top of page
  • Black Facebook Icon
  • Black Instagram Icon

সোণালী পাখিৰ ৰাজহাঁহটো

  • Writer: পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
    পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
  • Jan 9
  • 5 min read

(অনুবাদ গল্প)


মূল গ্ৰন্থ: গ্ৰীম’চ ফেৰী টেলচ (Grimm’s Fairy Tales)

গল্পৰ নাম : The Golden Goose

অনুবাদক: পবিত্ৰা বৰঘৰীয়া, মুম্বাই


বহু পুৰণি কালত এখন গাঁৱত এজন মানুহৰ তিনিজন পুত্ৰ আছিল। তেওঁলোক তিনিজনৰ ভিতৰত সৰু ল’ৰাজনক সকলোৱে বৰ তুচ্ছজ্ঞান কৰিছিল আৰু প্ৰতিটো কথাতেই তেওঁক এৰাই চলিবলৈ বিচাৰিছিল । সকলোৱে তেওঁক উপহাস কৰি মূৰ্খ (Dummling) বুলি মাতিছিল। পিছত “মূৰ্খ” নামটো মানুহৰ মুখে মুখে বাগৰি “মূৰুখ” হিচাপে জনাজাত হৈছিলগৈ।

 

এবাৰ মানুহজনৰ ডাঙৰ পুত্ৰই কাঠ কাটিবলৈ বুলি হাবিলৈ যাব বিচাৰিলে। যোৱাৰ আগতে মাকে তেওঁক ভোক আৰু পিয়াহত খাবলৈ বুলি এটা ভাল ধৰণৰ মিঠা কেক আৰু মদিৰা এবটল বান্ধি দিলে।

 

হাবিৰ মাজত প্ৰৱেশ কৰিয়েই ল’ৰাজনে এজন সৰুফুটীয়া ধূসৰ চুলিৰ বুঢ়া মানুহ লগ পালে। ল’ৰাজনক দেখাৰ লগে লগে বুঢ়াই আগবাঢ়ি আহি সম্ভাষণ জনালে আৰু ক'লে, "মই বৰ ভোকাতুৰ, মোক তোমাৰ ভাগৰ কেক অকণমান আৰু মদিৰা অলপ দিব পাৰিবা নেকি?” কিন্তু সাৱধানী ল’ৰাজনে তুৰন্ত কৈ উঠিল “মই তোমাক মোৰ ওচৰত থকা এই সামান্য খোৱাবস্তুকণ দি দিলে, মই নিজে খাবলৈ দেখোন একোৱে নাথাকিব।“ ….এইবুলি কৈয়ে বুঢ়াক আওকান কৰি ল’ৰাজন হাবিৰ মাজলৈ বুলি আগবাঢ়িল।

 

ল’ৰাজনে হাবিৰ মাজত ভাল চাই গছ এজোপা বিচাৰি লৈ কাটিবলৈ আৰম্ভ কৰিছিলহে মাত্ৰ, তেনেতে তাৰ নিজৰ ভুলৰ বাবেই কুঠাৰৰ চাবটো গৈ নিজৰ বাহুতে লাগিল আৰু বাহুত আঘাত সানিলেগৈ। ফলত কাঠ কটা কাম তাতে এৰি থৈ সি আঘাতপ্ৰাপ্ত বাহুটো বান্ধি ল’বৰ বাবে দৌৰাদৌৰিকি ঘৰমূৱা হ’ল। আচলতে এই ঘটনাটো সৰুফুটীয়া বুঢ়াৰ ইচ্ছাতে সংঘটিত হৈছিল!

 

বৰ পুত্ৰ আঘাতপ্ৰাপ্ত হৈ উভতি অহাৰ পিছত দ্বিতীয় পুত্ৰই কাঠ কাটিবলৈ বুলি হাবিলৈ ওলাল। এইবাৰো মাকে  ডাঙৰজন পুত্ৰক দিয়াৰ দৰে মাজু পুত্ৰকো কেক আৰু মদিৰাৰ বটল লগত দি পঠালে। কিছুদুৰ যোৱাৰ পিছত দ্বিতীয় ল’ৰাজনেও সেই সৰুফুটীয়া ধূসৰ চুলিৰ বুঢ়া মানুহজন লগ পালে। তেওঁক দেখাৰ লগে লগে  ডাঙৰজন ল’ৰাক খোজাৰ দৰে মাজু ল’ৰাজনকো কেক এটুকুৰা আৰু মদিৰা অলপ বিচাৰিলে। কিন্তু দ্বিতীয় পুত্ৰও দিবলৈ  অসন্মতি জনাই কৈ উঠিল, "মই তোমাক দিয়া মানে মোৰখিনি শেষ কৰি লোৱা। গতিকে মই তোমাক দিব নোৱাৰোঁ, মোৰ ৰাস্তাৰ পৰা আঁতৰি যোৱা।" ল’ৰাটোৰ কথা শুনি বুঢ়া মানুহজন অসন্তোষ্ট মনেৰে ঠাইতে থিয় হৈ থাকিল।  ল’ৰাজন আগবাঢ়ি গ’ল যদিও কিন্তু শাস্তি পোৱাত অৱশ্যেই পলম হোৱা নাছিল। যেতিয়া তেওঁ কাটিবলগীয়া গছজোপাত কেইঘাপমান মাৰিছিল, তেতিয়াই তেওঁ ভুলবশতঃ নিজৰ ভৰিতে আঘাত হানিছিল। ফলত দ্বিতীয়জন ল’ৰাইও কটা ঘাঁ টুকুৰাৰ যত্ন ল’বলৈ বুলি তৎক্ষণাত ঘৰলৈ ঘূৰি যাবলগীয়া হৈছিল। 

