top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

অনাগত বিধাতা

  • Writer: বিজিত কুমাৰ ভাগৱতী, যোৰহাট
    বিজিত কুমাৰ ভাগৱতী, যোৰহাট
  • Jul 12
  • 3 min read
ree

বিজিত কুমাৰ ভাগৱতী, যোৰহাট

 

কি যে সুখৰ দিন আছিল সেইবোৰ! বিয়া হৈ আহোঁতেই মাকে কাউৰী পুৱাতেই বিচনা এৰি ভগৱানৰ নাম লৈ মাটিত ভৰি দিবলৈ শিকাই পঠিয়াইছিল। প্ৰাতঃকৃত্যখিনি কৰি গা-পা ধুই আজৰি হৈ, গোসাঁই ঘৰত চাকিগছি জ্বলাই, জ্যেষ্ঠজনৰ বাবে কৰিবলগীয়াখিনি কৰিবলৈ বুজাই পঠিয়াইছিল। সেইবোৰ জুমণিয়ে সদায় মানি চলিছিল। সকলোৰে আলপৈচান ধৰি, নিজৰ বাবেও কৰণীয়খিনি কৰি দিনটোৰ সময়বোৰ বৰ ব্যস্ততাৰে পাৰ কৰিছিল। ইয়াৰ মাজত তাই এক আভ্যন্তৰিক প্ৰশান্তি আৰু বিমল আনন্দ বিচাৰি পাইছিল।

 

সঁচাকৈ, বৰ সুখৰ দিন আছিল সেইবোৰ। পুৱা শুই উঠাৰ পৰা গিৰীয়েক গৌতমক শোৱাৰ পৰা জগোৱা, শহুৰ-শাহুৰ আলপৈচান ধৰা, ননদজনীৰ ৰূমটোও পাকতে ঠিক কৰি থৈ অহা, ল'ৰা ছোৱালী স্কুললৈ যাবলৈ সাজু কৰি দিয়া কিমান যে কাম! মানুহজনীয়ে টাকুৰী ঘূৰাদি ঘূৰি ঘৰখন দিনটো চম্ভালি থাকে। কামৰ হেঁচাত পৰি কাম কৰা এন জি অ' টোৰ চাকৰিটোও এৰি দিবলগীয়া হ'ল তাই।

 

গৌতমে জুমণিৰ দুখবোৰ দেখি থাকে। তাই কিন্তু এইবোৰ দুখ বুলি নাভাবে। হাঁহিমুখে নিজৰ ঘৰখনৰ বাবে কাম কৰিব পৰাটোত এক অপৰিসীম সুখহে বিচাৰি পায়।

 

উচ্চ শিক্ষিতা জুমণিয়ে পালেও পাব নেপালেও নাই বুলি অলপদিনৰ আগতে কলেজৰ প্ৰৱক্তাৰ পদ এটাৰ সাক্ষাৎকাৰ দি থৈছিল, কিন্তু হঠাতে খবৰ আহিল যে তাই চাকৰিটো পাইছে। এতিয়াহে লাগিল হাহাকাৰ। তাই চাকৰিটোত যোগদান কৰিলে এই বৃহৎ ঘৰখন চম্ভালিবলৈ, কামবোৰ কৰি পৰিপাটিকৈ ৰাখিবলৈ মানুহ নোহোৱা হ'ব। আজিকালি কামকৰা মানুহ বিচাৰি পোৱা এনেয়েও কঠিন হৈ পৰিছে। পঢ়া-শুনা কৰি থাকিবলগীয়া হোৱা বাবে গৌতমৰ ভনীয়েকজনীয়েও বৌৱেকক লাগি দিবলৈ একেবাৰে সময় নেপায়। পোৱা চাকৰিটো এতিয়া এৰিবও নোৱাৰি। সমস্যাৰ শেষ নাই। তেনেকুৱাতেহে অভাৱনীয় কথাটো ওলাল।

 

নন্দেক ডেইজীয়ে যোৱা মাহত তাইৰ গুৱাহাটীৰ বান্ধৱী এজনীৰ ঘৰত এটা ঘৰুৱা কাম কৰা মেচিন দেখি আহিছে। বস্তুটো ৰবট বুলিও ক'ব পাৰি। আমাজনৰ পৰা অৰ্ডাৰ কৰি ঘৰলৈ আনিছে, মূল্য বহুত বেছি বোলে।

 

আশ্চৰ্য্যজনকভাৱে, ভাত ৰন্ধা, কাপোৰ ধোৱা, বিচনা পৰা, ঘৰ মোচা, ল'ৰা ছোৱালীৰ আলপৈচান ধৰা আদি ঘৰখনৰ সকলো কাম এই মেচিনটোৱেই কৰে। এই কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন মেচিনটোৰ অসীম ব্যৱহাৰিক প্ৰয়োগৰ পাৰাপাৰ নাই। কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত যন্ত্ৰটোক দিনটোত এবাৰ ফুল চাৰ্জ কৰি দিব লাগে। তাকো সি নিজেই কৰি ল'ব পাৰে। অৱশ্যে মেচিনটোত কাম কৰা সময় আৰু কামৰ বিৱৰণৰ পদ্ধতি সকলো কথা প্ৰগ্ৰামিং কৰা নেথাকে। কোনো মানুহ তাৰ লগত লাগি থাকিব নালাগে। মেচিনটোৱে তাৰ দৈনন্দিন অভিজ্ঞতাৰ পৰাহে কথাবোৰ তাৰ চফ্টৱেৰত পুৰণাখিনিৰ লগত যোগ কৰি লয় আৰু কামবোৰ নিয়াৰিকৈ চলাই গৈ থাকে। তাক ধাৰ্য কৰি দিয়া নিৰ্দিষ্ট সীমাত, ঘৰৰ ভিতৰতে মেচিনটোৱে ইঠাইৰ পৰা সিঠাইলৈ অহাযোৱা কৰি কৰি তাৰ কৰিবলগীয়া কামবোৰ কৰি থাকে।

