top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

অনূদিত গল্প ‘এখন নিষিদ্ধ দুৱাৰ’

  • Writer: অনুবাদক: আৰমান হাজৰিকা, নৱী মুম্বাই
    অনুবাদক: আৰমান হাজৰিকা, নৱী মুম্বাই
  • Jul 9, 2024
  • 5 min read

Updated: Sep 22, 2024

ree

(গ্ৰীমৰ সাধু (Grimm's Fairy Tales) ৰ 'Our Ladies Child' নামৰ গল্পটোৰ পৰা অনূদিত)

অনুবাদক: আৰমান হাজৰিকা, নৱী মুম্বাই

 

এখন হাবিত এজন দুখীয়া খৰিকটীয়াই তেওঁৰ পৰিয়ালটো লৈ বাস কৰিছিল। পৰিয়াল বুলিবলৈ তেওঁৰ পৰিবাৰ আৰু এজনী তিনিবছৰীয়া কণমানি ছোৱালী। তেওঁলোক ইমানেই দুখীয়া আছিল যে, কথমপি এসাঁজ খোৱাৰ পাছত সিসাঁজৰ বাবে চিন্তা কৰিব লগীয়া হৈছিল। খৰিকটীয়া জনে অশেষ কষ্টেৰে জীয়েকে খাব পৰাকৈ ইটো-সিটো বস্তু গোটাই আনিছিল যদিও, সৰহভাগ দিনেই খালীহাতে ঘৰলৈ ঘূৰিছিল। অইন দিনৰ দৰেই এদিন খৰিকটীয়া জনে পুৱাতে হাবিত খৰি লুৰিবলৈ ওলাই গ'ল। গছৰ শুকান ডাল এটা কাটি থাকোঁতে খৰিকটীয়া জনে হঠাতে দেখিলে, মূৰত তৰাৰ দৰে জিলিকি থকা মুকুট পিন্ধা, ধুনীয়া ওখ মহিলা এগৰাকী তেওঁৰ সন্মুখত ঠিয় হৈ আছে। মহিলাগৰাকীয়ে খৰিকটীয়াজনক ক'লে, "ময়েই শিশু যিচুৰ মাতৃ কুমাৰী মেৰী! খৰিকটীয়া, তুমি বৰ দুখীয়া! সেয়ে মই তোমাক এটা উপকাৰ কৰিবলৈ আহিছোঁ! তোমালোকৰ তিনিবছৰীয়া সৰু ছোৱালীজনী যে আছে, তাইক আনি মোৰ ওচৰত দিয়াহি। মই তাইৰ মাক হিচাপে তাইক লালন-পালন কৰি, ডাঙৰ-দীঘল কৰিম!" খৰিকটীয়া জনে নিজৰ জীয়েকৰ সুখ হওক ভাৱি, এই কথাত ততালিকে সৈমান হৈ নিজৰ কণমানি ছোৱালীজনী আনি কুমাৰী মেৰীৰ হাতত গতাই দিলেহি। কুমাৰী মেৰীয়েও তাইক নিজৰ লগত সৰগলৈ লৈ গ'ল।

 

কণমানি ছোৱালীজনীয়ে সৰগত বৰ আদৰ-সাদৰৰে দিন কটাবলৈ ধৰিলে। তাত তাই চেনী আৰু গাখীৰেৰে তৈয়াৰী সুস্বাদু আহাৰ খাবলৈ পাইছিল, সোণেৰে তৈয়াৰ কৰা কাপোৰ পিন্ধিবলৈ পাইছিল আৰু কণমানি দেৱদূতবোৰ তাইৰ খেলৰ সমনীয়া আছিল।

 

তেনেকৈ লাহ-বিলাসৰ মাজেৰে দিন পাৰ কৰি ছোৱালীজনী এদিন চৌদ্ধবছৰীয়া হ'লহি। তেনেতে এদিন কুমাৰী মেৰীয়ে তাইক কাষলৈ মাতি আনি ক'লেহি, "মোৰ প্ৰিয় সন্তান, মই এটা দীঘলীয়া স্বৰ্গযাত্ৰা কৰিবলৈ ওলাইছোঁ। গতিকে, মই ওভতি নহালৈকে, স্বৰ্গৰ এই তেৰখন দুৱাৰৰ চাবিবোৰ তুমি তোমাৰ লগত ৰাখা। ইচ্ছা কৰিলে, ইয়াৰে প্ৰথম বাৰটা কোঠা তুমি খুলিলৈ কোঠাবোৰৰ ভিতৰত থকা মহিমা বোৰ চাব পাৰা। কিন্তু, এই সৰু চাবিটো হৈছে তেৰ নম্বৰ কোঠাটোৰ, যিটো তোমাৰ বাবে নিষিদ্ধ। তুমি কোনো কাৰণতেই সেই কোঠাটো খুলিব নোৱাৰিবা !"