 

ককায়েক দুজনৰ অৱস্থা দেখি সৰু পুতেক মূৰুখে দেউতাকৰ ওচৰলৈ আহি ক’লে, "দেউতা, মোক কাঠ কাটিবলৈ হাবিলৈ যাবলৈ দিয়ক।" পিতৃয়ে উত্তৰ দিলে, "তোমাৰ ককায়েৰা দুজনৰ কাঠ কাটিবলৈ গৈ কি অৱস্থা হ’ল দেখিলা নহয়! তোমাৰো এই বিষয়ত তেনে কোনো অভিজ্ঞতা নাই, গতিকে তোমাৰ দ্বাৰাও এই কাম নহ’ব । যোৱাৰ আশা মনৰ পৰা আঁতৰাই দিয়া।“ ……কিন্তু মূৰুখে ইমান নেৰানেপেৰাকৈ লাগিল যে অৱশেষত দেউতাকে সন্মতি জনাবলৈ বাধ্য হৈ ক’লে, "তেন্তে যোৱা, ….যেতিয়া আঘাত পাবা, তেতিয়াহে তোমাৰ মূৰত বুদ্ধিৰ উদয় হ’ব।" আগৰ দুবাৰৰ দৰে এইবাৰো মাকে সৰু পুতেকক হাবিৰ মাজত খাবলৈ বুলি পানীৰে বনাই চিণ্ডাৰত বেক কৰা কেক এটা আৰু তাৰ লগত টেঙা বিয়েৰৰ বটল এটা দিলে।

 

হাবিলৈ আহি সৰু ল’ৰাটোৱেও ককায়েকহঁতে লগ পোৱাৰ দৰে ধূসৰ চুলিৰ সেই সৰুফুটীয়া বুঢ়া মানুহজনক লগ পালে। ল’ৰাটোক দেখাৰ লগে লগে বুঢ়াই সম্ভাষণ জনালে আৰু ক'লে, "মোৰ ইমান ভোক আৰু পিয়াহ লাগিছে, তোমাৰ ভাগৰ কেকৰ টুকুৰা এটা আৰু তোমাৰ বটলৰ পৰা পানীয় অলপ মোক দিয়া।"   

 

মূৰুখে উত্তৰ দিলে, "মোৰ হাতত মাত্ৰ এটা চিণ্ডাৰ-কেক আৰু এবটল টেঙা বিয়েৰহে আছে। যদি সেইয়াকে খাবলৈ আপুনি বেয়া নাপায়, তেন্তে আমি দুয়ো খাবলৈ বুলি বহিব পাৰোঁ।“ বুঢ়াই সন্মতি জনোৱাত ল’ৰাটোৱে চিণ্ডাৰ-কেকটো উলিয়াই আনিলে। কিন্তু কি আচৰিত, সেইটো আছিল এটা ধুনীয়া মিঠা কেকহে আৰু টেঙা বিয়েৰখিনি   সোৱাদযুক্ত মদিৰালৈ ৰূপান্তৰিত হৈছিল। গতিকে তেওঁলোক দুয়ো বহি লৈ সেইখিনি পৰম আনন্দৰে গ্ৰহণ কৰিলে। খাই উঠি বুঢ়াই সন্তোষ্ট মনেৰে কৈ উঠিল, "তুমি বৰ দয়ালু অন্তৰৰ আৰু সেয়ে তুমি তোমাৰ ওচৰত যি আছে তাকে ভাগ কৰিবলৈ ইচ্ছুক হ’লা। …..সেয়ে মই তোমাক সৌভাগ্য প্ৰদান কৰিবলৈ বিচাৰোঁ। সৌ তাতে এজোপা পুৰণি গছ আছে, সেইজোপা কাটিলে তাৰ শিপাত তুমি কিবা এটা পাবা ….।“ তাকে কৈ বুঢ়া মানুহজনে তেওঁৰ পৰা বিদায় লৈ আঁতৰি গ’ল।

