বেয়া আৰু বদমাছি কাম নকৰে। সি ক’ৰবাত খেলি আছে, মই জানো।"
"আপুনি খবৰ কাগজখন লৈ বহিলে সংসাৰৰ কথা একো ক’ব নোৱাৰা হয়। ….থাকক, ময়ে চাই আহোঁগৈ। বাবু অ' বাবু, ক'ত আছা তুমি, মই তোমাক বিচাৰি ফুৰিছোঁ। ক'ত আছা মাত এষাৰ দিয়াচোন। জানো পাই …. এই ল'ৰাটো ক'ত যাই মই ক'ব নোৱাৰোঁ দেই। হেৰি, এইফালে আহকচোন। বাবু ইয়াতো নাই দেখোন।“
"এহ ৰ'বা, ক'ত যাবহে সি! গেটখন দেখোন বন্ধ হৈয়ে আছে, তুমি দেখা নাই নেকি? ইমান ওখ গেটখন সি ঢুকি নাপায় নহয়, খুলি ওলাই যাবলৈ। বাবু, ক'ত আছা তুমি, মায়ে তোমাক বিচাৰি ফুৰিছে গম পোৱানে?"
"দেউতা, মই ফুলৰ টাবত পানী দিছোঁ…… মায়ে দেখিলে চিঞৰিব যে, সেইকাৰণেহে মাত দিয়া নাই। এইয়া চোৱা, মই তিনিটা ফুলৰ পুলি ৰুই কেনেকৈ পানী আৰু সাৰ দিছোঁ…. দেখিছা? তেতিয়াহে ফুলপুলিকেইটা সোনকালে ডাঙৰ হ'ব, নহয়নে দেউতা? আমাক স্কুলত বাইদেৱে শিকাইছে নহয়, আমাক যেনেকৈ শৰীৰ সুস্থ ৰাখিবলৈ উপযুক্ত খাদ্য, পানী আৰু ভিটামিনৰ প্ৰয়োজন, গছ-গছনি আৰু ফুলকো আহাৰ, পানী আৰু ভিটামিনৰ প্ৰয়োজন। দেউতা, তুমি ফুলনিখনত ফুল বিলাক কেনেকৈ প্ৰতিপাল কৰা মই সদায় চাই থাকোঁ নহয়।"
"দেখিলা, মই কৈছোঁ নহয়, সি দুষ্ট হ'লেও বেয়া কামত হাত নিদিয়ে বুলি। শিশু সদায় অনুকৰণ প্ৰিয়, সিহঁতে ডাঙৰে কৰা কামবিলাক কৰিবলৈ ভাল পায়। সাধাৰণতে ল'ৰাই দেউতাকক আৰু ছোৱালীয়ে মাকক অনুকৰণ কৰে। দুদিনমানৰ পাছত চাবা আমাৰ গোসাঁনী জনীয়েও তোমাক অনুকৰণ কৰি, তুমি কৰা কামবিলাক কৰিবলৈ চেষ্টা কৰিব।"
মিনতিয়ে, বাবুৱে টাবত ৰোৱা ফুলপুলিকেইটা অলপ খুচৰি দিলে আৰু শুকুৱাই থোৱা গোবৰ অলপ আনি, কেনেকৈ দিব লাগে বাবুক শিকাই দিলে। মাকে তাক ধমকি নিদি তাৰ কামত সহযোগ কৰা দেখি সি আনন্দতে আৰু এটা ফুলৰ টাব কেঁকো-জেঁকোকৈ আনি আৰু এটা ফুল পুলি ৰুলেহি। "মা, মই ফুল পুলি ৰুব জানিছোনে বাৰু?" সৰু ল’ৰাটোৰ কামত মাক অতিকৈ সন্তুষ্ট হ'ল।
"পাৰিছা বাবু, আহাঁ এতিয়া আমি ফুলৰ টাবকেইটা ছাঁ পৰা ঠাইত থৈ দিওঁগৈ। কালিলৈ আকৌ বাহিৰলৈ উলিয়াই দিম। এতিয়া ভৰি হাত ধুই খাবলৈ বহাঁহি। মই তোমাক এইবিলাক কাম কৰিলে কেতিয়াও গালি নাপাৰোঁ নহয়, বৰঞ্চ মই তোমাক সহায়হে কৰিম। মাথোঁ সকলো কাম তুমি আমাক জনাই কৰিবা দেই।"
মাকে তাক মৰমেৰে ভিতৰলৈ মাতি নি, ৰাতিপুৱাৰ আহাৰ খাবলৈ দেউতাক, ককাক আৰু আইতাকক মাতি আনিবলৈ ক'লে। কাৰণ আজি ৰবিবাৰ; বন্ধ দিনত পৰিয়ালৰ আটাইকেইজনে একেলগে বহি খোৱা-বোৱা কৰাটো তেওঁলোকৰ ঘৰৰ অঘোষিত নিয়ম। এনেকৈ একেলগে বহি খোৱাৰ সময়কণত নিজৰ ভিতৰতে পৰিয়ালৰ দুই এটা দৰকাৰী কথা পাতিব পাৰি।
মাকে বাবুক এনেবোৰ সৰু সৰু কথা আৰু কামৰ মাজৰে পাৰিবাৰিক সম্বন্ধবোৰ কেনেকৈ একতাৰ ডোলেৰে বান্ধি ৰাখিব পাৰি আৰু এনে ঐক্যবদ্ধতাই যে পৰিয়ালবোৰৰ উন্নতিৰ একমাত্ৰ মূলমন্ত্ৰ ….সেয়া বুজাবলৈ অহৰহ চেষ্টা কৰি আহিছে। সুন্দৰ জীৱনবোধ আৰু একতাৰ অংকুৰো যে কেৱল এটা ঐক্যবদ্ধ, সুখী পৰিয়ালতেহে গজি উঠে….সেয়াও মাকে বাবুক বুজাবলৈ সদায় যত্ন কৰি আহিছে।
তাৰোপৰি ঘৰখনত বাবুয়ে যাতে এটা সুস্থ পৰিৱেশত উমলি জামলি ডাঙৰ হ’ব পাৰে তাৰ কাৰণে মাকে অনবৰতে চকু-কাণ দিয়ে….. কাৰণ তেখেতে জানে যে এজন শিশুৱে চকুৰে দেখা নাইবা কাণেৰে শুনা ডাঙৰৰ ভাল-বেয়া সকলোখিনি যথাযথভাৱে অনুকৰণ কৰে।
@@@@@@@@@@@@





Comments