ছোৱালীজনীয়ে কুমাৰী মেৰীৰ কথা আখৰে আখৰে পালন কৰিব বুলি কথা দিলে।

 

কুমাৰী মেৰীয়ে ভ্ৰমণত ওলাই যোৱাৰ পিছদিনাৰে পৰা ছোৱালীজনীয়ে প্ৰতি দিনাই এখন এখনকৈ দুৱাৰ খুলি, কোঠাবোৰৰ ভিতৰত কি আছে চাবলৈ আৰম্ভ কৰিলে। প্ৰতিটো কোঠাৰ মাজতে একো একোজন সিদ্ধ পুৰুষ বহি আছিল। এই সিদ্ধ পুৰুষ সকলৰ মহিমা চাই চাই, তাই আৰু তাইৰ লগৰ অকণমানি দেৱদূত সকলে বৰ আনন্দ পাইছিল।

 

কুমাৰী মেৰীয়ে ওভতি আহিয়েই ছোৱালীজনীক মাতি, সেই সৰগৰ কোঠা কেইটাৰ চাবিকেইটা ঘূৰাই খুজিলে। ছোৱালীজনীৰ হাৱ-ভাৱ দেখিয়েই কুমাৰী মেৰীৰ সন্দেহ উপজিল। সেয়ে, তেওঁ ছোৱালীজনীক সুধিলে "তুমি বাৰু মই খুলিবলৈ মানা কৰা তেৰ নম্বৰ কোঠাটোও খুলিছিলা নেকি?"

 

পিছে, ছোৱালীজনীয়ে স্পষ্ট ভাৱে কুমাৰী মেৰীৰ সন্দেহটো নাকচ কৰি, "নাই খোলা" বুলি ক'লে।

 

পিছে, কুমাৰী মেৰীৰ সন্দেহ মাৰ নগ'ল। তেওঁ ছোৱালীজনীক কাষলৈ মাতি তাইৰ বুকুত হাত দি উমান লৈ দেখিলে, মিছা কথা কৈ ধৰা পৰা মানুহৰ দৰে তাইৰ বুকুৰ হৃদপিণ্ডটো বৰকৈ ধপধপাইছে। গতিকে কুমাৰী মেৰীয়ে তাইক দ্বিতীয় বাৰৰ বাবে সুধিলে, "তুমি সঁচাকৈয়ে কোৱাচোন, তুমি বাৰু তেৰ নম্বৰ কোঠাৰ দুৱাৰখন খোলা নাছিলানে !"

 

পিছে, ছোৱালীজনীয়ে সেইবাৰো মিছা মাতিলে। তেনেতে কুমাৰী মেৰীয়ে‌ তেৰ নম্বৰ কোঠাৰ জুইৰ শিখাৰ পোহৰ পৰি তাইৰ আঙুলিটো সোণোৱালী হৈ পৰা দেখি নিশ্চিত ভাৱে বুজি পালে, যে তাই সেই নিষিদ্ধ কোঠাটোৰ দুৱাৰখন খুলিছিল! সেয়ে, কুমাৰী মেৰীয়ে তাইক তৃতীয় বাৰৰ বাবে সৈ কাঢ়িবলৈ সুযোগ দিলে। কিন্তু, তৃতীয় বাৰতো তাই "দুৱাৰখন খোলা নাছিল" বুলি মিছা মাতিলে।

 

তেতিয়া কুমাৰী মেৰীয়ে তাইক ক'লে, "তুমি মোৰ কথা নুশুনিলা। মই মানা কৰি যোৱাৰ পিছতো তুমি দুৱাৰখন খুলিলা। তদুপৰি, তোমাক কথাটো সোধাৰ পিছতো তুমি বাৰে বাৰে মিছা মাতিছা। গতিকে, তুমি সৰগত থকাৰ উপযুক্ত নহয়!"