 

মূৰুখে আগবাঢ়ি গৈ বুঢ়াই দেখাই যোৱা গছজোপা কাটিবলৈ ধৰিলে…। কটা হ’লত যেতিয়া গছজোপা হাউলি পৰি গ’ল তেতিয়া মূৰুখে গছজোপাৰ শিপাত বিশুদ্ধ সোণৰ পাখিৰে ৰাজহাঁহ এটা বহি থকা দেখা পালে। সি তৎক্ষণাত তাইক দুহাতেৰে তুলি ল’লে আৰু তাইক লৈ ৰাতিটো কটাবলৈ বুলি চৰাইখানা এটালৈ গ’ল। চৰাইখানাটোৰ গৃহস্থৰ তিনিগৰাকী কন্যা আছিল। সোণৰ পাখিৰ ৰাজহাঁহটো দেখি কন্যাকেইগৰাকী বৰ আচৰিত হ’ল আৰু চৰাইটোৰ বিষয়ে জানিবলৈ কৌতূহলী হৈ পৰিল। তেওঁলোকে হাঁহটোৰ সোণালী পাখি এটা পাবলৈও মনতে বাঞ্চা কৰিবলৈ ধৰিলে। 

 

ডাঙৰ কন্যা গৰাকীয়ে হাঁহটোৰ সোণালী পাখি এটা যেনেতেনে লোৱাৰ সুযোগ এটা বিচাৰিবলৈ ধৰিলে। তেনেতে কিবা কামৰ বাবে মূৰুখ কোঠাটোৰ পৰা ওলাই যোৱাৰ লগে লগে তাই হাঁহটোৰ ডেউকাত হাত দিলেগৈ। কিন্তু তাইৰ হাতখন হাঁহটোৰ গাত লিপিত খাই টানকৈ লাগি ধৰিলে।

 

দ্বিতীয় কন্যা গৰাকীয়েও নিজৰ বাবে সোণৰ পাখি এটা কেনেকৈ পাব পাৰে তাকে ভাবি আগবাঢ়ি গ’ল। কিন্তু বায়েকৰ গাত তাইৰ হাতখন সামান্য লাগিলতেই তাইয়ো বায়েকৰ গাতে আট খাই লাগি ধৰিলে।

 

অৱশেষত তৃতীয় কন্যা গৰাকীয়েও একে উদ্দেশ্যেৰে আগবাঢ়ি গ’ল। বাকীবোৰে চিঞৰি উঠিল, "আঁতৰি আহক;  আঁতৰি আহক…..ভগৱানৰ দোহাই আঁতৰি আহক! নহ'লে আপোনাৰ অৱস্থাও আপোনাৰ বায়েক দুগৰাকীৰ দৰেই হ'ব।" কিন্তু তাই কিয় আঁতৰি থাকিব লাগে একো বুজি নাপালে। তাই ভাবিলে তাইৰ বায়েক দুজনী তাত আছে যেতিয়া তাইনো কিয় থাকিব নোৱাৰিব? সেয়ে তাইয়ো সিহঁতৰ ওচৰলৈ দৌৰি গ’ল। কিন্তু সৰু বায়েকক স্পৰ্শ কৰাৰ লগে লগেই তাইও বায়েকৰ গাতে লিপিত খাই লাগি ধৰিলে। গতিকে হাঁহটোৰ লগতে সিহঁত তিনিওজনীয়ে ৰাতিটো কটাবলগীয়া হ’ল।

 

পিছদিনা ৰাতিপুৱা মূৰুখে ছোৱালী তিনিজনীক একো আমনি নিদিয়াকৈ ৰাজহাঁহটো বাহুৰ তলত লৈ ঘৰলৈ বুলি ৰাওনা হ’ল। ছোৱালীকেইজনীয়ো এবাৰ বাওঁফালে, এবাৰ সোঁফালে কৰি তেওঁ যি ফালে যাবলৈ ইচ্ছা কৰিছিল, সেই ফালেই তেওঁৰ পিছে পিছে অহৰহ দৌৰিবলৈ বাধ্য হৈছিল।

 