 

কৃত্ৰিম বুদ্ধিমত্তাৰ চফটৱেৰ সংযোগ কৰা এই ৰবট সদৃশ‌ যন্ত্ৰটো চাবলৈ ঘৰখনৰ সকলোৰে উচ-পিচ লাগিল। গৌতমে ভনীয়েক ডেইজিক লগত লৈ মেচিনটো চাবলৈ গুৱাহাটী পালেগৈ। দেখি শুনি সকলোৰে মেচিনটো পচন্দ হ’ল। ঘৰলৈ আহি সকলোৰে লগত আলোচনা কৰি অৱশেষত মেচিনটো জুমণিহঁতে কিনাটোকে ঠিক কৰি পেলালে। এদিন মেচিন আহি ঘৰ সোমালেহি।

 

প্ৰথম কেইদিনমান ঘৰখনৰ সকলোৰে মেচিনটোৰ লগত সামঞ্জস্য ৰাখিবলৈ অসুবিধায়েই হৈছিল, কিন্তু এতিয়া তাইৰ আৰামেই আৰাম। চাৰ্জ হৈ উঠাৰ পিছত মেচিনটোৱে সকলো কাম নিজে নিজেই কৰি থাকে। কিছুদিনলৈ ঘৰখনৰ সকলোৰে মাজত বিপুল উলাহ চলিল। কোনোৱে কৰোৰে লগত কথা নোকোৱাকৈয়ে সকলো কাম সুচাৰুৰূপে চলিবলৈ ধৰিলে। প্ৰতিজনৰে এতিয়া অফুৰন্ত আজৰি সময়ো ওলাই গ'ল। কিন্তু আচল কেণাটো লাগিল তেতিয়াহে, যেতিয়া কোনেও কাকো নেমাতা নোবোলা পৰিৱেশ এটা ক’ব নোৱাৰাকৈয়ে ঘৰখনত সৃষ্টি হ'ল। মানুহবোৰ তেনেই যান্ত্ৰিক হৈ পৰিল। সকলোৰে মনবোৰত লাহে লাহে অকলশৰীয়াকৈ থকা প্ৰৱণতাই দেখা দিলে। ঘৰখনৰ মানুহবোৰ দিনেদিনে এলেহুৱা আৰু বিমৰ্ষ হৈ যাবলৈ ধৰিলে। মেচিনৰ ওপৰত সকলো সময়তে নিৰ্ভৰ হোৱা বাবে সকলোৰে নানানটা বেমাৰ-আজাৰে দেখা দিবলৈ ধৰিলে।

 

প্ৰথমে ঘৰখনৰ এই পৰিৱৰ্তনত সকলো আচৰিত হ'ল। শেষতহে গৈ উৰহী গছৰ ওৰটো ওলালগৈ। ঘৰখনৰ এই পৰিৱৰ্তনৰ বাবে সকলোৱে মেচিনটোকে জগৰীয়া কৰিলে। লগেলগে ঘৰখনত যুক্তি তৰ্কৰ জোৱাৰ উঠিল। জুমণিয়ে গৌতমক বুজালে যে, এই মেচিনটোৰ পৰা সিহঁতৰ উপকাৰতকৈ অপকাৰহে বেছি হৈছে, সেয়ে ঘৰখনত ইয়াৰ প্ৰয়োজন নাই। কি ঠিক, কৃত্ৰিম বুদ্ধিমত্তা থকা মেচিনে হয়তো এদিন এনেকুৱা পৰিৱেশ সৃষ্টি কৰিবগৈ যে গৃহস্থইহে মেচিনক আলপৈচান ধৰিবলৈ বাধ্য হ'ব লগা হ'বগৈ। মানুহৰ হাবিয়াসৰ অন্ত নাই, বিজ্ঞানৰ জয়যাত্ৰাত এনেকুৱা কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োজন অৱশ্যেই আছে, কিন্তু সেইবুলি এনেকুৱা জীৱনো বৰ অসহ্যকৰ হৈ পৰিছে। গৌতমে কিন্তু মেচিনটোৰ পৰা বৰ্তমান পাই থকা সুবিধাসমূহ হেৰুৱাবলৈ টান পালে। তাৰোপৰি চেকেণ্ড হেণ্ড এই মেচিনটো বেচিলে দামনো কিমান পাব? সেইটোও এটা কথা।

 

কিন্তু সকলো‌ কথা তল পৰিল। ঘৰখনৰ আগৰ পৰিবেশ‌ ঘূৰাই অনাৰ স্বাৰ্থত গৌতমে মেচিনটো ব্যৱহাৰ নকৰাৰ সমূহীয়া সিদ্ধান্তটোকে মানি ল’বলৈ বাধ্য হ'ল। ঘৰখনৰ শেষ হৈ যাবলৈ ধৰা মানৱীয় আবেগ অনুভূতিবোৰ পুনৰ জগাই তোলাৰ বাবে মেচিনটো আঁতৰোৱাৰ ব্যৱস্থা কৰা হ'ল।

 

সকলোৰে মুখত পুনৰ হাঁহিৰ ৰেশ এটা বিয়পি পৰিল।


###########

 

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page