 

যেতিয়া ছোৱালীজনী গভীৰ ভাবে টোপনি গ'ল, তাই সাৰ পাই উঠি দেখিলে, তাইক সৰগৰ পৰা বিতাড়িত কৰা হৈছে। তাই পৃথিৱীৰ কোনোবা অচিনাকি কাঁইটীয়া গছ বনেৰে ভৰা ঠাই এখনত পৰি আছেহি ! তাই চিঞৰিবলৈ চেষ্টা কৰিলে, কিন্তু তাই মুখেৰে একো শব্দকে উলিয়াব নোৱাৰিলে। তাই ইফালে সিফালে পলোৱাৰ চেষ্টা কৰিলে, কিন্তু কেউফালে থকা কাঁইটীয়া অৰণ্যৰ বাবে তাই কেনিও পলাবও নোৱৰা হ'ল! সেই বালিময় ঠাইখনত থকা এজোপা গছৰ গুৰিত থকা এটা ধোন্দেই মাত্ৰ তাইৰ আশ্ৰয় স্থল হ'ল। ধুমুহা বৰষুণ হ'লে বা নিশা হ'লে তাই তাতেই আশ্ৰয় লৈছিল। তাই সৰগত যিমান সুখৰ জীৱন যাপন কৰিছিল, তাকেই মনত পেলাই হিঁয়া-ঢাকুৰি কান্দিছিল। কিছুমান গছৰ শিপা আৰু বনৰীয়া জামুৱেই তাইৰ একমাত্ৰ খাদ্য আছিল। শৰৎ কালত বাদাম গছৰ ডাল-পাতবোৰ নি তাই, তাই থকা গছৰ ধোন্দটোত জমা কৰিছিল, যাতে শীতকালত সেই ডালবোৰত থকা বাদামবোৰ খাই তাই জীয়াই থাকিব পাৰে আৰু সেই গছৰ পাতবোৰৰ মাজত সোমাই থাকি তাই কথমপি শীতৰ দিনবোৰ পাৰ কৰিব পাৰে। ইতিমধ্যে তাই পিন্ধি থকা কাপোৰবোৰো ফাটি-চিটি উৱলি গ'ল। যেতিয়া জহকাল পালেহি, তেতিয়া তাই বাহিৰলৈ ওলাই দেখে যে তাইৰ দেহাত কাপোৰৰ নামেই নাই ! তাইৰ দীঘল চুলিকোচাৰেহে নিজৰ শৰীৰটো যেনেতেনে ঢাকি ৰাখিছিল।

 

তেনেকৈয়ে কেইবাবছৰো পাৰ হৈ গ'ল। তেনেতে এদিন, সেই দেশৰ ৰজাই সেইখন হাবিতে মৃগয়া কৰিবলৈ আহিছিল। ৰজাই পহু এটাৰ পিছে পিছে খেদি গৈ গছজোপাৰ তলতে বহি থকা সেই ছোৱালীজনী দেখিলেহি। তাইৰ সোণোৱালী চুলিবোৰে সুন্দৰ দেহাটো ভৰিলৈকে ঢাকি ৰাখিছিল। আচহুৱা সেই ঠাইখনত তেনে অৱস্থাত ধুনীয়া ছোৱালীজনী দেখি ৰজা আচৰিত হ'ল! ৰজাই তাইৰ পৰিচয় সুধিলে। কিন্তু, সৰগৰ কুমাৰী মেৰীৰ পৰা পোৱা অভিশাপৰ বাবে তাই মুখ খুলি একো কব নোৱাৰিলে। তেতিয়া ৰজাই তাইক সুধিলে, "তুমি মোৰ লগত মোৰ ৰাজপ্ৰসাদলৈ যাবা নেকি?"