তেওঁলোকে এনে অৱস্থাৰে পথাৰ এখনৰ মাজেৰে গৈ থাকোতে মানুহ এজনে দেখা পাই মাত লগালে, "চিঃ ! বৰ লাজৰ কথা! তোমালোক ছোৱালীকেইজনীয়ে এইদৰে ডেকাজনৰ পিছে পিছে কিয় পথাৰ মাজে মাজে দৌৰিছা? তোমালোকৰ কৰিবলগীয়া আন কাম নাই নেকি।" এইবুলি কৈয়ে মানুহজনে সৰু ছোৱালীজনীক আঁতৰাই আনিবলৈ বুলি তাইৰ হাতখনত ধৰিবলৈ বুলি আগবাঢ়ি গ’ল। কিন্তু সি তাইৰ হাতখন স্পৰ্শ কৰাৰ লগে লগেই ছোৱালীজনীৰ গাত টানকৈ লাগি ধৰিলে আৰু নিজেই শোভাযাত্ৰাটোৰ পিছে পিছে দৌৰিবলৈ বাধ্য হ’ল।  

 

তেনেতে গীৰ্জা ঘৰৰ সহায়কাৰী ব্যক্তিজনে তিনিগৰাকী ছোৱালীৰ পিছফালে দৌৰি থকা তেওঁৰ মালিকক দেখি আচৰিত হৈ মাত লগালে, “হেৰি মান্যবৰ, ইমান খৰখেদাকৈ আপুনি কোনফালে যায়? আজি যে আমাৰ চাৰ্চৰ অনুষ্ঠান এটি আছে, সেয়া পাহৰি নাযাব!"….এইবুলি কৈয়েই তেওঁ পিছে পিছে দৌৰি গৈ মানুহজনৰ কামিজৰ হাতত ধৰিবলৈ চেষ্টা কৰিলে আৰু লগে লগেই তেওঁও মানুহজনৰ গাতে লাগি ধৰিলে।

 

পাঁচজনে এইদৰে ইজনে সিজনক ধৰি দৌৰি থকাৰ সময়তে,  হাতত কোদাল লৈ পথাৰৰ কামৰ পৰা উভতি অহা শ্ৰমিক দুজনক দেখা পালে। শ্ৰমিক দুজনক দেখা পাইয়েই মানুহজনে তেওঁক আৰু গীৰ্জা ঘৰৰ সহায়কাৰীজনক মুক্ত কৰি দিবলৈ বুলি কাতৰ অনুৰোধ কৰিলে । তেওঁৰ কথা মতে সহায় কৰিবলৈ বুলি শ্ৰমিক দুজন আগবাঢ়ি আহিল আৰু তেওঁলোকক জোৰেৰে ধৰি ৰখাৰ উদ্দেশ্যৰে গীৰ্জা ঘৰৰ সহায়কাৰীজনৰ গাত স্পৰ্শ কৰাৰ লগে লগেই তেওঁলোক দুজনো সহায়কাৰীজনৰ গাতে আট খাই লাগি ধৰিল। এতিয়া মুঠ সাতজনেই মূৰুখ আৰু হাঁহটোৰ পিছে পিছে দৌৰিবলৈ ধৰিলে…..।

 

এনেকৈ আহি আহি অলপ পিছতে শোভাযাত্ৰাটো এখন চহৰত উপস্থিত হৈছিলহি। সেইখন চহৰৰ শাসনত থকা ৰজাৰ এগৰাকী কন্যা সন্তান আছিল। কন্যাগৰাকী অতি গহীন প্ৰকৃতিৰ আছিল আৰু গুৰুত্বপূৰ্ণ কথাটো হ’ল যে তেওঁক কোনেও হহোঁৱাব পৰা নাছিল। সেয়ে ৰজাই এটা আদেশ জাৰি কৰিছিল যে যিয়ে তেওঁৰ কন্যাক হহোঁৱাব পাৰিব, তেওঁলৈকে তাইক বিয়া দিব।

 

মূৰুখে সেই কথা শুনি নিজৰ ৰাজহাঁহটো আৰু পিছে পিছে আহি থকা শোভাযাত্ৰাটো লৈ ৰজাৰ ছোৱালীজনীৰ আগত উপস্থিত হ’লগৈ। ৰাজকন্যাই যেতিয়া এজনৰ পিছত আনজনকৈ সাতজন মানুহ দৌৰি গৈ থকা দেখিলে, তাই হাঁহি ৰাখিব নোৱাৰি যথেষ্ট জোৰকৈৱে হাঁহিবলৈ ধৰিলে।

 

তাকে দেখি মূৰুখে ৰাজকন্যাক পত্নী হিচাপে গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। ৰজাই নিজৰ বচন ৰক্ষা কৰি অতি ধুমধামেৰে নিজ কন্যাক মূৰুখলৈ বিয়া দিলে। 

 

ৰজাৰ মৃত্যুৰ পিছত মূৰুখে ৰাজ্যখনৰ উত্তৰাধিকাৰী হৈ দীৰ্ঘদিন ধৰি ৰাজ্য শাসন কৰি পত্নীৰে সৈতে সুখে-সন্তোষে দিন অতিবাহিত কৰিছিল।


************

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page