তেতিয়া তাই সামান্য ভাৱে মূৰটো জোকাৰি সন্মতি জনালে।


ৰজাই নিজৰ ঘোঁৰাত তুলি তাইক ৰাজপ্ৰসাদলৈ লৈ আহিল। তাই যদিও মুখেৰে কথা কব পৰা নাছিল, তথাপিও ৰাজপ্ৰসাদত দিয়া নতুন কানি-কাপোৰ আৰু আদৰ-যত্নৰ বাবে তাই দেখাত অতি সুন্দৰ হৈ পৰিল। কিছুদিনৰ পিছত ৰজাই তাইৰ সন্মতি লৈ তাইক নিজৰ ৰাণী কৰিলে।

 

এবছৰমানৰ পিছত তাইৰ এটা ল'ৰা সন্তান জন্ম হ'ল । এদিন গভীৰ নিশা তাই ৰাজকুমাৰক লৈ শুই থকা অৱস্থাত কুমাৰী মেৰী তাইৰ সন্মুখত আবিৰ্ভাৱ হৈ ক'লে, "যদি তুমি সঁচা কথা কোৱা, আৰু তুমি নিষিদ্ধ দুৱাৰখনৰ তলা খুলিছিলা বুলি সৈ কাঢ়ি দিয়া, তেনে মই তোমাৰ মুখৰ মাতটো আকৌ ওভোটাই দিম! কিন্তু, তাকে নকৰি যদি তুমি পুনৰ মিছা মাতা, তেনে মই এই কেচুঁৱা ৰাজকুমাৰক মোৰ লগত লৈ যাম !"

 

কিন্তু, তাই অবিচলিত ভাৱে স্বীকাৰোক্তি দিলে, "মই নিষিদ্ধ কোঠাৰ দুৱাৰখন খুলিব পৰা নাছিলোঁ !" তেতিয়া, কুমাৰী মেৰীয়ে ৰাজকুমাৰক তাইৰ কোঁচৰ পৰা লৈ গুচি গ'ল!

 

ৰাণীয়ে মুখেৰেও মাতিব নোৱাৰে। পিছদিনা ৰাণীৰ কোঁচত ৰাজকুমাৰক নেদেখি ৰাজ্যত বু-বু বা-বা হ'ল যে, "ৰাণীয়ে নৱজাতক ৰাজকুমাৰক হত্যা কৰিছে !"

 

কিন্তু, ৰজাই ৰাণীক বৰ ভাল পাইছিল, সেয়ে ৰাণীয়ে ৰাজকুমাৰক হত্যা কৰা কথাটো তেওঁ বিশ্বাস নকৰিছিল। বৰঞ্চ, কিবা দুৰ্ঘটনাত ৰাজকুমাৰ হেৰাল বুলি বিশ্বাস কৰিলে।

 

এবছৰমানৰ পিছত ৰাণীয়ে আকৌ এটা পুত্ৰ সন্তান জন্ম দিলে। এইবাৰো, এই সন্তান জন্মৰ দুদিনমানৰ পিছতে আকৌ আগৰবাৰৰ দৰে কুমাৰী মেৰী আহি, ৰাণীৰ মুখেৰে সৰগৰ নিষিদ্ধ দুৱাৰখন খোলাৰ কথাটো সৈ কঢ়োৱাৰ চেষ্টা কৰিলে। এইবাৰো ৰাণীয়ে সৈ নকঢ়াৰ বাবে কুমাৰী মেৰীয়ে দ্বিতীয় জন নৱজাতক ৰাজকুমাৰক লগত লৈ গুচি গ'ল ! এইবাৰো ৰাজকুমাৰ নিৰুদ্দেশ হোৱাৰ কথাটো লৈ ৰাণীয়ে একো কব নোৱৰাৰ বাবে ৰাজ্যৰ প্ৰজা আৰু ৰাজসভাৰ পাৰিষদ সকলৰ মাজত ৰাণীয়েই নতুন ৰাজকুমাৰকো হত্যা কৰিছে বুলি সন্দেহ কৰি, ৰাণীৰ ওপৰত বিচাৰ কৰাৰ দাবী তুলিলে। কিন্তু, ৰজাই ৰাণীক বৰ ভাল পাইছিল বাবে এইবাৰো প্ৰজা আৰু ৰাজসভাৰ পাৰিষদ সকলক বুজাই বঢ়াই সৈমান কৰালে।

 

আকৌ এবছৰৰ পিছত ৰাণীৰ এজনী ধুনীয়া ৰাজকন্যা জন্ম হ'ল! আগৰ দুবাৰৰ দৰেই এইবাৰো ৰাজকন্যা জন্মৰ দুদিনমানৰ পিছতে কুমাৰী মেৰী আহিল আৰু কন্যা সন্তানৰ সৈতে এইবাৰ ৰাণীকো সৰগলৈ লৈ গ'ল। তাত গৈ ৰাণীয়ে দেখিলে, তেওঁৰ দুয়োটা হেৰুৱা সন্তানে তাত ৰংমনেৰে খেলি আছে। কুমাৰী মেৰীয়ে ৰাণীক ক'লে, "তুমি যদি এতিয়াও তুমি কৰা ভুলৰ সৈ কাঢ়ি দিয়া, তেনে তোমাৰ দুয়োটা সন্তানকে ঘূৰাই দিম !"

 

পিছে, এইবাৰো ৰাণীয়ে সেই সৰগৰ নিষিদ্ধ দুৱাৰখন খোলাৰ কথা সৈ নেকাঢ়িলে। গতিকে, কুমাৰী মেৰীয়ে তাইৰ নতুনকৈ জন্ম হোৱা কেঁচুৱা ছোৱালীজনী তাইৰ পৰা কাঢ়ি লৈ, তাইক ৰাজপ্ৰসাদত থৈ গ'লহি।

 

নতুনকৈ জন্ম হোৱা ৰাজকুমাৰী জনীও নিৰুদ্দেশ হোৱাৰ ঘটনাত ৰাজসভাৰ পাৰিষদ সকলৰ বৰ খঙ উঠিল। তেওঁলোকে ৰাণীৰ ওপৰত বিচাৰ অনুষ্ঠিত কৰি ৰাণীক জীৱন্তে জ্বলাই দিয়াৰ সপক্ষে মত দিলে।

 

প্ৰজাবোৰে ৰাণীক ধৰি আনি কাঠৰ খুটা এটাত বান্ধি কেউফালে খৰি দ'মাই তাত জুই লগাই দিলে। জুইৰ উত্তাপত চাটিফুটি কৰি ৰাণীৰ মনৰ সকলোখিনি অহঙ্কাৰ, অবিবেচনাৰ বৰফ গলি গ'ল! অনুতাপত দগ্ধ হৃদয়েৰে ৰাণীয়ে ভাবিলে, "মই যদি মৃত্যুৰ আগেয়ে এবাৰ স্বীকাৰোক্তি দিব পাৰিলোঁহেঁতেন যে, মই কুমাৰী মেৰীয়ে খুলিবলৈ মানা কৰা সৰগৰ সেই নিষিদ্ধ দুৱাৰখন খুলিছিলোঁ বুলি !"

 

ৰাণীৰ মনলৈ এই অনুশোচনাৰ ভাৱটো অহাৰ লগে-লগেই ৰাণীৰ মুখৰ মাতষাৰো ওভতি আহিল। মুখেৰে মাতিব পাৰিয়েই ৰাণীয়ে যিমান পাৰি সিমান যোৰেৰে চিঞৰি ক'লে,"হয়, কুমাৰী মেৰী! মই সৰগৰ সেই নিষিদ্ধ দুৱাৰখন খুলিছিলোঁ!"


তেতিয়াই আকাশৰ পৰা পোনে পোনে বৰষুণ পৰি, ৰাণীক মৃত্যুদণ্ড দিবলৈ জ্বলোৱা জুইকুৰা নুমুৱাই পেলালেহি। সৰগৰ পৰা অহা এটা পোহৰৰ শিখাত কুমাৰী মেৰীয়ে দুকাষে ৰাণীৰ দুটা পুত্ৰ আৰু কোঁচত নতুনকৈ জন্ম হোৱা ৰাজকুমাৰীক লৈ আহি, ৰাণীৰ লগত সহৃদয় ভাৱে কথা পাতি, ৰজা, সকলো সভাসদ, প্ৰজাই শুনাকৈ ক'লে, "যিজনে নিজৰ পাপৰ বাবে অনুতাপ কৰি স্বীকাৰ কৰে তেওঁক ক্ষমা কৰা হয় !"


তাৰ পিছত ৰাণীৰ সন্তান কেইটা ওভোটাই দি, কুমাৰী মেৰী সৰগলৈ পুনৰ উভতি গ'ল। ৰজা আৰু তিনিওটা সন্তানেৰে সৈতে ৰাণীয়ে সুখে-সন্তোষেৰে দিন কটাবলৈ ধৰিলে।


*********

Kommentare


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page